ডফলা পাহাৰ
অৱয়ব
ডফলা বা ডাফলা পাহাৰ ইংৰাজী: Dafla Hills হৈছে পশ্চিম অৰুণাচল প্ৰদেশ আৰু অসমৰ সীমান্তত থকা এটা পাহাৰীয়া অঞ্চল য'ত ডফলা নামৰ এটা স্বতন্ত্ৰ জনগোষ্ঠীয়ে বসবাস কৰিছিল। এই অঞ্চল তেজপুৰ আৰু উত্তৰ লখিমপুৰ মহকুমাৰ উত্তৰে অৱস্থিত আৰু ইয়াৰ পশ্চিমে অকা পাহাৰ আৰু পূবে আবৰ পাহাৰ। ১৮৭২ চনত স্বাধীন ডফলাৰ এটা দলে ব্ৰিটিছ ভূ-খণ্ডৰ আমটোলাত থকা নিজৰ জনজাতিৰ লোকৰ এটা বসতিস্থলত হঠাতে আক্ৰমণ কৰি ৪৪ জন বন্দীক পাহাৰলৈ লৈ যায়। ইয়াৰ ফলত ১৮৭৪ চনত ডফলা অভিযান আৰম্ভ হয় আৰু ইয়াৰপৰা ১০০০ সৈন্যই বন্দীসকলক মুক্ত কৰি জনগোষ্ঠীটোক বশ কৰি পেলায়। [1][2]
তথ্যৰ উৎস
[সম্পাদনা কৰক]- ↑ Sharma, N.; Shukla, Surya Pal (1992-01-01) (en ভাষাত). Geography and Development of Hill Areas: A Case Study of Arunachal Pradesh. Mittal Publications. ISBN 9788170993834. https://books.google.com/books?id=4LZN5ewzQ8AC&q=Daphla+Hills&pg=PA6.
- ↑ One or more of the preceding sentences incorporates text from a publication now in the public domain: Chisholm, Hugh, ed. (1911). "Daphla Hills". Encyclopædia Britannica. 7 (11th ed.). Cambridge University Press. p. 825.