ডলী আহলুৱালিয়া
ডলী আহলুৱালিয়া | |
---|---|
![]() | |
পেচা | অভিনেত্ৰী, পোচাক ডিজাইনাৰ |
সক্ৰিয় হৈ থকা সময় | ১৯৯৩- বৰ্তমান |
বঁটা, সন্মান, পুৰস্কাৰ আদি | তালিকা |
ডলী আহলুৱালিয়া (ইংৰাজী: Dolly Ahluwalia) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু সাজ-পোছাক ডিজাইনাৰ। ২০০১ চনত তেওঁ সাজ-পোছাকৰ ডিজাইনৰ বাবে সংগীত নাটক একাডেমী বঁটা[1] আৰু লগতে তিনিটা ফিল্মফেয়াৰ আৰু তিনিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ ভিতৰত আছে- বেণ্ডিট কুইন (১৯৯৩) আৰু হাইদৰৰ (২০১৪) বাবে শ্ৰেষ্ঠ সাজ-পোছাক ডিজাইন বঁটা আৰু বিকি ড'নাৰৰ (২০১২) বাবে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী বঁটা।[2]
কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৭৯ চনত স্নাতক ডিগ্ৰী লাভ কৰা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী অহলুৱালিয়াই থিয়েটাৰৰ বাবে সাজ-পোছাক ডিজাইন কৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ ১৯৯৩ চনত শেখৰ কাপুৰৰ বেণ্ডিট কুইনৰ সৈতে চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰে আৰু এই ছবিখনে শ্ৰেষ্ঠ সাজ-পোছাক ডিজাইনৰ প্ৰথমটো ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা তেওঁলৈ কঢ়িয়াই আনে।[3] ইয়াৰ পিছত তেওঁ বিশাল ভৰদ্বাজৰ দৰে উল্লেখনীয় পৰিচালকৰ দ্য ব্লু আম্ব্ৰেলা (২০০৫), ওমকাৰা (২০০৬), ব্লাড ব্ৰাদাৰ্ছ (২০০৭), কামিনী (২০০৯) আৰু হাইদৰত (২০১৪) আৰু দীপা মেহতাৰ ৱাটাৰ (২০০৫) আৰু মিডনাইটছ চিলড্ৰেনত (২০১২) পোচাক ডিজাইন কৰে। বলীউডৰ মূলসুঁতিৰ ছবিৰ সৈতে কাম কৰাৰ উপৰিও লাভ আজ কাল (২০০৯), লভ শুভ তে চিকেন খুৰানা (২০১২) আৰু ৰাকেশ ওমপ্ৰকাশ মেহৰাৰ ভাগ মিলখা ভাগতো (২০১৩) কাম কৰে।[4]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Drama - Costume Design Archived 24 November 2007 at the Wayback Machine || Sangeet Natak Akademi Official listings.
- ↑ "Dolly Ahluwalia gets nostalgic about Bandit Queen". The Indian Express. 2 July 2013. http://www.indianexpress.com/news/dolly-ahluwalia-gets-nostalgic-about-bandit-queen/1136667/। আহৰণ কৰা হৈছে: 26 July 2013.
- ↑ "Dolly Ahluwalia dresses up Shahid Kapoor in 'Haider'". The Times of India. 7 February 2014. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news-interviews/Dolly-Ahluwalia-dresses-up-Shahid-Kapoor-in-Haider/articleshow/29953446.cms। আহৰণ কৰা হৈছে: 24 August 2014.
- ↑ "I'm a costume designer first: Dolly Ahluwalia". Hindustan Times. 26 July 2013. Archived from the original on 25 December 2013. https://web.archive.org/web/20131225101830/http://www.hindustantimes.com/Entertainment/Bollywood/I-m-a-costume-designer-first-Dolly-Ahluwalia/Article1-1098661.aspx। আহৰণ কৰা হৈছে: 26 July 2013.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ডলী আহলুৱালিয়া সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ডলী আহলুৱালিয়া সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য