ডলী কিকন
| ডলী কিকন | |
|---|---|
| জন্ম | ১৯৭৫ (বয়স ৪৯–৫০) |
| নাগৰিকত্ব | ভাৰতীয় |
| শৈক্ষিক পটভূমি | |
| মাতৃশিক্ষানুষ্ঠান | ষ্টেনফৰ্ড বিশ্ববিদ্যালয়, হংকং বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়, দিল্লী বিশ্ববিদ্যালয়। |
| শৈক্ষিক কৰ্ম | |
| শাখা | নৃতত্ত্ব |
| উপ শাখা | উন্নয়ন অধ্যয়ন |
| মূল আগ্ৰহ | লিংগ, ৰাষ্ট্ৰৰ নৃতত্ত্ব, নাগৰিকত্ব, মানৱ অধিকাৰ, প্ৰব্ৰজন, সম্পদৰ সংঘাত, খাদ্য অধ্যয়ন। |
ডলী কিকন ইংৰাজী: : Dolly Kikon ;ভাৰতৰ নাগালেণ্ডৰ এগৰাকী খিলঞ্জীয়া নৃতত্ত্ববিদ আৰু লেখিকা। ছান্টা ক্ৰুজৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ অধ্যাপিকা আছিল। ইয়াৰ পূৰ্বে তেওঁ মেলবৰ্ণ বিশ্ববিদ্যালয়ৰ নৃতত্ত্বৰ সহযোগী অধ্যাপিকা[1] আৰু অষ্ট্ৰেলিয়া ইণ্ডিয়া ইনষ্টিটিউটৰ জ্যেষ্ঠ গৱেষণা উপদেষ্টা আছিল, ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত গৱেষণা আৰু নীতিগত পদক্ষেপত জড়িত আছিল।[2] তেওঁ দ্য ইণ্ডিয়া ফ'ৰামৰ উপদেষ্টা পৰিষদত কাৰ্যনিৰ্বাহ কৰে।[3]
শিক্ষা
[সম্পাদনা কৰক]১৯৯৭ চনত কিকনে দিল্লী বিশ্ববিদ্যালয়ৰ মিৰাণ্ডা হাউচ কলেজৰ পৰা ইতিহাসত সন্মান সহ বি.এ.ডিগ্ৰী লাভ কৰে।[4][5] ২০০১ চনত দিল্লী বিশ্ববিদ্যালয়ৰ কেম্পাছ ল চেণ্টাৰৰ পৰা এল.এল.বি সম্পূৰ্ণ কৰে। ইয়াৰ পিছত হংকং ইউনিভাৰ্চিটি অৱ চাইন্স এণ্ড টেকন’লজিলৈ গৈ এম ফিলৰ বাবে অধ্যয়ন আৰম্ভ কৰে। তেওঁৰ গৱেষণা পত্ৰখনৰ শিৰোনাম আছিল আপোচ কৰা গণতন্ত্ৰ আৰু অংশগ্ৰহণৰ ৰাজনীতি: উত্তৰ-পূব ভাৰতৰ নগা জনগোষ্ঠীৰ এটা কেছ ষ্টাডি (২০০২-২০০৪)। এই থিছিছত ভাৰতীয় নিৰ্বাচনী ব্যৱস্থাত নগা জনসাধাৰণৰ অংশগ্ৰহণ, ভাৰতীয় নিৰাপত্তা বাহিনীৰ উন্নয়নমূলক পদক্ষেপ আৰু ভাৰত-নগা যুদ্ধবিৰতি আলোচনাৰ বিষয়ে পৰীক্ষা কৰা হৈছিল।[6]
তেওঁ ২০১৩ চনত ষ্টেনফ'ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা সমাজ আৰু সাংস্কৃতিক নৃতত্ত্বত ডক্টৰেট উপাধি অৰ্জন কৰে। তেওঁৰ প্ৰবন্ধ "Disturbed Areas Act: Anxiety, Intimacy and the State in Northeast India"-ত সমকালীন ভাৰতৰ ৰাজ্য গঠন প্ৰক্ৰিয়া আৰু ফ'টহিল অঞ্চলৰ লোকসকলৰ সাংস্কৃতিক-ৰাজনৈতিক ভূমিকা লৈ কৰা সংযোগ আৰু প্ৰতিবাদৰ বিষয়ে আলোচনা কৰা হৈছে।[7] উক্ত বিষয়বস্তু ওপৰত অধ্যয়নৰ সময়ত, তেওঁ ডিচাৰ্টেচন ফিল্ডৱৰ্ক গ্ৰাণ্ট,[8] ষ্টেনফৰ্ড ইন্টাৰডিচিপ্লিনেৰী গ্ৰেজুৱেট ফেল'শ্বিপ, চেণ্টাৰ ফৰ চাউথ এছিয়া কমিউনিটি চাৰ্ভিচ ফেল'শ্বিপ (ষ্টেনফৰ্ড বিশ্ববিদ্যালয়) আৰু মেলন ফাউণ্ডেশ্যন ডিচাৰ্টেচন ফেল'শ্বিপ লাভ কৰিছিল।
কৰ্ম জীৱন
[সম্পাদনা কৰক]২০২৪ চনত কিকনে ইউচিএছচিৰ নৃতত্ত্ব বিভাগত অধ্যাপক আৰু চেনেটৰ অধ্যাপক হিচাপে যোগদান কৰে।[9][10] ২০২৪ চনৰ পৰা কিকন ইউচিএছচিৰ চেণ্টাৰ ফৰ চাউথ এছিয়ান ষ্টাডিজৰ পৰিচালক হয়।[11]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]ডলী কিকন লোথা নাগা পৰিয়ালৰ এজন সদস্য। তেওঁৰ পিতৃ-পিতামহৰ গাঁও খনৰ নাম চুঙিকি , যি খন ৱখা জিলা অৱস্থিত। তেওঁৰ মাতৃ ম্হালো কিকন অসমৰ গোলাঘাট মিছন গাৰ্লছ হাইস্কুলত শিক্ষাগ্ৰহণ কৰিছিল, আৰু সেই খন আমেৰিকান মিছনাৰীৰ দ্বাৰা স্থাপিত হৈছিল। তেওঁৰ পিতা ৱোপানছাও কিকন কৈহিমাত শিক্ষাগ্ৰহণ কৰিছিল আৰু যুৱ অৱস্থাত বিভিন্ন নাগা দলৰ হৈ ফুটবল খেলিছিল।
কিকনৰ মাতৃৰ ফালৰ ককা-আইতাক এনজিঅ’ হুম্চোয়ে আৰু অপনলুমী হুম্চোয়ে দুয়োজনে ব্যাপটিস্ট পাষ্টৰ আছিল। বৰ্তমান, ৱখা জিলাৰ লোথা ব্যাপটিস্ট মিছন তেওঁলোকক খ্রীষ্টান ধৰ্ম প্রচাৰৰ পথপ্ৰদৰ্শক হিচাপে স্বীকৃতি দিয়ে। তেওঁলোক আৰু তেওঁলোকৰ সহকৰ্মীসকলে চুঙিকি গাঁও আৰু ৱখা চহৰত খ্রীষ্টান বিশ্বাস প্ৰতিষ্ঠা কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল।
কিকনৰ পিতৃ ফালৰ ককা লুক কিকন এজন মেডিকেল কম্পাউণ্ডাৰ আছিল আৰু তেওঁৰ আইতা অ'ৰেনো কিকন এগৰাকী ব্যৱসায়ী আছিল, যিয়ে ৱখা চহৰত প্ৰথমগৰাকী মহিলা ব্যৱসায়ী হিচাপে দোকান স্থাপন কৰিছিল।[12]
কিকনে সঞ্জয় বাৰবৰা সৈতে বিবাহপাশত আবদ্ধ হয়, তেওঁ পূৰ্বে টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল চাইন্সেছত [5] আৰু বৰ্তমান কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, চান্টা ক্ৰুজৰ সমাজবিজ্ঞান বিভাগত অধ্যাপনা কৰি আছে।[13]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ "Dr Dolly Kikon". https://findanexpert.unimelb.edu.au/profile/774007-dolly-kikon.
- ↑ Krocha, Vishü Rita (9 January 2020). "Social relations are based on respect, equality and partnerships: Dolly Kikon". The Morung Express. https://www.morungexpress.com/social-relations-are-based-respect-equality-and-partnerships-dolly-kikon.
- ↑ "The Council of Advisors" (en ভাষাত). The India Forum. 2019-02-25. https://www.theindiaforum.in/council-advisors। আহৰণ কৰা হৈছে: 2020-02-01.
- ↑ K.B, Pragati (2020-11-06). "Oppressive hierarchies in India are reiterated through everyday mundane experiences like food" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/society/politics-on-my-plate-anthropologist-dolly-kikon-examines-the-politics-of-food/article33038386.ece.
- ↑ 5.0 5.1 Laishram, Indira (2 March 2021). "Dolly Kikon's four continent life experience". The Indian Sun. https://www.theindiansun.com.au/2021/03/02/learning-curve-meet-anthropologist-writer-filmmaker-dolly-kikon/। আহৰণ কৰা হৈছে: 30 August 2024.
- ↑ Kikon, Dolly (2004). "Compromised democracy and the politics of participation : a case study of the Naga people from Northeast India" (English ভাষাত). repository.ust.hk. Archived from the original on 2020-02-13. https://web.archive.org/web/20200213155003/http://repository.ust.hk/ir/Record/1783.1-5543। আহৰণ কৰা হৈছে: 2020-02-13.
- ↑ Kikon, Dolly (2013). Disturbed area acts anxiety, intimacy, and the state in Northeast India / (Thesis). https://searchworks.stanford.edu/view/10221163.
- ↑ "Kikon, Dolly | The Wenner-Gren Foundation". www.wennergren.org. http://www.wennergren.org/grantees/kikon-dolly-0। আহৰণ কৰা হৈছে: 2020-02-01.[সংযোগবিহীন উৎস]
- ↑ https://apo.ucsc.edu/advancement/forms/docs/web-new-hires-rept.pdf
- ↑ "Senate Faculty". anthro.ucsc.edu. https://anthro.ucsc.edu/faculty/index.php?uid=dkikon। আহৰণ কৰা হৈছে: 2024-08-30.
- ↑ "Faculty | CSAS". csas.ucsc.edu. https://csas.ucsc.edu/faculty/। আহৰণ কৰা হৈছে: 2024-08-30.
- ↑ Kikon, Dolly; Karlsson, Bengt G. (2019). Leaving the land: Indigenous Migration and Affective Labour in India. প্ৰকাশক New Delhi: Cambridge University Press. পৃষ্ঠা. 116. ISBN 9781108494427.
- ↑ "Sanjay Barbora: UCSC Sociology faculty". sociology.ucsc.edu. https://sociology.ucsc.edu/about/directory-faculty.php?uid=sbarbora। আহৰণ কৰা হৈছে: 2024-08-30.