ডল্লু কুনিথা

ডল্লু কুনিথা ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ এক পৰম্পৰাগত নৃত্য। ইয়াক কৰ্ণাটকৰ ঢোল নৃত্য বুলিও জনা যায়।[1] কৰ্ণাটকৰ এই জনপ্ৰিয় লোকনৃত্য শ্ৰী বিৰালিংগেশ্বৰৰ পূজাৰ লগত জড়িত, যিজনক ভগৱান শিৱৰ ৰূপ বুলি গণ্য কৰা হয়।[2] এই নৃত্যটো মূলতঃ উত্তৰ কৰ্ণাটকৰ কুৰুবা গৌড়া সম্প্ৰদায়ৰ আচাৰ-ব্যৱহাৰৰ এটা অংশ।[2]
উৎপত্তি
[সম্পাদনা কৰক]কৰ্ণাটকৰ সকলো ভগৱান বীৰেশ্বৰৰ মন্দিৰত উপস্থিত থকা পৰম্পৰাগত বাদ্য ডল্লুৰ পৰা ডল্লু কুনিথা নামটো উদ্ভৱ হৈছে। ভগৱান বীৰেশ্বৰ আৰু দোল্লা-সুৰৰ লোককথাৰ আধাৰত এই নৃত্য, যাক হালুমাথা পুৰাণ বা কুৰুবা পুৰাণ বুলিও কোৱা হয়।[1] কিংবদন্তি অনুসৰি, যেতিয়া দোলা-আসুৰ দানৱে শিৱক ভক্তিৰে পূজা কৰিছিল, তেতিয়া শিৱ তেওঁৰ সন্মুখত উপস্থিত হৈ, সন্তুষ্ট হৈ তেওঁক বৰদান কৰিবলৈ অনুৰোধ কৰিছিল; ইয়াৰ প্ৰত্যুত্তৰত অসুৰে অমৰত্ব লাভ কৰিবলৈ বা শিৱক গ্ৰাস কৰিব পৰাৰ বৰ লাভ কৰিবলৈ ইচ্ছা কৰিছিল। কিন্তু ভগৱান শিৱই তেওঁক অমৰত্বৰ বৰদান দিবলৈ অস্বীকাৰ কৰিলে। ক্ৰোধিত হৈ সেই অসুৰে শিৱক গ্ৰাস কৰিলে। কিন্তু পেটত সোমাই থাকিও শিৱৰ আকাৰ বাঢ়ি গৈ থাকিল। বেদনা সহ্য কৰিব নোৱাৰি অসুৰে শিৱক ওলাই আহিবলৈ অনুৰোধ কৰিলে। শিৱই সেই অসুৰক বধ কৰি তেওঁৰ শৰীৰ কাটি ওলাই আহি অসুৰৰ ছালৰ পৰা ঢোল নামৰ বাদ্যযন্ত্ৰ সাজি ভক্তক আশীৰ্বাদ হিচাপে দিলে।[1][2] এই কাহিনীটো ডল্লু কুনিথা নৃত্যৰ জৰিয়তে কোৱা হৈছে।
নৃত্য প্ৰদৰ্শন
[সম্পাদনা কৰক]ডল্লু কুনিথা নৃত্য মূলতঃ ১০ৰ পৰা ১২জনীয়া দলত পৰিবেশন কৰা হয়। পুৰুষ-মহিলা উভয়েই ডল্লু কুনিথা গোটৰ অংশ হ’ব পাৰে।[2] এই নৃত্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ হৈছে ঢোল বাদ্যযন্ত্ৰ।
ডল্লু কুনিথা নৃত্যত গধুৰ ঢোলৰ সংগীতত ঘণ্টাৰ পিছত ঘণ্টা নৃত্য কৰাটো জড়িত হৈ থকাৰ বাবে যথেষ্ট ষ্টেমিনা আৰু ধৈৰ্য্যৰ প্ৰয়োজন। সাধাৰণতে বৃত্তাকাৰ বা অৰ্ধবৃত্তাকাৰ গঠনত পৰিবেশন কৰা নৃত্যশিল্পীসকলে নৃত্য প্ৰদৰ্শন কৰাৰ বিপৰীতে ঢোলবাদকসকলে ঢোল বজাই গান গায়।[2] উত্তৰ কৰ্ণাটকৰ কুৰুবা গৌড়া সম্প্ৰদায়ে এই কিংবদন্তি অনুসৰণ কৰি প্ৰাচীন কালৰে পৰা এই নৃত্যৰ ৰূপ বজাই ৰাখিছে। উৎসৱৰ বতৰত কৰ্ণাটকত ইয়াক অতি জনপ্ৰিয় অনুষ্ঠান বুলি গণ্য কৰা হয়।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 "Dollu Kunitha Folk Dance, Karnataka". https://www.gosahin.com/places-to-visit/dollu-kunitha.
- ↑ 2.0 2.1 2.2 2.3 2.4 "Dollu Kunitha (Drum Dance)". karnatakatourism.org. https://karnatakatourism.org/destinations/dollu-kunitha-drum-dance/। আহৰণ কৰা হৈছে: 22 February 2024.