ডলৰেছ চাভেজ ডি আৰ্মিজো
ড'ল'ৰেছ এলিজাবেথ "লোলা" চাভেজ ডি আৰ্মিজো (ইংৰাজী: Dolores Chávez de Armijo(ইংৰাজী: ১৮৫৮ চনত নিউ মেক্সিকোৰ আলবাকুৱেৰকত জন্মগ্ৰহণ কৰা, ১৯২৯ চনত নিউ মেক্সিকোৰ চান্টা ফেত মৃত্যু) নিউ মেক্সিকোৰ এগৰাকী ৰাজ্যিক পুথিভঁড়ালী আছিল।[1] ১৯১২ চনত নিউ মেক্সিকোৰ গৱৰ্ণৰ উইলিয়াম চি মেকড'নাল্ডে দাবী কৰে যে নিউ মেক্সিকোৰ সংবিধান আৰু আইন অনুসৰি মহিলাসকল পদবী লাভ কৰিবলৈ অযোগ্য৷ সেইবাবে আদালতৰ আদেশ ব্যৱহাৰ কৰি ড'ল'ৰেছৰ ঠাইত নিযুক্তি দিবলৈ চেষ্টা কৰে।[1][2][3] তেওঁ তাইৰ ঠাইত এজন পুৰুষ বন্ধুক নিযুক্তি দিব বিচাৰিছিল যাৰ ওচৰত তেওঁৰ ৰাজনৈতিক অনুগ্ৰহৰ ঋণী আছিল।[1]ইয়াৰ উত্তৰত ডলৰেছে নিউ মেক্সিকো উচ্চতম ন্যায়ালয়ত গোচৰ তৰে (ষ্টেট বনাম ডি আৰ্মিজো ১৯১৪-এনএমএছচি-০২১)৷ আদালতে তেওঁৰ পক্ষত ৰায় দিয়ে, তেওঁক নিজৰ পদবী ৰাখিবলৈ অনুমতি দিয়ে আৰু পৰৱৰ্তী আইন প্ৰণয়নে মহিলাসকলক নিউ মেক্সিকোত নিযুক্ত পদবী গ্ৰহণ কৰাৰ অধিকাৰ প্ৰদান কৰে।[1][2] ড'ল'ৰেছ আছিল নিউ মেক্সিকোত ৰাজ্যজুৰি সেৱা আগবঢ়োৱা প্ৰথমগৰাকী মহিলা আৰু প্ৰথম হিস্পানিক মহিলা।[4]
তেওঁৰ পিতৃ জোচে ফ্ৰান্সিস্কো চাভেছ আছিল নিউ মেক্সিকো টেৰিটৰীৰ ৰিপাব্লিকান ৰাজনৈতিক নেতা।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 "Luminous Women of New Mexico History: Dolores "Lola" Chavez de Armijo". New Mexico Mercury. 2013-07-08. http://newmexicomercury.com/blog/comments/luminous_women_of_new_mexico_history_lola_chavez। আহৰণ কৰা হৈছে: 2013-09-20.
- ↑ 2.0 2.1 "Doña Dolores "Lola" Chávez de Armijo Marker". Hmdb.org. 2011-07-31. Archived from the original on 2013-09-19. https://web.archive.org/web/20130919024519/http://www.hmdb.org/marker.asp?marker=45333। আহৰণ কৰা হৈছে: 2013-09-20.
- ↑ "New Mexico Historic Women Marker Initiative". Nmwomensforum.com. http://www.nmwomensforum.com/images/NewMexicoHistoricWomenMarkers.pdf। আহৰণ কৰা হৈছে: 2013-09-20.
- ↑ "Luminous Women of New Mexico History: Dolores "Lola" Chavez de Armijo". New Mexico Mercury. 2013-07-08. http://newmexicomercury.com/blog/comments/luminous_women_of_new_mexico_history_lola_chavez#sthash.WKKSQHOo.dpuf। আহৰণ কৰা হৈছে: 2013-09-20.