ডলৰেছ বাৰ্গ’স্কি
| ডলৰেছ বাৰ্গ’স্কি | |
|---|---|
| জন্ম | ১৯৪৩ ডেট্ৰয়ট |
| মৃত্যু | ২০০৮ |
| শিক্ষানুষ্ঠান | মনটেইথ কলেজ |
| পেচা | নাৰীবাদী, লেছবিয়ান কৰ্মী |
| সক্ৰিয় হৈ থকা সময় | ১৯৬৭-১৯৭০ৰ দশকলৈকে |
ডলৰেছ বাৰ্গ'স্কি (ইংৰাজী: Dolores Bargowski(১৯৪৩–২০০৮) দ্বিতীয় ঢৌৰ নাৰীবাদৰ প্ৰথম বছৰবোৰত সক্ৰিয় হৈ থকা এগৰাকী আমেৰিকান নাৰীবাদী আৰু লেছবিয়ান কৰ্মী আছিল।
জীৱন
[সম্পাদনা কৰক]প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]ডলৰেছে ৱেইন ষ্টেট ইউনিভাৰ্চিটিৰ মণ্টেইথ কলেজত ছাত্ৰী হিচাপে ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল, য'ত তেওঁ ১৯৬৭ চনত কলেজখনৰ শিক্ষাৰ্থী চৰকাৰৰ সভানেত্ৰী আছিল। নাগৰিক অধিকাৰ আন্দোলনৰ যুগৰ যৌনতাবাদৰ নেতৃত্ব দিয়া গোট যেনে-ষ্টুডেণ্টছ ফৰ এ ডেম'ক্ৰেটিক ছ'চাইটিৰ ওপৰত অসন্তুষ্ট হৈ তেওঁ দেশৰ মহিলা বিষয়সমূহৰ ওপৰত ছাত্ৰ-ছাত্ৰী নেতৃত্বাধীন প্ৰথম আলোচনা চক্ৰৰ ভিতৰত এখন ছ'চাইটি ইন ৱমেনৰ নেতৃত্ব দিছিল। এই আলোচনা চক্ৰই নেচনেল অৰ্গেনাইজেচন ফৰ ৱমেনৰ প্ৰথম কলেজ অধ্যায়ৰ ভেটিৰ সূচনা কৰিব।[1]
সক্ৰিয়তা
[সম্পাদনা কৰক]১৯৬৯ চনত তেওঁ নিউয়ৰ্ক চহৰলৈ গুচি যায় আৰু এৰিয়েল ডাউহাৰ্টি আৰু শ্বিলা পেজৰ সৈতে ৱমেন মেক মুভিজৰ সহ-প্ৰতিষ্ঠাপক হয়। তাত থকাৰ সময়তে তেওঁ দ্য ফেমিনিষ্ট আৰু ৰেডিকেল লেছবিয়ানছৰ সৈতে জড়িত হৈ পৰে আৰু দুয়োটা সংস্থাৰ বাবে তেওঁ সঘনাই লিখা-মেলা কৰে।[2] ১৯৭০ চনত প্ৰথমবাৰৰ বাবে নিউয়ৰ্ক চহৰৰ এলজিবিটি প্ৰাইড মাৰ্চত (তেতিয়া ক্ৰিষ্টোফাৰ ষ্ট্ৰীট গে লিবাৰেচন মাৰ্চ বুলি জনাজাত)[3] আৰু নিউ জাৰ্চিৰ আটলাণ্টিক চিটিত অনুষ্ঠিত মিছ আমেৰিকাৰ প্ৰতিবাদত অংশগ্ৰহণ কৰে।[2]
১৯৭১ চনত তেওঁ ৱাশ্বিংটন ডি.চি.লৈ গুচি যায় আৰু সেই অঞ্চলৰ লেচবিয়ান-ফেমিনিষ্ট গোটত যোগদান কৰে। তেওঁ দ্য ফিউৰিজ কালেকটিভৰ কাকতৰ বাবে লিখিছিল আৰু নাৰীবাদী সাহিত্যিক আলোচনী কুৱেষ্টৰ প্ৰতিষ্ঠাপক আছিল।[4] তাত তেওঁ নোটছ টুৱাৰ্ড এ ৱমেনছ এনালাইচিছ অৱ ক্লাছ নামৰ পেমফ্লেটখনো লিখি বিতৰণ কৰে।[5]
২০০৮ চনত হাৰ্ভাৰ্ড লাইব্ৰেৰীয়ে তেওঁৰ পৰা তেওঁৰ গৱেষণা পত্ৰসমূহ লাভ কৰে।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Papers of Dolores Bargowski, 1943-2019". Harvard Library. https://hollis.harvard.edu/primo-explore/fulldisplay?context=L&vid=HVD2&search_scope=everything&tab=everything&lang=en_US&docid=01HVD_ALMA212201599680003941.
- ↑ 2.0 2.1 Feminists who changed America, 1963-1975. Love, Barbara J., 1937-. প্ৰকাশক Urbana. 22 September 2006. ISBN 9780252097478. OCLC 907774555. https://www.worldcat.org/oclc/907774555.
- ↑ "Ellen Broidy (also known as Ellen Bedoz), with "Lavender Menace" t-shirt, Dolores Bargowski (in the middle, with t-shirt) and Rita Mae Brown (in uniform), march in the Christopher Street Liberation Day march, 1970" (en ভাষাত). NYPL Digital Collections. http://digitalcollections.nypl.org/items/510d47e3-57fe-a3d9-e040-e00a18064a99। আহৰণ কৰা হৈছে: 2019-03-28.
- ↑ Quest: a feminist quarterly. From the private collection of Lori Bowen Ayre. [Washington] : Quest: a feminist quarterly, inc. 1975. http://archive.org/details/questfeministqua22wash.
- ↑ Bargowski, Dolores. "Notes Toward a Women's Analysis of Class" (en ভাষাত). Issuu. https://issuu.com/julierenszer/docs/womensanalysisofclass। আহৰণ কৰা হৈছে: 2019-03-28.[সংযোগবিহীন উৎস]