নিৰ্মলা চলিহা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ডাঃ নিৰ্মলা চলিহাৰ পৰা পুনঃনিৰ্দেশিত)
নিৰ্মলা চলিহা
জন্ম ১৯০৯ চন
শিৱসাগৰ, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা চিকিৎসক
পিতৃ-মাতৃ কালিপ্ৰসাদ চলিহা (পিতৃ)


ডাঃ নিৰ্মলা চলিহা এগৰাকী অসমীয়া মহিলা চিকিৎসক।[1][2]

জন্ম পৰিচয়[সম্পাদনা কৰক]

ডাঃ নিৰ্মলা চলিহাৰ ১৯০৯ চনত শিৱসাগৰত জন্ম হয়।[1][2] তেখেতৰ পিতৃৰ নাম কালিপ্ৰসাদ চলিহা[1]

শিক্ষাজীৱন[সম্পাদনা কৰক]

নিৰ্মলা চলিহাই কলিকতা চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম.বি.বি.এছ. ডিগ্ৰী লাভ কৰে। তাৰ পিছত দিল্লীৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ লগতে লণ্ডনৰ পৰা শিশু-স্বাস্থ্য সম্পৰ্কীয় প্ৰশিক্ষণ সম্পূৰ্ণ কৰে। [1][2]

কৰ্মজীৱন[সম্পাদনা কৰক]

নিৰ্মলা চলিহাই কলিকতাৰ বহুকেইখন চিকিৎসালয়ত কাম কৰে। তদুপৰি ডিগবৈৰ অসম অইল কোম্পানীৰ চিকিৎসালয়ৰ প্ৰসূতি বিভাগত কেইবাবছৰো কাম কৰিছিল। অসম চৰকাৰৰ বিদ্যালয় স্বাস্থ্য সেৱাৰ বিশেষ বিষয়াৰূপেও সেৱা আগবঢ়াইছিল চলিহাই।[1][2] শ্বিলঙৰ প্ৰখ্যাত গণেশ দাস চিকিৎসালয়ৰ অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অৱসৰৰ পাছত তেওঁ কেইবাটাও সামাজিক অনুষ্ঠানৰ সৈতে জড়িত হৈ সমাজৰ হকে কাম কৰে।[1]

তথ্যউৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 "বিজ্ঞানৰ জগতত অসমীয়া মহিলা". http://srotaswini.in/#our-volumes। আহৰণ কৰা হৈছে: 27 May 2020. 
  2. 2.0 2.1 2.2 2.3 ডাঃ মিহিৰ কুমাৰ গোস্বামী (আগষ্ট ২০০৪). ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী. ed. "চিকিৎসাক্ষেত্ৰত অসমীয়া নাৰী". কথা গুৱাহাটী.