ডাইনেমিন
| ডাইনেমিন | |
|---|---|
| নেৰেইডছ-ৰ সদস্য | |
| নিবাস | সাগৰ |
| পিতৃ-মাতৃ | নেৰিয়াছ আৰু ড'ৰিছ |
| সহোদৰ | সাগৰীয় দেৱতা নেৰিয়াছসকল, সাগৰীয় দেৱী নেৰেইডছসকল |
ডাইনেমিন (/dɪˈnæmɪniː, daɪ-/; প্ৰাচীন গ্ৰীক: Δυναμένη, ইংৰাজী: Dynamene; আক্ষৰিক অৰ্থ: 'কঢ়িয়াই আনোতা')[1] গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷[1] তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল। তেওঁৰ নামটো এটা বিভক্তি, যাৰ অৰ্থ হৈছে "যি পাৰে, সক্ষম গৰাকী।"[2] তেওঁ তেওঁৰ ভগ্নী ফেৰুছাৰ সৈতে মহাসাগৰ উফন্দি উঠাৰ পৰাক্ৰম আৰু শক্তিৰ সৈতে জড়িত আছিল। ডাইনেমিনৰ দ্ৰুতভাৱে আবিৰ্ভাৱ আৰু অদৃশ্য হোৱাৰ ক্ষমতা আছিল। তেওঁৰ নামৰ কিছুমান ভিন্নতা হৈছে ডায়মেন (Dyomene)[3] আৰু ডাইনামেন (Dinamene)৷[4]
কিংবদন্তি
[সম্পাদনা কৰক]ডাইনেমিন গ্ৰীক শ্ৰুতিকথাৰ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।[5][6][1] হোমাৰৰ ইলিয়াডত বৰ্ণনা কৰা অনুসৰি একিলিছে মৃত পেট্ৰ'ক্লাছৰ বাবে কৰা দুখৰ সমভাগি হোৱা মাতৃ থেটিছক সংগ দিবলৈ সাগৰৰ গভীৰতাৰ পৰা ওলাই আহি ট্ৰয়ৰ উপকূলত সমবেত হোৱা ৩৩ গৰাকী নেৰেইডছৰ ভিতৰত ডাইনেমিনো আছিল।[7]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 Bane, Theresa (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃষ্ঠা. 11, 12. ISBN 978-0-7864-7111-9.
- ↑ Hesiod. Theogony ll. 240-264. Retrieved 4 October 2020
- ↑ Hyginus, Fabulae Preface (Latin ed. Micyllus)
- ↑ Hyginus, Fabulae Preface (Latin ed. Scheffero)
- ↑ Homer, Iliad 18.40; Hesiod, Theogony 249; Apollodorus, 1.2.7; Hyginus, Fabulae Preface
- ↑ Homer, Iliad 18.41; Apollodorus, 1.2.7; Hesiod, Theogony 240
- ↑ Homer, Iliad 18.39