সমললৈ যাওক

ডাউছেন ক্ৰুছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডাউছেন ক্ৰুছ

২০১২ চনত ট্ৰাইবেঁকা চলচ্চিত্ৰ মহোৎসৱত ক্ৰুছ
জন্ম ২৩ জানুৱাৰী, ১৯৮৫ (৪১ বছৰ)
গিষ্টিয়েৰ্ক, ফ্ৰীছলেণ্ড, নেদাৰলেণ্ড
পেচা মডেল, অভিনেত্ৰী, সমাজসেৱী
সক্ৰিয় হৈ থকা সময় ২০০৩–বৰ্তমান
দাম্পত্যসঙ্গী ছানাৰী জেমছ গৰে (২০১০ চনৰপৰা বৰ্তমানলৈ)
সন্তান
'Modeling information'
Height ১.৭৯ মিটাৰ[1]
Hair color সোণালী
Eye color নীলা
Agency ডিএনএ মডেল (নিউয়ৰ্ক)[1]

ডাউছেন ক্ৰুছ (ইংৰাজী: Doutzen Kroes; জন্ম: ২৩ জানুৱাৰী ১৯৮৫[2][3]) এগৰাকী ডাচ্চ ফেশ্বন মডেল। তেওঁ ২০০৩ চনত নেদাৰলেণ্ডত নিজৰ মডেলিং কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু অতি সোনকালেই তেওঁৰ এজেঞ্চীয়ে তেওঁক নিউয়ৰ্কলৈ পঠিয়াই দিছিল য’ত তেওঁক লঞ্জৰী ব্ৰেণ্ড ভিক্টোৰিয়াছ ছিক্ৰেটৰ বাবে নিৰ্বাচিত কৰা হৈছিল। তেওঁ ২০০৮ চনৰপৰা ২০১৪ চনলৈ এগৰাকী ভিক্টোৰিয়াছ ছিক্ৰেট এঞ্জেল আছিল, যিয়ে তেওঁক কেৰেন মুল্ডাৰৰ পিছত এই লোভনীয় খিতাপ অৰ্জন কৰা দ্বিতীয়গৰাকী ডাচ্চ মডেল হিচাপে গঢ়ি তুলিছিল।[4] তেওঁ ২০০৬ চনৰপৰা লৰিয়েল পেৰিছৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে কাম কৰি আহিছে।[5] ২০০৮ চনৰপৰা ক্ৰুছ বছৰি ৫ নিযুত ডলাৰতকৈ অধিক অনুমাণিক আয়ৰ সৈতে বিশ্বৰ সৰ্বাধিক উপাৰ্জনকাৰী মডেলসকলৰ ভিতৰত অন্যতম হৈ আহিছে। ২০১৪ চনত তেওঁ ফৰ্বছৰ সৰ্বাধিক উপাৰ্জনকাৰী মডেলৰ তালিকাত দ্বিতীয় স্থান লাভ কৰিছিল, য’ত এবছৰত তেওঁৰ উপাৰ্জন অনুমাণিক ৮ নিযুত ডলাৰ আছিল।[6] ২০১৩ চনত তেওঁ এবছৰৰ ভিতৰতে ভোগ আলোচনীৰ ছেপ্টেম্বৰ সংখ্যাৰ চাৰিটা বেলেগ বেলেগ আন্তঃৰাষ্ট্ৰীয় একক কভাৰত স্থান পোৱা প্ৰথমগৰাকী মডেল হিচাপে পৰিগণিত হয়।[7]

তেওঁৰ চলচ্চিত্ৰত অভিষেক ঘটিছিল নোভা জেমব্লা (২০১১) নামৰ ছবিখনৰ জৰিয়তে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ডাউছেন ক্ৰুছৰ জন্ম ১৯৮৫ চনৰ ২৩ জানুৱাৰীত ফ্ৰীছলেণ্ড প্ৰদেশৰ ইষ্টাৰমাৰ নামৰ এখন গাঁৱত হৈছিল।[8] তেওঁৰ মাতৃ গিয়াৰ্টজে লেইষ্ট্ৰা এগৰাকী নাৰ্ছ আৰু পৰৱৰ্তী সময়ত শিক্ষয়িত্ৰী আছিল,[9] আৰু তেওঁৰ পিতৃ জোহান ক্ৰুছ এজন মনোচিকিৎসক আছিল। ১৯৭০-ৰ দশকত তেওঁলোক দুয়ো চেম্পিয়ন স্পীড স্কেটাৰ আছিল। সৰু কালত ক্ৰুছে এগৰাকী পেছাদাৰী স্পীড স্কেটাৰ হোৱাৰ আকাংক্ষা কৰিছিল।[10]

ক্ৰুছৰ ৰেন্স নামৰ এগৰাকী কনিষ্ঠ ভগ্নী আছে, যি এগৰাকী পুষ্টিবিদ।[উদ্ধৃতিৰ প্ৰয়োজন]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

২০০৯ চনত ক্ৰুছে ডাচ্চ ডিজে ছানাৰী জেমছ গৰেৰ সৈতে ডেটিং আৰম্ভ কৰে।[11][12] ২০১০ চনৰ ৭ নৱেম্বৰত তেওঁ আৰু ছানাৰীয়ে ইষ্টাৰমাৰত বিবাহপাশত আবদ্ধ হয়।[13] দম্পতীহালৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান আছে, যাৰ দুয়োৰে জন্ম আমষ্টাৰডামত হৈছিল।[14][15] ২০১৪ চনৰ এপ্ৰিল মাহত নিজৰ কন্যাৰ ভৱিষ্যতৰ সন্দৰ্ভত দিয়া এক সাক্ষাৎকাৰত ক্ৰুছে কৈছিল: "তাক 'তুমি বৰ ধুনীয়া' বুলি কোৱাৰ পৰিৱৰ্তে মই ক’ম, 'তুমি বুদ্ধিমান', যাতে জীৱনত সৌন্দৰ্য আৰু মডেলিংতকৈ তাইৰ অন্য উচ্চাকাংক্ষা থাকে। যদিও মই মোৰ কামক ভাল পাওঁ, তথাপি মই পৃথিৱীখন সলনি কৰি থকা নাই। মই বিচাৰিম যে তাই পঢ়া-শুনা কৰক আৰু বেলেগ লক্ষ্য ৰাখক। আমি ছোৱালীবোৰক শিকোৱা উচিত যে তেওঁলোক ৰাষ্ট্ৰপতি হ’ব পাৰে, আৰু ই সদায় কেৱল সৌন্দৰ্যৰ ওপৰত নিৰ্ভৰ নকৰে।" [16][17]

ক’ভিড-১৯ মহামাৰীৰ সময়ছোৱাত ক্ৰুছে ক’ভিড-১৯ আৰু ভেকচিন সম্পৰ্কে কেইবাটাও ষড়যন্ত্ৰমূলক তত্ত্ব প্ৰচাৰ কৰিছিল।[18][19] ২০২১ চনৰ ছেপ্টেম্বৰ মাহত ক্ৰুছে ইনষ্টাগ্ৰামত তেওঁৰ ভেকচিন বিৰোধী দৃষ্টিভংগী প্ৰকাশ কৰি কিছু বিতৰ্কৰ সৃষ্টি কৰিছিল, য’ত তেওঁ ক’ভিড-১৯ ভেকচিনৰ সন্দৰ্ভত উল্লেখ কৰিছিল যে তেওঁক "বেজি ল’বলৈ বাধ্য কৰিব নোৱাৰিব।" [20][21] ২০২১ চনৰ নৱেম্বৰ মাহত ক্ৰুছে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল য’ত কোৱা হৈছিল যে ক’ভিড-১৯ ভেকচিনসমূহ "চয়তানবাদী"সকলৰদ্বাৰা "বিশ্বৰ জনসংখ্যা হ্ৰাস" কৰাৰ এক ষড়যন্ত্ৰৰ অংশ।[22] ক্ৰুছৰ মুঠ সম্পত্তিৰ পৰিমাণ কোট আলোচনীৰ মতে ২৯ নিযুত ইউৰো বুলি অনুমান কৰা হৈছে। একে সময়তে মহামাৰীৰ বিষয়ে ভুল তথ্য প্ৰচাৰ কৰি ক’ভিড-১৯ ৰ বাবে হোৱা আয়ৰ লোকচানৰ বাবে চৰকাৰী ক্ষতিপূৰণৰ আবেদন কৰা বাবেও তেওঁক সমালোচনা কৰা হৈছে।[23][24]


তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "DNA Models Doutzen Kroes". DNA Model Management LLC. https://www.dnamodels.com আহৰণ কৰা হৈছে: 5 October 2023.
  2. "Victoria's Secret Angel Doutzen Kroes celebrates turning 30". Hello!. 23 January 2015. https://www.hellomagazine.com আহৰণ কৰা হৈছে: 28 January 2022.
  3. Kroes, Doutzen [@doutzen] (23 January 2015). "Turning 30 with everything I could ever wish for when I blew out the candles as a kid. Blessed!". https://twitter.com/doutzen/status/558622360488914944 আহৰণ কৰা হৈছে: 28 January 2022.
  4. De Klerk, Amy (30 November 2016). "Why didn't Doutzen Kroes walk in the Victoria's Secret show?". Harper's Bazaar. https://www.harpersbazaar.com.
  5. "Doutzen Kroes Model Profile". New York Magazine. http://nymag.com.
  6. Robehmed, Natalie (18 August 2014). "The World's Highest Paid Models". Forbes. https://www.forbes.com আহৰণ কৰা হৈছে: 8 December 2014.
  7. Kruspe, Dana (27 August 2013). "Doutzen Kroes Lands an Unprecedented Four September Vogue Covers". Fashionista (Fashionista.com). http://fashionista.com.
  8. "Supermodel Doutzen Kroes's Angelic Face". The Wall Street Journal. 4 February 2015. https://www.wsj.com/articles/supermodel-doutzen-kroess-angelic-face-1423058615.
  9. Strehlke, Sade (4 February 2015). "Q&A With Supermodel Doutzen Kroes". The Wall Street Journal. https://www.wsj.com/articles/supermodel-doutzen-kroess-angelic-face-1423058615 আহৰণ কৰা হৈছে: 4 December 2015. "I wanted to become a teacher like my mother, or a charity worker."
  10. "Doutzen Kroes Is Never Out of Style". Vogue. 14 April 2016. https://www.vogue.com/article/doutzen-kroes-vogue-best-moments আহৰণ কৰা হৈছে: 17 September 2019.
  11. "Doutzen Kroes weer gelukkig". De Telegraaf. 30 August 2009. http://www.telegraaf.nl/prive/4716533/__Doutzen_Kroes_weer_gelukkig___.html.
  12. Carter, Dan Roy (29 September 2013). "25 years of dance music in the Netherlands: Sunnery James & Ryan Marciano". Dancing Astronaut. http://www.dancingastronaut.com/2013/09/25-years-of-dance-music-in-the-netherlands-sunnery-james-ryan-marciano/ আহৰণ কৰা হৈছে: 4 December 2015.
  13. "Doutzen Kroes Got Married!" (en-us ভাষাত). The Cut. 8 November 2010. https://www.thecut.com/2010/11/doutzen_kroes_got_married.html আহৰণ কৰা হৈছে: 24 January 2020.
  14. Michaud, Sarah (21 January 2011). "Doutzen Kroes Welcomes Son Phyllon Joy". http://celebritybabies.people.com/2011/01/21/doutzen-kroes-welcomes-son-phyllon-joy/ আহৰণ কৰা হৈছে: 29 January 2011.
  15. Milligan, Lauren (30 July 2014). "Doutzen Welcomes Her Baby Girl". Vogue UK. http://www.vogue.co.uk/news/2014/07/30/doutzen-kroes-baby-girl-name-myllena-mae-born.
  16. Klein, Alyssa Vingan (28 April 2014). "Doutzen Kroes Doesn't Want Her Daughter to Become a Model". Fashionista (Fashionista.com). http://fashionista.com/2013/08/doutzen-kroes-lands-an-unprecedented-four-september-vogue-covers.
  17. Kilcooley-O'Halloran, Scarlett (28 April 2014). "Doutzen Wants Daughter To Be Different". Vogue.co.uk. http://www.vogue.co.uk/news/2014/04/28/doutzen-kroes-baby-daughter-intelligence-over-beauty আহৰণ কৰা হৈছে: 4 December 2015.
  18. Van Gool, Rosa & Van de Ven, Coen (14 September 2020). "'Wij zijn het nieuwe nieuws'". De Groene Amsterdammer. https://www.groene.nl/artikel/wij-zijn-het-nieuwe-nieuws আহৰণ কৰা হৈছে: 22 November 2021.
  19. "Sander Schimmelpenninck maakt gehakt van Doutzen: 'Waanzin'". RTL Boulevard. 21 November 2021. https://www.rtlboulevard.nl/entertainment/showbizz/artikel/5268677/sander-schimmelpenninck-doutzen-kroes-satanisme আহৰণ কৰা হৈছে: 22 November 2021.
  20. Strunck, Clara (23 September 2021). "Doutzen Kroes Is The Latest Celebrity To Come Out As Anti-Vaxx". Elle. https://www.elle.com/uk/life-and-culture/a37701757/doutzen-kroes-latest-celebrity-anti-vaxx/ আহৰণ কৰা হৈছে: 26 September 2021.
  21. "COVID-19: Gisele Bundchen defends fellow model Doutzen Kroes after backlash over vaccine comments". Sky News. 20 September 2021. https://news.sky.com/story/covid-19-gisele-bundchen-defends-fellow-model-doutzen-kroes-after-backlash-over-vaccine-comments-12412864.
  22. "Doutzen Kroes trekt coronavaccins in twijfel en haalt zich de woede van velen op de hals". Metro Nieuws. 22 November 2021. https://www.metronieuws.nl/entertainment/2021/11/doutzen-kroes-coronavaccin-twijfel/ আহৰণ কৰা হৈছে: 22 November 2021.
  23. De Bont, Malu (28 November 2021). "Doutzen Kroes kakt op corona en hekelt ieder instituut, maar houdt wel hand op voor coronasteun". Quote. https://www.quotenet.nl আহৰণ কৰা হৈছে: 29 November 2021.
  24. "Bedrijf van coronascepticus Doutzen Kroes vroeg five keer overheidssteun aan". De Telegraaf. 29 November 2021. https://www.telegraaf.nl/entertainment/1564794001/bedrijf-van-coronascepticus-doutzen-kroes-vroeg-vijf-keer-overheidssteun-aan আহৰণ কৰা হৈছে: 29 November 2021.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]