সমললৈ যাওক

ডাক হৰকৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডাক হৰকৰা
পৰিচালক অগ্ৰগামী
চিত্ৰনাট্য অগ্ৰগামী
ভিত্তি ডাক হৰকৰা (তাৰাশংকৰ বন্দোপাধ্যায়)
অভিনয়ত কালী বন্দ্যোপাধ্যায়
শোভা সেন
সাবিত্ৰী চেটাৰ্জী
জহৰ গাংগুলী
চিত্ৰগ্ৰহণকাৰী ৰামানন্দ সেনগুপ্ত
সম্পাদনা কালী ৰাহা
সংগীত পৰিচালক সুধীন দাসগুপ্ত
প্ৰযোজনা
কোম্পানী
অগ্ৰগামী প্ৰডাকচনছ্
পৰিবেশক ডিলাক্স ফিল্ম ডিষ্ট্ৰিবিউটৰছ লিঃ
মুক্তি
১১ এপ্ৰিল ১৯৫৮ (1958-04-11)
দেশ ভাৰত
ভাষা বঙালী

ডাক হৰকৰা (ইংৰাজী: Dak Harkara) ১৯৫৮ চনত মুক্তি পোৱা অগ্ৰগামী পৰিচালিত বঙালী ভাষাৰ এখন ভাৰতীয় নাট্যধৰ্মী ছবি। তাৰাশংকৰ বন্দোপাধ্যায়ৰ একে নামৰ গল্পৰ আধাৰত অগ্ৰগামীয়ে ছবিখনৰ চিত্ৰনাট্য লিখিছিল। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে কালী বেনাৰ্জী, শোভা সেন, সাবিত্ৰী চেটাৰ্জী আৰু জহৰ গংগোপাধ্যায়ে।[1] ছবিখনৰ সংগীত সুধীন দাশগুপ্তৰ। ১৯৫৮ চনৰ ১১ এপ্ৰিলত অগ্ৰগামী প্ৰডাকচনৰ বেনাৰত ছবিখন মুক্তি পায়।[2] এইখনে ষষ্ঠ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ বাংলা ভাষাৰ পূৰ্ণদৈৰ্ঘ্য ছবিৰ চাৰ্টিফিকেট অফ মেৰিট লাভ কৰে।[3]

ছবিখনৰ কাহিনীটো দীনবন্ধু নামৰ এজন নৈশ ডাক হৰকৰাৰ বিষয়ে। তেওঁ এখন খেতিয়ক, অতি সৰল লোক আৰু ঈশ্বৰক ভয় কৰে। তেওঁৰ একমাত্ৰ পুত্ৰ নিতাই তেওঁৰ সম্পূৰ্ণ বিপৰীত আৰু দেউতাৰ নৈতিক আচাৰ আচৰণক লৈ হাঁহে। দেউতাকে নিতাই এজন খেতিয়ক হোৱাটো বিচাৰে। আনহাতে নিতাইৰ মন মটৰ ড্ৰাইভাৰ হোৱাটো। ইয়াকৈ লৈ দুয়োৰো সংঘাত হয়। এই সংঘাত আৰু বাঢ়ি যায়, যেতিয়া পুতেকে বাসিনী নামৰ গণিকা ছোৱালী এজনীক বিয়া কৰাব বিচাৰে। অৱশেষত পুতেকে ঘৰ এৰি গুছি যায়।[3]

সেই নিশাই গধুৰ মনেৰে দীনবন্ধুই ডাকৰ মোনাখন লৈ যাত্ৰা কৰে। সেই নিশাটো আছিল ধুমুহা বৰষুণৰ নিশা। হঠাৎ জংঘলৰ মাজত তেওঁক কোনোবাই আক্ৰমণ কৰি তেওঁৰ হাতত থকা ধনখিনি কাঢ়ি নিব বিচাৰে। বিজুলীৰ পোহৰত তেওঁ দেখে যে আক্ৰমণকাৰী আন কোনো নহয়, তেওঁৰ পু্ত্ৰ নিতাইহে। নিতায়ে দেউতাকক ৰড এডালেৰে আক্ৰমণ কৰে। হঠাৎ এখন মটৰ গাড়ী অহাত সি পলাই যায়।[3]

বহু বছৰ পাৰ হৈ গ’ল। নিতাইৰ কোনো খবৰ দীনবন্ধুই নাপায়। তেওঁ ডাকৰ মোনা কঢ়িয়ায়েই থাকিল। এদিন তেওঁ ৰেল ষ্টেচনৰ প্লেটফৰ্মত নিতাই দৰে চেহেৰাৰ সৰু ল’ৰা এটা দেখা পায়। সোধাপোচা কৰাৰ পিছত তেওঁ গম পালে যে এইজন নিতাই আৰু বাসিনীৰে সন্তান। কিন্তু তেওঁ এজন ডকাইত আৰু গণিকাৰ সন্তানক তেওঁ নাতিয়েক হিচাপে আদৰি লবলৈ টান পালে। এনেতে এদিন ডাকত তেওঁ এটা পাৰ্চেল আৰু মেডেল পায়, য’ত উল্লেখ আছিল যে বিগত সময়চোৱাত নিতায়ে নাবিকৰ কাম কৰিছিল আৰু এটা জাহাজ দুৰ্ঘটনাত বেলেগৰ প্ৰাণ বচাবলৈ গৈ নিজে প্ৰাণ বিসৰ্জন দিয়ে। ডকাইতৰ বেশত ঘৰৰ পৰা ওলাই যোৱা নিতায়ে এজন সাধুৰ মৃত্যু আকোঁৱালী ল’লে।[3]

দীনবন্ধুই অৱশেষত নাতিয়েকক গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়।[3]

সুধীন দাশগুপ্তই ডাক হৰকৰা ছবিখনৰ সংগীত ৰচনা কৰিছে। গীতৰ কথা লিখিছে তাৰাশংকৰ বেনাৰ্জীয়ে। গীতত কণ্ঠদান কৰিছে গীতা দত্ত আৰু মান্না দেই।[4]

ষষ্ঠ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৫৮)
  • বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ চাৰ্টিফিকেট অফ মেৰিট।[3]

তথ্যউৎস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]