ডাণ্ডামিচ
ডাণ্ডামিচ (সম্ভৱতঃ "দণ্ডায়ন-স্বামী"ৰ গ্ৰীক অনুবাদ)[1] এজন দাৰ্শনিক, স্বামী আৰু নগ্ন(লেংটি পৰিধানকাৰী) ঋষি আছিল। তক্ষশীলাৰ ওচৰৰ এখন হাবিত, খৃ:পূ: চতুৰ্থ শতিকাত ভাৰত আক্ৰমণ কৰা আলেকজেণ্ডাৰে তেওঁৰ মুখা-মুখি হৈছিল। তেওঁক মাণ্ডেনেছ বুলিও কোৱা হয়।[2] তেওঁ আলেকজেণ্ডাৰৰ লগত পাৰ্চিছলৈ যোৱা বিখ্যাত জিমনোছফিষ্ট কালানোছৰ গুৰু আছিল।[3]
জীৱনী
[সম্পাদনা কৰক]ভাৰত আক্ৰমণ কৰাৰ সময়ত আলেকজেণ্ডাৰে কিছুমান জিমনোছফিষ্টক লগ পাইছিল, যিসকলৰ বাবে তেওঁ অসুবিধাৰ সন্মুখীন হৈছিল; তেওঁ জানিব পাৰিছিল যে, তেওঁলোকৰ নেতা ব্ৰাহ্মণ ডাণ্ডামিচ,[4][5] যিয়ে জংঘলত বাস কৰে আৰু এটা পুখুৰীৰ পাৰত উলংগ হৈ গছৰ পাতৰ ওপৰত শয়ন কৰে।[6]
তাৰ পিছত তেওঁ অনেস্ক্ৰাটাছক ডাণ্ডামিচক তেওঁৰ ওচৰলৈ আনিবলৈ পঠিয়াই দিলে। অনেস্ক্ৰাটাছে তেতিয়া অৰণ্যত ডাণ্ডামিচৰ সন্মুখীন হৈ তেওঁক এই বাৰ্তা দিলে, যে "জিউছৰ মহান পুত্ৰ আলেকজেণ্ডাৰে তেওঁক তেওঁৰ ওচৰলৈ যাবলৈ নিৰ্দেশ দিছে। তেওঁ আপোনাক সোণ আৰু অন্যান্য পুৰস্কাৰ দিব কিন্তু যদি আপুনি নাকচ কৰে তেন্তে তেওঁ আপোনাৰ মূৰ কাটিব পাৰে।"
সেই কথা শুনি ডাণ্ডামিচে মূৰটোও নদঙাকৈ পাতৰ শয্যাত পৰি থকাৰপৰাই উত্তৰ দিলে। "ভগৱানেই শ্ৰেষ্ঠ ৰজা, হিংসাৰ উৎস নহয় বৰঞ্চ পানী, খাদ্য, পোহৰ আৰু জীৱনৰ যোগানকাৰী। আপোনাৰ ৰজা হিংসা ভালপোৱা আৰু মৰ্ত্যলোকৰ ঈশ্বৰ হ'ব নোৱাৰে।[7][8] মোৰ মূৰটো কাঢ়ি নিলেও মোৰ প্ৰাণ কাঢ়ি নিব নোৱাৰে, যিটো মোৰ ঈশ্বৰৰ ওচৰলৈ গুচি যাব আৰু আমি পুৰণি কাপোৰ পেলোৱাৰ দৰে এই শৰীৰটো এৰি যাম। আমি, ব্ৰাহ্মণ সোণ ভাল নাপাওঁ, মৃত্যুৰ ভয়ও নকৰোঁ। গতিকে তোমাৰ ৰজাৰ একোৱেই নাই, যিটো মোৰ প্ৰয়োজন হ’ব পাৰে। তুমি গৈ তোমাৰ ৰজাক কোৱা: ডাণ্ডামিচ, সেয়ে তোমাৰ ওচৰলৈ নাহে। যদি তেওঁক ডাণ্ডামিচৰ প্ৰয়োজন হয়, তেন্তে তেওঁ মোৰ ওচৰলৈ আহিব লাগিব।"[7]
আলেকজেণ্ডাৰে ডাণ্ডামিচৰ উত্তৰ গম পাই তেওঁক লগ ধৰিবলৈ হাবিলৈ গ’ল। আলেকজেণ্ডাৰে এঘণ্টাৰো অধিক সময় হাবিত তেওঁৰ সন্মুখত বহি থাকিল। ডাণ্ডামিচে সুধিলে যে, আলেকজেণ্ডাৰ কিয় তেওঁৰ ওচৰলৈ আহিল, “মোৰ তোমাক আগবঢ়াব পৰা একো নাই।’’ কাৰণ আমাৰ আনন্দ বা সোণৰ কোনো চিন্তা নাই, আমি ঈশ্বৰক ভাল পাওঁ আৰু মৃত্যুক তুচ্ছজ্ঞান কৰোঁ, আনহাতে তুমি আনন্দক ভাল পোৱা, সোণক ভাল পোৱা আৰু মানুহক হত্যা কৰা, তুমি মৃত্যুক ভয় কৰা আৰু ঈশ্বৰক তুচ্ছজ্ঞান কৰা।"[7] আলেকজেণ্ডাৰে কৈছিল, "মই তোমাৰ নাম কালানোছৰপৰা শুনিছোঁ আৰু তোমাৰপৰা জ্ঞান ল’বলৈ আহিছোঁ।"[7] তেওঁলোকৰ মাজত হোৱা কথা-বতৰাক গ্ৰীকসকলে আলেকজেণ্ডাৰ-ডাণ্ডামিচ ক’ল’কুই বুলি লিপিবদ্ধ কৰিছে।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Sen, Sailendra Nath (1999). Ancient Indian History and Civilization. New Age International. পৃষ্ঠা. 128. ISBN 9788122411980. https://books.google.com/books?id=Wk4_ICH_g1EC&q=dandamis+dandi&pg=PA128.
- ↑ Warner, Arthur George; Warner, Edmond (2001). The Sháhnáma of Firdausí. Psychology Press. পৃষ্ঠা. 61–62, 422, 430. ISBN 9780415245432. https://books.google.com/books?id=CixkKv_ywoMC&q=dandamis.
- ↑ 3.0 3.1 Classica et mediaevalia, Volumes 34-35. Société danoise les études anciennes et médiévales. 1983. পৃষ্ঠা. 78, 81, 87. https://books.google.com/books?id=MZcmAQAAIAAJ&q=dandamis+alexander.
- ↑ Charity Seraphina Fields (2012). Battle Against Infinity. Lieutenant of Charity. পৃষ্ঠা. 39–. ISBN 978-1-300-05921-9. https://books.google.com/books?id=bgHuDL0ONWEC&pg=PA39। আহৰণ কৰা হৈছে: 25 May 2016.[সংযোগবিহীন উৎস]
- ↑ Tristram Stuart (18 October 2012). The Bloodless Revolution: Radical Vegetarians and the Discovery of India. HarperCollins Publishers. পৃষ্ঠা. 43–. ISBN 978-0-00-740492-6. https://books.google.com/books?id=IRXZCFzEIgIC&pg=PA43। আহৰণ কৰা হৈছে: 25 May 2016.
- ↑ Prabudhha Bharata by Vivekannda Swami, page 30 & 386
- ↑ 7.0 7.1 7.2 7.3 Stoneman, Richard (2012). The Legends of Alexander the Great. Bloomsbury Academic. পৃষ্ঠা. 43–47. ISBN 9781848857858. https://books.google.com/books?id=W8gMKhTO5ZAC&q=dandamis+alexander&pg=PA44.
- ↑ Niehoff, Maren (2001). Philo on Jewish identity and culture. Verlag von J. C. B. Mohr (Paul Siebeck). পৃষ্ঠা. 154. ISBN 9783161476112. https://books.google.com/books?id=cOjCkfLCt3sC&q=dandamis+.