সমললৈ যাওক

ডাবেলি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডাবেলি
অন্য নাম চুচ্চি ডাবেলি, ডাবল ৰোটী
প্ৰকাৰ চাট্
উৎপত্তিৰ স্থান ভাৰত
অঞ্চল মাণ্ডৱী-কচ্চ
উদ্ভাৱক মোহন বাভাজীয়ে সৃষ্টি কৰা বুলি কোৱা হয় আৰু ইয়াক কেশৱজী গভা চুদাছামা (কেশা মালাম ৰোটি বৰা)ৰ দ্বাৰা জনপ্ৰিয় হৈছে।
পৰিবেশনৰ উষ্ণতা সাধাৰণ উষ্ণতা
মুখ্য উপাদান আলু, মছলা, পাৱ বা বন, বাদাম, ডালিম

ডাবেলি, (ইংৰাজী: Dabeli) বা কুট্চি দাবেলি বা ডাবল ৰোটি (গুজৰাটী: દાબેલી, કચ્છી દાબેલી, দেৱনাগৰী: দাবেলি, कच्चী दाबेली), ভাৰতৰ বিভিন্ন ঠাইৰ এবিধ জনপ্ৰিয় লঘু খাদ্য, ইয়াৰ উৎপত্তি গুজৰাট অঞ্চলৰ মাণ্ডভি-কুচত। বিশেষ ডাবেলি মছলাৰ সৈতে সিজোৱা আলু মিহলাই, মিশ্ৰণটো লাডি পাভত (বাৰ্গাৰ বানৰ দৰে) ভৰাই অমিতা, খেজুৰ, হালধি, ৰঙা মৰিচা আৰু অন্যান্য উপাদানৰ পৰা তৈয়াৰী চাটনিৰ সৈতে পৰিবেশনৰ বাবে প্ৰস্তুত কৰা কিছু টেঙা অথচ মিঠা জলপান। ইয়াত ডালিমৰ গুটি আৰু ভজা মগুৰে সজাই পৰিৱেশন কৰা হয়।

ডাবেলিৰ আক্ষৰিক অৰ্থ গুজৰাটী ভাষাত "চাপ দিয়া।"[1] ষাঠিৰ দশকত মাণ্ডৱী-কুচ্চৰ বাসিন্দা কেশৱজী গভা চুদাছামাৰ দ্বাৰা যি কেশা মালাম নামেৰেও পৰিচিত; এই খাদ্য সৃষ্টি কৰা বুলি কোৱা হয়। ব্যৱসায় আৰম্ভ কৰাৰ সময়ত তেওঁ ডাবেলি এক আনা বা ছয় পইচাত বিক্ৰী কৰিছিল। তেওঁৰ দোকানখন এতিয়াও মাণ্ডৱীত আছে, যিখন তেওঁৰ পৰিয়ালৰ পিছৰ প্ৰজন্মই পৰিচালনা কৰে।[2] আজি কচ্চ অঞ্চলত নিৰ্মিত ডাবেলি মছলাক আটাইতকৈ প্ৰামাণিক বুলি কোৱা হয়।[3] কুচ্চৰ ভুজ আৰু নখাতৰানা চহৰ মাণ্ডৱীৰ বাহিৰেও প্ৰামাণিক ডাবেলিৰ বাবেও পৰিচিত।[4]

জনপ্ৰিয়তা

[সম্পাদনা কৰক]

ডাবেলি আজি কেৱল কচ্চ আৰু গুজৰাটতে নহয়, মহাৰাষ্ট্ৰৰ সাংলিৰ কিছুমান অংশ, মুম্বাই, পুনে, কলহাপুৰৰ লগতে তেলেংগানা, কৰ্ণাটক, ৰাজস্থান আৰু অন্যান্য ভাৰতীয় ৰাজ্যৰ কিছু অংশতো খোৱা হয়।

  1. "Gujarati- English Learner's Dictionary". http://ccat.sas.upenn.edu/plc/gujarati/guj-engdictionary.pdf. 
  2. "Kacchi Dabeli Recipe | Easy Dabeli Recipe in 40 Minutes". 6 November 2019. Archived from the original on 22 January 2020. https://web.archive.org/web/20200122215437/http://whatscookingindia.com/kacchi-dabeli-recipe-dabeli-recipe-dabeli-masala-recipe/। আহৰণ কৰা হৈছে: 26 February 2025. 
  3. "Dabeli: Its Origin And Journey To Maharashtra". www.slurrp.com. https://www.slurrp.com/article/dabeli-history-behind-its-origin-and-its-journey-to-maharashtra-1635926451331। আহৰণ কৰা হৈছে: 2024-01-31. 
  4. "Dabeli: Its Origin And Journey To Maharashtra". www.slurrp.com. https://www.slurrp.com/article/dabeli-history-behind-its-origin-and-its-journey-to-maharashtra-1635926451331। আহৰণ কৰা হৈছে: 2024-01-31.