ডায়ানা ৰছ
| ডায়ানা ৰছ | |
|---|---|
২০২২ চনত ৰছৰ পৰিৱেশন | |
| জন্ম | ডায়ানা আৰ্নেষ্টাইন আৰ্ল ৰছ ২৬ মাৰ্চ, ১৯৪৪ (৮২ বছৰ) ডেক্ৰইট, মিচিগান, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| পেচা | গায়িকা, অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ১৯৫৯–বৰ্তমান[1] |
| দাম্পত্যসঙ্গী |
|
| সন্তান | ৫ গৰাকী |
| আত্মীয়-স্বজন | বাৰবাৰা ৰছ-লী (ভনীয়েক) আৰ্থাৰ ৰছ (ভায়েক) এশলী চিম্পছন (বোৱাৰীয়েক) |
| 'সঙ্গীত যাত্ৰা' | |
| সংগীতৰ ধৰণ | আৰ এণ্ড বি, পপ, ডিছকো, ডান্স |
| লেবেল | ম’টাউন, আৰচিএ, ইএমআই, পাৰ্লাফোন, ডেকা |
| পূৰ্বে | দ্য চপ্ৰিমছ |
| ৱেবছাইট | |
| dianaross | |
ডায়ানা ৰছ (ইংৰাজী: Diana Ross; জন্ম: ২৬ মাৰ্চ, ১৯৪৪) এগৰাকী আমেৰিকান গায়িকা আৰু অভিনেত্ৰী। "কুইন অফ ম’টাউন" হিচাপে পৰিচিত ৰছ 'দ্য চপ্ৰিমছ' নামৰ সংগীত গোষ্ঠীটোৰ মুখ্য গায়িকা আছিল। এই গোষ্ঠীটো ১৯৬০-ৰ দশকত ম’টাউনৰ আটাইতকৈ সফল আৰু সৰ্বকালৰ বিশ্বৰ অন্যতম সৰ্বাধিক বিক্ৰী হোৱা মহিলা সংগীত গোষ্ঠী হিচাপে পৰিগণিত হৈছিল। আমেৰিকাৰ বিলবোৰ্ড হট ১০০-ত মুঠ ১২টা শীৰ্ষস্থানৰ পপ একক গীতৰ সৈতে তেওঁলোক আজিও ইতিহাসৰ শ্ৰেষ্ঠ স্থান লাভ কৰা মহিলা গোষ্ঠী হৈ আছে।[2]
১৯৭০ চনত চপ্ৰিমছ ত্যাগ কৰাৰ পিছত ৰছে নিজৰ নামত প্ৰথমটো একক এলবাম মুক্তি দি এক সফল একক কেৰিয়াৰ আৰম্ভ কৰে। ১৯৭২ চনৰ পৰা ১৯৮০ চনৰ ভিতৰত তেওঁ চাৰিটা শীৰ্ষ দহৰ এলবাম ৰেকৰ্ড কৰিছিল, যাৰ ভিতৰত তেওঁৰ আটাইতকৈ সফল ষ্টুডিঅ' এলবাম আছিল ডায়ানা। ১৫ বছৰীয়া সময়ছোৱাত ৰছে ১২টা শীৰ্ষ দহৰ একক গীত ৰেকৰ্ড কৰিছিল, যাৰ ভিতৰত ছয়টা— "এইন্ট নো মাউণ্টেন হাই এনাফ", "টাচ মি ইন দ্য মৰ্ণিং", "থিম ফ্ৰম মেহগনী (ডু ইউ নো হোৱেৰ ইউ আৰ গোয়িং টু)", "লাভ হেংঅভাৰ", "আপচাইড ডাউন" আৰু "এণ্ডলেচ লাভ"— বিলবোৰ্ড হট ১০০-ত শীৰ্ষস্থান লাভ কৰিছিল। ইয়াৰ ফলত তেওঁ সেই সময়ত আমেৰিকাৰ সৰ্বাধিক নম্বৰ-ৱান গীত থকা মহিলা একক শিল্পী হিচাপে পৰিগণিত হৈছিল। পৰৱৰ্তী সময়ত "আই এম কামিং আউট", "চেইন ৰিয়েকচন", "ইফ উই হোল্ড অন টুগেদাৰ" আৰু "হোৱেন ইউ টেল মি দ্যাট ইউ লাভ মি" আদি গীতৰ জৰিয়তে ৰছে আন্তঃৰাষ্ট্ৰীয় সফলতা লাভ কৰে।
এগৰাকী অভিনেত্ৰী হিচাপেও ৰছে মূলসুঁতিৰ সফলতা আৰু স্বীকৃতি লাভ কৰিছে। ১৯৭২ চনত মুক্তিপ্ৰাপ্ত লেডী চিংছ দ্য ব্লুজ ছবিত বিলী হলিডেৰ চৰিত্ৰত কৰা অভিনয়েৰে তেওঁ গোল্ডেন গ্ল’ব বঁটা আৰু অস্কাৰ বঁটাৰ মনোনয়ন লাভ কৰিছিল। ইয়াৰ জৰিয়তে তেওঁ প্ৰথম ছবিৰ বাবে অস্কাৰ মনোনয়ন লাভ কৰা প্ৰথমগৰাকী আফ্ৰিকান-আমেৰিকান অভিনেত্ৰী হিচাপে পৰিগণিত হয়। এই ছবিখনৰ চাউণ্ডট্ৰেকটো আমেৰিকাৰ বিলবোৰ্ড ২০০ চাৰ্টৰ শীৰ্ষস্থান লাভ কৰা তেওঁৰ একমাত্ৰ একক এলবাম আছিল। ইয়াৰ উপৰিও তেওঁ মেহগনী (১৯৭৫) আৰু দ্য উইজ (১৯৭৮) নামৰ আন দুখন ছবিত অভিনয় কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ টেলিভিছন ছবি আউট অফ ডাৰ্কনেচ (১৯৯৪) আৰু ডাবল প্লেটিনাম (১৯৯৯) ত অভিনয় কৰিছিল। আউট অফ ডাৰ্কনেচৰ বাবে তেওঁ গোল্ডেন গ্ল’ব মনোনয়ন লাভ কৰিছিল।
১৯৭৬ চনত বিলবোৰ্ড আলোচনীয়ে ৰছক "শতিকাৰ মহিলা মনোৰঞ্জনকাৰী" আখ্যা দিছিল। ১৯৭০ চনত একক কেৰিয়াৰ আৰম্ভ কৰাৰ পৰা ৰছে বিশ্বজুৰি ১০০ নিযুতৰো অধিক ৰেকৰ্ড বিক্ৰী কৰিছে।[3] ১৯৬৪ চনৰ পৰা ১৯৮১ চনৰ ভিতৰত ৰছে আমেৰিকাৰ ওঠৰটা নম্বৰ-ৱান একক গীতত কণ্ঠদান কৰিছিল। ২০২১ চনত বিলবোৰ্ড হট ১০০-ত তেওঁক সৰ্বকালৰ ৩০ সংখ্যক সৰ্বশ্ৰেষ্ঠ শিল্পী হিচাপে স্থান দিছিল।[4][5] তেওঁ একেৰাহে ৩৩ বছৰ ধৰি (১৯৬৪–১৯৯৬) যুক্তৰাজ্যৰ শীৰ্ষ ৭৫-ত থকা এটা গীত দি এক অভিলেখ গঢ়িছে। ১৯৮৮ চনত চপ্ৰিমছৰ সদস্য হিচাপে ৰছক ৰক এণ্ড ৰোল হল অফ ফেমত অন্তৰ্ভুক্ত কৰা হয়। তেওঁ হলিউড ৱাক অফ ফেমত দুটা তৰা লাভ কৰা বিৰল শিল্পীসকলৰ এগৰাকী। তেওঁ ১৯৭৭ চনত স্পেচিয়েল টনি বঁটা, ২০০৭ চনত কেনেডী চেন্টাৰ অনাৰ্ছ, ২০১২ আৰু ২০২৩ চনত গ্ৰেমী লাইফটাইম এচিভমেণ্ট বঁটা (এই বঁটা দুবাৰকৈ লাভ কৰা তেওঁ প্ৰথম মহিলা), আৰু ২০১৬ চনত প্ৰেচিডেন্সিয়েল মেডেল অফ ফ্ৰিডম লাভ কৰে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]
ডায়ানা আৰ্নেষ্টাইন আৰ্ল ৰছৰ জন্ম হৈছিল ১৯৪৪ চনৰ ২৬ মাৰ্চত[6][7] মিচিগানৰ ডেট্ৰইটত। তেওঁ আৰ্নেষ্টাইন (পূৰ্বৰ মটেন; ২৭ জানুৱাৰী, ১৯১৬ – ৯ অক্টোবৰ, ১৯৮৪) আৰু ফ্ৰেড ৰছ ছিনিয়ৰৰ (৪ জুলাই, ১৯২০ – ২১ নৱেম্বৰ, ২০০৭) ছগৰাকী সন্তানৰ ভিতৰত দ্বিতীয় আছিল। তেওঁৰ মতাকে তেওঁৰ নাম ডায়েন ৰাখিছিল, কিন্তু জন্মৰ প্ৰমাণপত্ৰখনত ভুলবশতঃ ডায়ানা নামটো লিখা হৈছিল। তেওঁৰ পৰিয়াল আৰু ডেট্ৰইটৰ বন্ধুসকলে তেওঁক গোটেই জীৱন ডায়েন বুলিয়েই মাতিছিল।[8] ৰছৰ দুজনী ভনীয়েক (বাৰবাৰা[9] আৰু ৰীতা) আৰু তিনিজন ককায়েক-ভায়েক আছিল: আৰ্থাৰ; ফ্ৰেড জুনিয়ৰ; আৰু উইলবাৰ্ট (চিকো নামেৰেও পৰিচিত)। ৰছক বেপ্তিষ্ট হিচাপে ডাঙৰ-দীঘল কৰা হৈছিল।
ৰছ আৰু তেওঁৰ পৰিয়ালে প্ৰথমে ডেট্ৰইটৰ নৰ্থ এণ্ড অংশৰ ৬৩৫ বেলমন্ট ষ্ট্ৰীটত বাস কৰিছিল, যিটো হাইলেণ্ড পাৰ্কৰ ওচৰত আছিল। তাত তেওঁৰ চুবুৰীয়াত স্মোকী ৰবিনছন বাস কৰিছিল। ৰছৰ বয়স সাত বছৰ হওঁতে তেওঁৰ মাক যক্ষ্মা ৰোগত আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল। ৰছৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তানকেইটাক আলাবামাৰ বেচেমৰত থকা মাকৰ পিতৃ-মাতৃ ৰেভাৰেণ্ড আৰু মিচেছ উইলিয়াম মটেনৰ সৈতে থাকিবলৈ পঠিয়াই দিছিল। তেওঁৰ মাক সুস্থ হোৱাৰ পিছত তেওঁ আৰু তেওঁৰ ভাই-ভনীসকল ডেট্ৰইটলৈ ঘূৰি আহিছিল।
১৯৫৮ চনত তেওঁৰ ১৪ সংখ্যক জন্মদিনত তেওঁলোকৰ পৰিয়ালটো শ্ৰমিক শ্ৰেণীৰ ব্ৰিউষ্টাৰ-ডগলাছ হাউছিং প্ৰকল্পৰ চেইণ্ট এণ্টোৱান ষ্ট্ৰীটলৈ স্থানান্তৰিত হয়। ৰছে ডেট্ৰইট চহৰৰ কেছ টেকনিকেল হাইস্কুলত[10] অধ্যয়ন কৰিছিল। এগৰাকী ফেশ্বন ডিজাইনাৰ হোৱাৰ আশাৰে তেওঁ পোছাক ডিজাইন, মিলিটেৰী, পেটাৰ্ণ মেকিং আৰু চিলাইৰ ক্লাছ লৈছিল। সন্ধিয়া আৰু সপ্তাহৰ শেষৰ দিনবোৰত তেওঁ মডেলিং আৰু কচমেটলজীৰ ক্লাছো কৰিছিল আৰু বিদ্যালয়ৰ সাঁতোৰ দলৰ দৰে কেইবাটাও সহ-পাঠ্যক্ৰম কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। ১৯৬০ চনত ডেট্ৰইট চহৰৰ হাডছনৰ ষ্ট’ৰে ৰছক প্ৰথম আফ্ৰিকান-আমেৰিকান বাছ গাৰ্ল (বিস্কুট-চাহ আদি পৰিৱেশন কৰা সহায়ক) হিচাপে নিযুক্তি দিছিল।[11] অতিৰিক্ত উপাৰ্জনৰ বাবে তেওঁ চুবুৰীয়াৰ চুলি কটাৰ সেৱাও আগবঢ়াইছিল। ৰছে ১৯৬২ চনৰ জানুৱাৰী মাহত কেছ টেকৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Allard, François; Lecocq, Richard (2018). "Diana Ross: Godmother and Muse". Michael Jackson: All the Songs: The Story Behind Every Track. Octopus Books. ISBN 9781788401234. https://books.google.com/books?id=4qJfDwAAQBAJ&pg=PT378। আহৰণ কৰা হৈছে: November 11, 2019.
- ↑ "Top 10 Girl Groups of All Time: page 1". Billboard. July 11, 2017. https://www.billboard.com/articles/pop-shop/girl-group-week/5901266/top-10-girl-groups-of-all-time। আহৰণ কৰা হৈছে: April 17, 2020.
- ↑ "Diana Ross to play The Joint in April". Tulsaworld.com. February 19, 2014. https://tulsaworld.com/entertainment/music/diana-ross-to-play-the-joint-in-april/article_ee63406b-de1e-566c-acaf-995fb8ae8ac9.html। আহৰণ কৰা হৈছে: August 10, 2021.
- ↑ "Greatest of All Time Hot 100 Artists". Billboard. https://www.billboard.com/charts/greatest-hot-100-artists। আহৰণ কৰা হৈছে: March 26, 2022.
- ↑ "Diana Ross-Greatest of All Time Hot 100 Artists". Billboard. https://www.billboard.com/artist/diana-ross/chart-history/gha/। আহৰণ কৰা হৈছে: March 26, 2022.
- ↑ "Diana Ross Was Born on March 26, 1944". Musicbyday.com. Archived from the original on May 4, 2012. https://web.archive.org/web/20120504214737/http://www.musicbyday.com/diana-ross-was-born-on-march-26-1944/425/। আহৰণ কৰা হৈছে: April 10, 2012.
- ↑ Whitburn, Joel, The Billboard Book of Number 1 Hits, p. 207.
- ↑ Haskins, James (1982). I'm Gonna Make You Love Me: The Story of Diana Ross. Dell. পৃষ্ঠা. 12. ISBN 9780440941729. https://archive.org/details/imgonnamakeyoulo0000jame.
- ↑ "It's Clear That Diana Ross's Family Has "Endless Love" For Each Other" (en-US ভাষাত). Oklahoman.com. March 27, 2019. Archived from the original on September 9, 2021. https://web.archive.org/web/20210909235715/https://www.oklahoman.com/article/feed/5736553/its-clear-that-diana-rosss-family-has-endless-love-for-each-other। আহৰণ কৰা হৈছে: February 20, 2021.
- ↑ "1962 Cass Technical Yearbook". classmates.com. http://www.classmates.com/yearbooks/Cass-Technical-High-School/398?page=38। আহৰণ কৰা হৈছে: July 28, 2014.
- ↑ "Hudson's". Detroit Historical SocietyEncyclopedia of Detroit. https://detroithistorical.org/learn/encyclopedia-of-detroit/hudsons। আহৰণ কৰা হৈছে: 5 June 2022.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ডায়ানা ৰছ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
| ৱিকিউদ্ধৃতিত ডায়ানা ৰছ বিষয় সংক্ৰান্তত উদ্ধৃতি আছে। |
- ডায়ানা ৰছ at AllMusic

- ডায়ানা ৰছ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ডায়ানা ৰছ at the "Internet Broadway Database"