ডায়েটম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
colspan=2 style="text-align: center; background-color: transparent; text-align:center; border: 1px solid red; " | ডায়েটম
Diatoms
Marine diatoms
colspan=2 style="text-align: center; background-color: transparent; text-align:center; border: 1px solid red; " | জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Eukaryota
(অশ্ৰেণীকৃত): SAR supergroup
মহাপৰ্ব: Heterokonta
পৰ্ব: Ochrophyta
শ্ৰেণী: Bacillariophyceae
Dangeard, 1933[1]
colspan=2 style="text-align: center; background-color: transparent; text-align:center; border: 1px solid red; " | সমাৰ্থক

ডায়েটম (লেটিন tém-n-ō ৰ পৰা, "I cut" বা "দুটা ভাগত বিভক্ত") সাগৰ, অন্য জলউৎস আৰু মাটিত পোৱা এবিধ ক্ষুদ্ৰ এককোষী শেলাই। ই ফাইট'প্লেংকটনৰ প্ৰধান প্ৰকাৰ। ডায়েটমে পৃথিৱীত প্ৰতি বছৰে প্ৰস্তুত অম্লজান]ৰ প্ৰায় ২০% উৎপন্ন কৰে।[6] জীৱিত ডায়েটমৰ সংখ্যা এহেজাৰ কোটিৰো বেছি। সাগৰত পোৱা জৈৱিক দ্ৰব্যৰ আধাৰো বেছি ডায়েটেমেৰে গঠিত। মৃত ডায়েটমৰ খোলা সাগৰতলীৰ আধা মাইললৈকে বিস্তৃত হ'ব পাৰে। খাদ্য শৃংখলত ডায়েটম স্বয়ংপোষিত (Autotroph) জীৱ। চকুত লগা সজ্জা আৰু সামঞ্জস্যতাৰ বাবে ইয়াক 'সাগৰৰ মুকুতা' বুলিও অভিহিত কৰা হয়।[7]

ডায়েটমৰ এটা অদ্বিতীয় বৈশিষ্ট্য হৈছে ইয়াৰ কোষ বেৰ চিলিকাৰে (হাইড্ৰেটেড চিলিকন ডাইঅক্সাইড) গঠিত। ইয়াক ফ্ৰাষ্টিউল (frustule) বোলা হয়।[8] ফ্ৰাষ্টিউলৰ ৰূপ ভিন ভিন হ'ব পাৰে, কিন্তু সাধাৰণতে দ্বিমুখী সামঞ্জস্য দেখা যায়। ইয়াৰ নামৰ উৎপত্তিও সেয়েই। এটা ফালৰ ভাল্‌ভ আনটো অংশতকৈ সামান্য ডাঙৰ বাবে এই সামঞ্জস্যতা নিখুঁত নহয়। ডায়েটমৰ পুৰুষ জননকোষৰহে ফ্লেজেলা থাকে।

ফচিলৰ পৰা গম পোৱা গৈছে যে প্ৰাৰম্ভিক জুৰাচিক যুগৰ সময়ত বা আগতেই ডায়েটমৰ উৎপত্তি হৈছিল। ১৭৮৩ চনত ডেনিচ প্ৰকৃতিবিদ অট' ফ্ৰেডেৰিক মুলাৰৰ বৈজ্ঞানিক বিৱৰণত Bacillaria paxillifer নামেৰে ডায়েটমৰ প্ৰথম উল্লেখ পোৱা যায়।

পানীৰ মানৰ গুণাগুণ চোৱাকে ধৰি পৰিবেশ পৰীক্ষণত ডায়েটেম এক জনপ্ৰিয় আহিলা। ডায়েটমৰ খোলা গুৰি কৰি diatomaceous earth (diatomite) নামৰ পদাৰ্থ তৈয়াৰ কৰা হয়। ইয়াক পানী পৰিস্ৰাৱন, মসৃণ কৰা বস্তু (mild abrasive), ডায়নামাইট ষ্টেবিলাইজাৰ আদি কামত ব্যৱহাৰ কৰা হয়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Dangeard, P. (1933). Traite d'Algologie. Paul Lechvalier and Fils, Paris, [1].
  2. Dumortier, B.-C. (1822). Commentationes botanicae. Observations botaniques, dédiées à la Société d'Horticulture de Tournay Archived 6 October 2015 at the Wayback Machine. (disponible at Algaebase). pp. [i], [1]-116, [1, tabl., err.]. Tournay: Imprimerie de Ch. Casterman-Dieu, Rue de pont No. 10.
  3. Rabenhorst, L. Flora europaea algarum aquae dulcis et submarinae (1864–1868). Sectio I. Algas diatomaceas complectens, cum figuris generum omnium xylographice impressis (1864). pp. 1-359. Lipsiae [Leipzig]: Apud Eduardum Kummerum.
  4. Haeckel, E. (1878). Das Protistenreich.
  5. Engler, A. & Gilg, E. (1919). Syllabus der Pflanzenfamilien: eine Übersicht über das gesamte Pflanzensystem mit besonderer Berücksichtigung der Medizinal- und Nutzpflanzen, nebst einer Übersicht über die Florenreiche und Florengebiete der Erde zum Gebrauch bei Vorlesungen und Studien über spezielle und medizinisch-pharmazeutische Botanik, 8th ed., Gebrüder Borntraeger Verlag, Berlin, 395 p.
  6. The Air You're Breathing? A Diatom Made That
  7. Hoiberg Dale H. (Editor) (2013). Britannica Reference Encyclopedia. Britannica Encyclopaedia Inc.. পৃষ্ঠা. 199. 
  8. "More on Diatoms". http://www.ucmp.berkeley.edu/chromista/diatoms/diatommm.html. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]