ডায়েনা পুণ্ডোলে
ডায়েনা পুণ্ডোলে (ইংৰাজী: : Diana Pundole ; জন্ম: ১৫ আগষ্ট ১৯৯৩)[1] মহাৰাষ্ট্ৰৰ পুনেৰ এগৰাকী ভাৰতীয় ৰেচিং চালক।[2] ভাৰতীয় মটৰ ক্ৰীড়াৰ ইতিহাসত ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা য'ত লেডী ৰেচিং চালকসকলে পুৰুষ চালকৰ সৈতে সমানে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।[3][4] ২০২৪ চনৰ ১৮ আগষ্টত চেন্নাইৰ ওচৰৰ মাদ্ৰাজ আন্তঃৰাষ্ট্ৰীয় চাৰ্কিটত মাদ্ৰাজ মটৰ স্প'ৰ্টছ ক্লাবে আয়োজন কৰা চেলুন গাড়ী শ্ৰেণীত এম আৰ এফ এম এম এছ চি fmsci ইণ্ডিয়ান নেচনেল কাৰ ৰেচিং চেম্পিয়নশ্বিপ ২০২৪ত ৰাষ্ট্ৰীয় খিতাপ দখল কৰে।[5][1]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]পুনেৰ পাৰ্চী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল পুণ্ডোলে। ২০১৫ চনত ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[6]
ৰেচিং জীৱন
[সম্পাদনা কৰক]২০১৮ চনত ৰেচিং কেৰিয়াৰ আৰম্ভ কৰে। কইম্বাটুৰত জে কে টায়াৰছৰ উদ্যোগত আয়োজিত ‘উইমেন ইন মটৰস্প’ৰ্ট’ৰ বাবে দেশজোৰা টেলেণ্ট হাণ্টত অংশগ্ৰহণ কৰিছিল। প্ৰায় ২০০ গৰাকী অংশগ্ৰহণকাৰীয়ে এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছিল। ডায়েনা পুণ্ডোলে শীৰ্ষৰ ছয়গৰাকীৰ ভিতৰত স্থান লাভ কৰিছিল। এই শীৰ্ষৰ ছয়গৰাকীক জে কে টায়াৰ নেচনেল ৰেচিং চেম্পিয়নশ্বিপত এবছৰৰ বাবে বিনামূলীয়া ড্ৰাইভৰ বাবে ফেল’শ্বিপ দিয়া হয়। ডায়েনাই ২০১৮ আৰু ২০১৯ চনত দুবছৰ ধৰি এই চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল।[6] ২০২১ চনত চেন্নাইত অনুষ্ঠিত হোৱা ফক্সৱেগেন প'লো কাপ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰে আৰু এবছৰৰ পিছত ২০২৩ চনত এম আৰ এফ চেলুন কাৰ্ছ নেচনেল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ তেওঁ এটা ডাঙৰ সুবিধা লাভ কৰে।[7] ২০২৪ চনত তেওঁ চেলুন গাড়ীত ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ জয় কৰি ছবছৰীয়া যাত্ৰাৰ অন্ত পেলাই একাধিক জয়, দ্ৰুততম লেপ আৰু প'ল পজিচন লাভ কৰে।[6]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Reporter, P. T. (2024-08-24). "'Diana Pundole Makes Motorsports History'" (en-GB ভাষাত). Parsi Times. https://parsi-times.com/2024/08/diana-pundole-makes-history-again-as-first-indian-female-driver-to-win-national-racing-championship-title/। আহৰণ কৰা হৈছে: 2024-10-11.
- ↑ "All about Diana Pundole, a teacher-turned-racer and why is she trending". The Times of India. 2024-08-22. ISSN 0971-8257. https://timesofindia.indiatimes.com/etimes/trending/all-about-diana-pundole-a-teacher-turned-racer-and-why-is-she-trending/articleshow/112708299.cms.
- ↑ "Mother of two Diana Pundole breaks glass ceiling to win top Indian racing championship" (en ভাষাত). gulfnews.com. 2024-09-03. https://gulfnews.com/sport/motorsport/mother-of-two-diana-pundole-breaks-glass-ceiling-to-win-top-indian-racing-championship-1.104001093। আহৰণ কৰা হৈছে: 2024-10-11.
- ↑ "Diana Pundole from Pune Makes History as First Indian Female Driver to Win National Racing Championship Title - PUNE PULSE" (en ভাষাত). 2024-08-19. https://www.mypunepulse.com/diana-pundole-from-pune-makes-history-as-first-indian-female-driver-to-win-national-racing-championship-title/#google_vignette। আহৰণ কৰা হৈছে: 2024-10-11.
- ↑ "Diana Pundole: The mother of two who became India's first female national racing champion - All about Diana Pundole: From Pune teacher to first woman car racer". The Economic Times. https://economictimes.indiatimes.com/news/sports/diana-pundolethe-mother-of-two-who-became-indias-first-female-national-racing-champion/a-birthday-victory-on-the-track/slideshow/112731713.cms। আহৰণ কৰা হৈছে: 2024-10-11.
- ↑ 6.0 6.1 6.2 "Against All Odds | How a girl named after Princess Diana battled loss to speed her way to top of the racing game" (en ভাষাত). The Indian Express. 2024-08-25. https://indianexpress.com/article/cities/pune/woman-motorsport-car-racing-9532185/। আহৰণ কৰা হৈছে: 2024-10-11.
- ↑ Santhosh, Aswathy (2024-08-25). "Diana Pundole: Fueled by passion and a heart for racing" (en ভাষাত). thebridge.in. https://thebridge.in/motorsport/diana-pundole-national-car-racing-championship-49254। আহৰণ কৰা হৈছে: 2024-10-11.