ডায়েনা হেইডেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ডায়েনা হেডেনৰ পৰা পুনঃনিৰ্দেশিত)
ডায়েনা হেইডেন

২০১৭ চনত দ্বিতীয়বাৰ গৰ্ভৱতী হোৱা অৱস্থাত হেইডেন
জন্ম ১ মে', ১৯৭৩ (৫০ বছৰ)
হায়দৰাবাদ, ভাৰত
শিক্ষা ছেইণ্ট এন'ছ হাইস্কুল, ছেকেণ্ডেৰাবাদ[1]
শিক্ষানুষ্ঠান ৰয়েল একাডেমী আৱ ড্ৰামেটিক আৰ্ট
লণ্ডন, ইংলেণ্ড
পেচা
  • অভিনেত্ৰী
  • টেলিভিছন পৰিৱেশিকা
  • মডেল
সক্ৰিয় হৈ থকা সময় ১৯৯৭–২০১২
উচ্চতা ১.৭৯ মিটাৰ (U=ft}})
পদবী ফেমিনা মিছ ইণ্ডিয়া ১৯৯৭
মিছ ৱৰ্ল্ড ১৯৯৭
দাম্পত্যসঙ্গী কলিন ডিক (বি. ২০১৩)
সন্তান

ডায়েনা হেইডেন (ইংৰাজী: Diana Hayden; জন্ম ১ মে' ১৯৭৩) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, টেলিভিছন পৰিৱেশিকা, মডেল আৰু ১৯৯৭ চনত অনুষ্ঠিত হোৱা 'বিশ্ব সুন্দৰী' (মিছ ৱৰ্ল্ড)-ৰ বিজয়িনী। 'বিশ্ব সুন্দৰী'ৰ খিতাপ জয় কৰা ডায়েনা হৈছে তৃতীয়গৰাকী ভাৰতীয় নাৰী। একেটা প্ৰতিযোগিতাতে তেখেতে অইন তিনিটা উপ-খিতাপো জয় কৰিবলৈ সমৰ্থৱান হৈছিল। এই সফলতা লাভ কৰা তেখেত প্ৰথমগৰাকী বিশ্ব সুন্দৰী। ২০০৮ চনত তেখেতে টেলিভিছনৰ ৰিয়েলিটি অনুষ্ঠান 'বিগ বছ'ত এগৰাকী ছেলিব্ৰেটি প্ৰতিযোগীৰ ৰূপত অংশগ্ৰহণ কৰে।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ হায়দৰাবাদৰ এটি এংলো-ইণ্ডিয়ান খ্ৰীষ্টান পৰিয়ালত হেইডেনৰ জন্ম হয়।[2] ছেকেণ্ডেৰাবাদত থকা ছেইণ্ট এন'ছ হাইস্কুলৰ পৰা তেখতে প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে।[3] বিদ্যালয়ত পঢ়ি থকাৰ সময়তে পিতৃ-মাতৃৰ মাজত বৈবাহিক বিচ্ছেদ হয় আৰু ডায়েনাই তেৰবছৰ বয়সৰ পৰাই কাম কৰিবলৈ আৰম্ভ কৰে। এনকোৰত থকা এটা ইভেণ্ট মেনেজমেণ্ট কোম্পানীত তেখেতে পোনপ্ৰথমতে কিছুমান মডেলিঙৰ এছাইনমেণ্টত জড়িত হয়।[4] একৈশ বছৰত বয়সত, ডায়েনাই বিএমজি ক্ৰেছেণ্ডোত এগৰাকী জনসম্পৰ্কৰক্ষী বিষয়া হিচাপে কাম কৰে। ইয়াত তেখেতে মেহনাজ হুছেইন আৰু আনাইডাৰ দৰে কণ্ঠশিল্পীৰ কেৰিয়াৰ পৰিচালনাত সহযোগী হিচাপে কাম কৰিছিল।[3]

সুন্দৰী প্ৰতিযোগিতাত[সম্পাদনা কৰক]

তেইশ বছৰ বয়সত ডায়েনাই সৌন্দৰ্য প্ৰতিযোগিতাৰ পৰিক্ৰমাটো আৰম্ভ কৰে। তেখেতৰ এগৰাকী বন্ধুৱে "ফেমিনা মিছ ইণ্ডিয়া"ত অংশগ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে।[5]১৯৯৭ চনৰ ফেমিনা মিছ ইণ্ডিয়াৰ বাবে ডায়েনাৰ নামটো ছৰ্টলিষ্ট কৰা হয়। তেখেতে প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰে আৰু মিছ ইণ্ডিয়া ৱৰ্ল্ডৰ খিতাপটোৰ অধিকাৰীনী হয়। ছেইছিলিছৰ বেই লাজাৰেত অনুষ্ঠিত হোৱা বিশ্ব সুন্দৰীৰ ৪৭তম সংস্কৰণত ডায়েনাই ভাৰতক প্ৰতিনিধিত্ব কৰে।[6] বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ৮৬গৰাকী অভ্যাগতই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু প্ৰতিযোগিতাৰ শেষত ডায়েনক ১৯৯৭ চনৰ বিশ্ব সুন্দৰী হিচাপে ঘোষণা কৰা হয়।[7]

প্ৰতিযোগিতাৰ প্ৰশ্নোত্তৰ শিতানত ডায়েনক সোধা হৈছিল, “আপুনি কিয় বিশ্ব সুন্দৰী হ'ব বিচাৰে?” উত্তৰত ডায়েনাই কৈছিল:

I draw inspiration from a famous writer and poet, William Butler Yeats, who once wrote - 'With Dreams Begin Responsibility.' Well for me, this title is that dream and the responsibility it brings, I cherish that in a small way I could make a difference and help the dreams of others. Thank you.[8]

ইয়াৰোপৰি ডায়েনাক "মিছ ৱৰ্ল্ড ১৯৯৭- এছিয়া আৰু অচেনিয়া"ৰ খিতাপটোও প্ৰদান কৰা হয়। আনহাতে "মিছ ফটোজেনিক" আৰু "স্পেক্টেকুলাৰ ছুইমৱেৰ" খিতাপ দুটাও তেখেতে অৰ্জন কৰে। একেখন প্ৰতিযোগিতা তিনিটাকৈ উপ-খিতাপ অৰ্জন কৰা হেইডেন প্ৰথমগৰাকী বিশ্ব সুন্দৰী হৈ পৰে। উল্লেখ্য যে, ১৯৬৬ চনৰ ৰীতা ফাৰিয়া আৰু ১৯৯৪ চনৰ ঐশ্বৰ্যা ৰায়ৰ পিছত বিশ্ব সুন্দৰীৰ খিতাপ অৰ্জন কৰা তৃতীয়গৰাকী ভাৰতীয় নাৰী হিচাপে ডায়েনা হেইডেনৰ নামটো লিপিবদ্ধ হয়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "From Sushmita Sen to Diana Hayden, see how educated your favourite Indian beauty pageant winners are". India Times. 25 July 2017. https://www.indiatoday.in/education-today/featurephilia/story/beauty-pageant-1026148-2017-07-25। আহৰণ কৰা হৈছে: 15 February 2018. 
  2. "With Yeats on her lips, India's own Diana Hayden crowned Miss World". Rediff.com. 23 November 1997. http://www.rediff.com/news/nov/23world.htm। আহৰণ কৰা হৈছে: 25 December 2010. 
  3. 3.0 3.1 "Biography of Diana Hayden". WhereInCity India Information. http://www.whereincity.com/india/great-indians/women/diana-hayden.php। আহৰণ কৰা হৈছে: 25 December 2010. 
  4. Babbar, Sonakshi (25 June 2012). "I worked day and night: Diana Hayden". The Hindustan Times. https://m.hindustantimes.com/books/i-worked-day-and-night-diana-hayden/story-OKTgEggqvU8wfZRwK07zTI.html. 
  5. "These photos prove that Miss World 1997 Diana Hayden is no less beautiful than Aishwarya Rai". Zoom TV. 27 April 2018. https://www.timesnownews.com/amp/entertainment/news/people/article/these-photos-prove-that-miss-world-1997-diana-hayden-is-no-less-beautiful-than-aishwarya-rai/221721. 
  6. "When Diana Hayden was crowned Miss World 1997". Indiatimes. 27 April 2018. https://m.beautypageants.in/miss-world/when-diana-hayden-was-crowned-miss-world-1997/eventshow/63937533.cms. 
  7. "Diana Hayden: Being brown skinned, I've had to fight the 'light skin is better' issue.". The Indian Express. 28 April 2018. https://indianexpress.com/article/entertainment/bollywood/diana-hayden-5154733/lite/। আহৰণ কৰা হৈছে: 21 May 2019. 
  8. "6 Answers That Made India Win The Miss World Title". New Woman. https://www.newwomanindia.com/6-answers-made-india-win-miss-world-title/amp/। আহৰণ কৰা হৈছে: 7 November 2020. [সংযোগবিহীন উৎস]