সমললৈ যাওক

ডালিয়া (দেৱী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

লিথুৱেনিয়াৰ পৌৰাণিক কাহিনীত ডালিয়াক এগৰাকী পৌত্তলিক দেৱীৰ ৰূপত মানৱজাতিৰ পৃষ্ঠপোষক বা ভাগ্যৰ দাতা হিচাপে দেখা গৈছিল। তেওঁ হৈছে “দিয়া আৰু লোৱা’’ৰ অৰ্থাৎ সামগ্ৰী আৰু সম্পত্তিৰ দাতা আৰু গ্ৰহণকাৰী। বাল্টিক সংস্কৃতিৰ কিছুমান বিশেষ সংস্কৃতিত তেওঁক প্ৰায়ে এগৰাকী সৃষ্টিকৰ্তা দেৱতাৰ সৈতে জড়িত কৰা হৈছিল। লিথুৱেনিয়াত খ্ৰীষ্টান ধৰ্ম প্ৰতিষ্ঠা আৰু প্ৰসাৰৰ লগে লগে ডালিয়াৰ পূজা নিষিদ্ধ কৰা হৈছিল, কিন্তু ইয়াৰ লগত জড়িত এটা মতামতে আকৌ ডালিয়াক কুমাৰী মাতৃ মেৰীৰ সৈতে সংযোগ কৰিব খোজে।[উদ্ধৃতিৰ প্ৰয়োজন] সামগ্ৰিকভাৱে দেৱী ডালিয়াক প্ৰায়ে ভাগ্যৰ আন এগৰাকী দেৱী লাইমাৰ সৈতে বিভ্ৰান্ত কৰা হয় আৰু দুয়োগৰাকীক বৈশিষ্ট্যৰফালৰপৰা পৃথক কৰাটোও বৰ কঠিন। কেতিয়াবা ডালিয়াক লাইমাৰ এক বেলেগ প্ৰকাশ বুলি ভবা হয়।[1] কিন্তু লাইমাই এজন ব্যক্তিৰ জীৱনৰ দৈৰ্ঘ্যৰ অৰ্থাৎ আয়ুসৰ ভৱিষ্যদ্বাণী কৰাত অধিক জড়িত হোৱাৰ বিপৰীতে ডালিয়াই জীৱনকালত এজন ব্যক্তিয়ে উপাৰ্জন কৰিবলগীয়া ধন আৰু বস্তুগত সম্পদৰ প্ৰতি অধিক চিন্তা কৰে – তেওঁ সকলোকে পাবলগীয়া উপযুক্ত অংশ (লিথুৱেনিয়ান: dalis) আবণ্টন দিয়ে।[2] পৰম্পৰাগত কাহিনী অনুসৰি পিতৃয়ে যেনেকৈ নিজৰ সম্পত্তি সন্তানৰ মাজত ভাগ কৰে, ঠিক তেনেকৈয়ে ডিয়েভাছ চেনেলিছে (পৰম দেৱতা ডিয়েভাছৰ প্ৰকাশ) প্ৰতিটো নৱজাতকক সম্পদৰ উপযুক্ত অংশ ভাগ কৰি দিয়ে।[1] সম্পদৰ ভাগ কৰাৰ ক্ষেত্ৰত ডালিয়া সিদ্ধান্ত গ্ৰহণকাৰী নহয়, বাল্টিক পৌৰাণিক কাহিনীত তেওঁ ওপৰত উল্লেখ কৰা সৰ্বোচ্চ দেৱতা ডিয়েভাছৰ ইচ্ছা কাৰ্যত প্ৰয়োগ কৰোঁতা হিচাপেহে বেছিকৈ দেখা যায়।[1] তেওঁৰ বিভিন্ন ৰূপ, যেনে কেতিয়াবা মহিলা, কেতিয়াবা ভেৰা পোৱালি বা কুকুৰ আৰু ৰাজহাঁহ বা হাঁহ হিচাপে দেখা দিব পাৰে।[3]


তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 Greimas, Algirdas Julien (1992). Of Gods and Men. Studies in Lithuanian Mythology. Indiana University Press. পৃষ্ঠা. 127–128. ISBN 0-253-32652-4. 
  2. Gimbutas, Marija; Miriam Robbins Dexter (2001). The Living Goddesses. University of California Press. পৃষ্ঠা. 201. ISBN 0-520-22915-0. https://books.google.com/books?id=Xs26aFrT0YAC&pg=PA201. 
  3. Zinkus, Jonas; et al., eds. (1985–1988). "Dalia". Tarybų Lietuvos enciklopedija (in লিথুৱানিয়ান). I. Vilnius, Lithuania: Vyriausioji enciklopedijų redakcija. p. 378. OCLC 20017802.