সমললৈ যাওক

ডাল ঢোকলি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডাল ঢোকলি

পৰিবেশন কৰিবলৈ ৰখা ডাল ঢোকলি
অন্য নাম দল পিঠৌৰী, দল পিঠি
উৎপত্তিৰ স্থান ভাৰতীয় উপমহাদেশ
অঞ্চল বিহাৰ,ৰাজস্থান, মধ্যাপ্ৰদেশ & গুজৰাট
সম্পৰ্কিত ৰাষ্ট্ৰীয় ব্যঞ্জন ভাৰত
মুখ্য উপাদান দল, ধোকলি/পিঠি
হালধীয়া ডাল য'ত ঘেঁহুৰ আটাৰ ডাঠ ঢোকলি আছে।
ডাল ঢোকলিৰে ভৰা এখন প্লেট

ডাল ঢোকলি (গুজৰাটী: દાળ ઢોકળી) হৈছে ৰাজস্থানী আৰু গুজৰাটী খাদ্য সমূহৰ অন্তগৰ্ত সাধাৰণ ভাৰতীয় খাদ্য। এই খাদ্য সাধাৰনতে টুৰ ডাল (অঢ়হৰ দাল)ৰ গাঢ় জোলত গমৰ আটাৰে বনোৱা সৰু পিঠাৰ টুকুৰা দি উতলাই প্রস্তুত কৰা হয়।[1] একেধৰণৰ প্ৰস্তুতিক মাৰাঠী ভাষাত বৰণফল (মাৰাঠী: वन फळ) বা চাকোলীয়া (মাৰাঠী: चकोला) বোলা হয়।[2] সাধাৰণতে গুজুৰাটীত ইয়াৰ উচ্চাৰণ 'দৰ ধোৰী'। কিছুমান ঘৰুৱা পৰম্পৰাত এই ডাল ঢোকলি খাদ্য বিধ আহাৰ খাই বাকী থকা ডালৰ পৰা তৈয়াৰ কৰা হয়।[3]

প্ৰস্তুত প্ৰনালী

[সম্পাদনা কৰক]

ডাল ঢোকলি বিভিন্ন প্ৰকাৰৰ ডালৰ সৈতে বনাব পৰা যায়। সাধাৰণতে ব্যৱহৃত কিছুমান ডালৰ ভিতৰত — টুৰ ডাল (অঢ়হৰ দাল), মাছুৰ ডাল (ৰঙা মচুৰ দাইল), আৰু মুগ ডাল (মুং বিন)। ইয়াৰ যি কোনো এবিধ ডাল ধুই লোৱাৰ পিছত ডালখিনি পানীৰ চাপেৰে সিজাই বা প্ৰেছাৰ কুকাৰত পানীৰ সৈতে ৰন্ধি মছলাৰে টেম্পাৰ কৰি ডাঠ জোল্ তৈয়াৰ কৰা হয়। ঘেঁহুৰ আটা, নিমখ আৰু পানীৰ গুড়ি কৰি লাড়ু বনাই বেলিলৈ টুকুৰা টুকুৰ কৰি ঢোকলি বা ঘেঁহুৰ আটাৰ টুকুৰা তৈয়াৰ কৰা হয়।[4]সেই আটাৰ টুকুৰাবোৰ ডালৰ ভিতৰত দি ভালদৰে উটলাই ৰন্ধা হয়।

কিছুমান ডাল ঢোকলিত বাদাম (peanuts) যোগ কৰা হয়। আন কিছুমানত কেতিয়াবা কোকুম, গুড়, আৰু মচলা (জীৰা, হিং) যোগ কৰি খাতাস-মিঠা স্বাদ দিয়া হয়।[5]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. Kapoor, Sanjeev (2009). Dal & Kadhi. Popular Prakashan Pvt. Limited. পৃষ্ঠা. 43. ISBN 9788179914151.
  2. Kumawat, Lovesh (2020). Cuisine. NotionPress. পৃষ্ঠা. 110. ISBN 9781648501623.
  3. Patel, Kanan (2013-09-23). "Dal Dhokli" (en-US ভাষাত). Spice Up The Curry. https://www.spiceupthecurry.com/dal-dhokli-recipe/ আহৰণ কৰা হৈছে: 2024-07-23.
  4. Aggarwal, Uma (2009). The Exquisite. Allied Publishers. পৃষ্ঠা. 250. ISBN 9788184244748.
  5. Kapoor, Sanjeev (2009). Sanjeev Kapoor's TV Dinners. Popular Prakashan. পৃষ্ঠা. 42. ISBN 9788179914038.