ডাৰ্ক কুইজিন

ডাৰ্ক কুইজিন বা হেই আন লিয়াও লি (চীনা: 黑暗料理) হৈছে এক চীনা নৱশব্দ (neologism), যিটো এনে এক ৰন্ধনশৈলীক বুজাবলৈ ব্যৱহাৰ কৰা হয় য’ত আচৰিত বা আনকি বিৰক্তিকৰ যেন লগা খাদ্য বা উপকৰণৰ সংমিশ্ৰণ ব্যৱহাৰ কৰা হয়, কিন্তু সেইবোৰ প্ৰায়ে ভবাতকৈ অধিক সোৱাদযুক্ত হয়।
ইতিহাস
[সম্পাদনা কৰক]ডাৰ্ক কুইজিন বা ‘আন্ধাৰ ৰন্ধনশৈলী’ সাধাৰণতে শুনিবলৈ বা দেখিবলৈ অদ্ভুত বা আনকি ঘৃণনীয় যেন লাগে, কিন্তু কিছুমান ক্ষেত্ৰত ই প্ৰত্যাশিততকৈ অধিক আকৰ্ষণীয় হয়।[1][2] চীনা শব্দ 'হেই আন লিয়াও লি'ৰ ব্যৱহাৰ ১৯৯০ চনৰ এৎসুছি ওগাৱাৰ মাংগা ধাৰাবাহিক 'চুকা ইচিবান! 'ৰপৰা আৰম্ভ হৈছিল। ইয়াত এজন ডেকা ৰান্ধনিয়ে ১৯ শতিকাৰ চীনত 'ডাৰ্ক কুকিং চছাইটি'ৰ বিৰুদ্ধে যুঁজ দিয়াৰ কাহিনী বৰ্ণনা কৰা হৈছে।[1][3] চীনত ২০১২ চনৰপৰা 'ষ্টাৰগেজী পাই' (এক কৰ্নিচ ব্যঞ্জন) সম্পৰ্কে আলোচনা কৰিবলৈ এই শব্দটো ব্যৱহাৰ কৰা হৈছিল, যিটো আছিল পশ্চিমীয়া ৰন্ধন প্ৰণালীৰ বিষয়ে চীনাসকলৰ বাবে এক আচৰিত উদাহৰণ।[1][4]
সংজ্ঞা
[সম্পাদনা কৰক]খাদ্য উদ্যমী জিং (জেনি) গাওৰ মতে, এই শব্দটো "গিলি থ’বলৈ বিশেষকৈ টান যিকোনো বস্তুৰ" বাবে ব্যৱহাৰ কৰিব পাৰি—অৰ্থাৎ এনে উপকৰণৰ সংমিশ্ৰণ যিয়ে মানুহক অস্বস্তি দিয়ে বা অস্বাস্থ্যকৰ পৰিৱেশত প্ৰস্তুত কৰা খাদ্য।[1] চেংডুৰ সৰু সৰু ৰেষ্টুৰেণ্টবোৰত এনে খাদ্য ইমান জনপ্ৰিয় যে সেইবোৰে "মানুহক মাখিৰ দৰে আকৰ্ষণ কৰে" আৰু সেইবোৰক "মাখি ৰেষ্টুৰেণ্ট" বুলি কোৱা হয়।[2] ইয়াত "অৰ্থহীন" সংমিশ্ৰণবোৰ অতি সাধাৰণ।[5] প্ৰায়ে মানুহে ছচিয়েল মিডিয়াত এনে ব্যঞ্জনৰ ফটো দি বাহাদুৰী লয় বা আনক আচৰিত কৰে।[1][2]
উদাহৰণ
[সম্পাদনা কৰক]ইয়াৰ উদাহৰণসমূহৰ ভিতৰত আছে চিলি ক্ৰিস্পৰ সৈতে আইচক্ৰীম; [1][2][6] ভেলভিটা ফেন, গেটোৰেড আৰু ডৰিটোছৰ সংমিশ্ৰণ; আৰু ঘৰুৱা ৰন্ধনৰ সময়ত হোৱা বিপৰ্যয়বোৰৰ নথিভুক্তকৰণ। আন এগৰাকী মন্তব্যকাৰীয়ে ব্লুবেৰী দৈৰ সৈতে ৰোষ্ট বিফ, পিনাট বাটাৰ আৰু পিঁয়াজৰ সৈতে চচেজ আৰু চিলি ক্ৰিস্প পিনাট ব্ৰিটলৰ তালিকা দিছে।[3]
জড়িত বিষয়
[সম্পাদনা কৰক]ছুইডেনৰ মালমোত ২০১৮ চনত মুকলি হোৱা 'ডিছগাষ্টিং ফুড মিউজিয়াম' (ঘৃণনীয় খাদ্য সংগ্ৰহালয়) অৱস্থিত, যিয়ে দৰ্শকক "তেওঁলোকে কিহক ঘৃণনীয় বুলি ভাবিছে সেই লৈ প্ৰশ্ন কৰিবলৈ" উৎসাহিত কৰে।[1] আমেৰিকান ৰান্ধনি ডেভিদ চাঙে নেটফ্লিক্সত 'আগলী ডিলিছিয়াছ' (Ugly Delicious) নামৰ এখন ধাৰাবাহিক চলাইছে।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 4 5 6 7 8 Mishan, Ligaya (14 February 2019). "How So-Called 'Ugly Food' Is Challenging Notions of What We Crave" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2019/02/14/t-magazine/dark-cuisine-ugly-food.html.
- 1 2 3 4 "Jenny Gao: The gruesomeness of 'Dark Cuisine'" (en-nz ভাষাত). RNZ. 26 May 2019. https://www.rnz.co.nz/national/programmes/sunday/audio/2018696791/jenny-gao-the-gruesomeness-of-dark-cuisine। আহৰণ কৰা হৈছে: 15 December 2021.
- 1 2 Donnelly, Laura (18 June 2020). "Seasons by the Sea: Dark Cuisine, Bright Ideas" (en ভাষাত). East Hampton Star. https://www.easthamptonstar.com/food/2020618/seasons-sea-dark-cuisine-bright-ideas। আহৰণ কৰা হৈছে: 15 December 2021.
- ↑ "Parody of popular Chinese show on British food goes viral" (en-GB ভাষাত). BBC News. 16 May 2014. https://www.bbc.com/news/blogs-china-blog-27442398.
- ↑ D'Antonio, Christian (2 March 2019). "Dark Cuisine, il fascino delizioso dei cibi "brutti"" (it-IT ভাষাত). The Way Magazine. https://www.thewaymagazine.it/trends/dark-cuisine-il-fascino-delizioso-dei-cibi-brutti/। আহৰণ কৰা হৈছে: 15 December 2021.
- ↑ Falkowitz, Max (1 November 2018). "People in Sichuan Are Lining Up for Spicy Chile Oil Soft Serve, and It's Actually Great" (en ভাষাত). Food & Wine. https://www.foodandwine.com/desserts/frozen-desserts/ice-cream/chile-oil-soft-serve-ice-cream। আহৰণ কৰা হৈছে: 15 December 2021.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
মুক্ত অভিধান ৱিক্সনেৰীত 黑暗料理 শব্দৰ অৰ্থ চাওক।