ডিজু চাহ বাগিচা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডিজু চাহ বাগিচা
ডিজু বাগান
—  চাহ বাগিচা  —
Dejoo Tea Garden Factory.jpg
ভৌগোলিক স্থানাংক: 27°16′47″N 94°00′45″E / 27.279718°N 94.0125°E / 27.279718; 94.0125
দেশ  ভাৰত
ৰাজ্য অসম
জিলা লখিমপুৰ জিলা
প্ৰতিষ্ঠা 1884
প্ৰতিষ্ঠাপক জেমি ষ্টিউৱাৰ্ট ‍‍‍(Jamie Stewart)
মাটিকালি
 - মুঠ ৫.৩১২ কি.মি. 
(২.১ বৰ্গ মাইল)
জনসংখ্যা (২০২০)
 - মুঠ ৫,০০০ জন
ভাষা
 - চৰকাৰী অসমীয়া
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+৫:৩০)

ডিজু চাহ বাগিচা লখিমপুৰ জিলাৰ অন্তৰ্গত ডিজুত অৱস্থিত এখন চাহ বাগিচা। এই বাগিচাখন উত্তৰ লখিমপুৰ চহৰৰপৰা উত্তৰ-পশ্চিম দিশত, প্ৰায় বিশ কিলোমিটাৰ দূৰত্বত অৱস্থিত। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এই অঞ্চলটো অসম-অৰুণাচল সীমান্তত অৱস্থিত। ডিজুৰ পূৱ সীমাৰে ৰঙানদী বৈ গৈছে। ডিজু অঞ্চলৰ উত্তৰে অৰুণাচল প্ৰদেশৰ অন্তৰ্গত কিমিন (পাপুং পাৰে জিলা), দক্ষিণে- হাৰমতী অঞ্চল, পূৱে-ৰঙানদী আৰু পশ্চিমে অৰুণাচল সীমান্ত আছে।

পৰিচয়[সম্পাদনা কৰক]

ডিজু অঞ্চলটোৰ বৃহত্তৰ অংশ আগুৰি থকা ডিজু চাহ বাগিচাখন প্ৰতিষ্ঠা হৈছিল ১৮৮৪ চনত। ক'লা চাহ (Black Tea) আৰু শস্যৰপৰা প্ৰস্তুত ধ্ৰুপদী সুৰাৰ সৈতে পৰম্পৰাগত চাহৰ (Orthodox Tea with Classic Malty Liquor) উৎপাদক হিচাপে ডিজু চাহ বাগিচা প্ৰখ্যাত। এই চাহ বাগিচাখনৰ ভৌগোলিক অৱস্থান ডিজুৰ উত্তৰ প্ৰান্ত। তাৰপিছৰেপৰা অৰুণাচল সীমান্ত আৰম্ভ হৈছে। এই বাগিচাখন বিংশ শতিকাৰ নব্বৈৰ দশকলৈ Stewart Holl (India) Limitedৰ অধীনস্থ আছিল। তাৰপিছৰেপৰা Goodricke Tea বাগিচাখনৰ মুখ্য অংশীদাৰী কোম্পানীত পৰিগণিত হয়।[1] বাগিচাখনৰ বৰ্তমানৰ পৰিচালকৰ নাম ধ্ৰুৱজ্যোতি বৰুৱা।

ভিজু চাহ বাগিচাৰ মুঠ মাটিকালি, ৫৩১.৮ হেক্টৰ। এই বাগিচাখনত চাহ শ্ৰমিকৰ মুঠ জনসংখ্যা প্ৰায়, ৫০০০ জন। তাৰে ১২০০ই স্থায়ী শ্ৰমিক হিচাপে বাগিচাত কৰ্মৰত হৈ আছে। বাগিচাখনত মুঠতে পাঁচটা লাইন (বাজবাৰী, ৰঙাগড়া, ৭নম্বৰ, ৩ নম্বৰ আৰু নতুন ৩ নম্বৰ লাইন) আৰু এখন গাঁও (বিজুলী বস্তি) আছে। ডিজু চাহ বাগিচাত চাহ শ্ৰমিকসকলৰ প্ৰায় বিশটাতকৈ অধিক জনগোষ্ঠীয়ে বাস কৰে। এওঁলোকে ডিজুৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰপৰা শিক্ষা লাভ কৰিবলৈ সুবিধা পায়। ধৰ্মীয় ক্ষেত্ৰত, ৫৫ % লোক হিন্দু ধৰ্মাবলম্বী আৰু ৪৫ % খ্ৰীষ্টান ধৰ্মীয় লোক। সেই অনুসৰি বাগিচাৰ ভিতৰত দুটা গীৰ্জা আছে (এটা বেপ্টিষ্ট আৰু আনটো কেলিক)। এটা নামঘৰ আৰু তিনিটা মন্দিৰো আছে। ডিজু বজাৰ অথওলৰ অসম গ্ৰামীণ বিকাশ বেংকৰপৰা শ্ৰমিকসকলে বেংক সেৱা লাভ কৰে। সেইদৰে ডিজু চাহ বাগিচা চিকিৎসালয়খন এখন ত্ৰিশখন বিছনাযুক্ত চিকিসালয়। ২০১৮ বৰ্ষত অসমৰ ভিতৰতে শ্ৰেষ্ঠ চাহ বাগিচা চিকিৎসালয় হিচাপে স্বীকৃতি লাভ কৰিছিল।[2]

ডিজু চাহ বাগিচাৰ কৰ্মৰত শ্ৰমিকৰ ফটো

এই চাহ বাগিচাৰ শ্ৰমিকসকল ভিন-ভিন জনগোষ্ঠীৰ হ'লেও এতিয়া এটা সমূহীয়া চৰিত্ৰ লাভ কৰিছে। এই বাগিচাত প্ৰধানতঃ কম পূজা, টুচু পূজা, দুৰ্গা পূজা, বিশ্বকৰ্মা পূজা, কালী পূজা, বৰদিন, দেৱালী, ফাকুৱা, মাঘ বিহু আদি পালন কৰা হয়। ২০১৬ চনত এখন বিহুমঞ্চ বাগিচাৰ ভিতৰত প্ৰতিষ্ঠা কৰা হয়। যাতায়তৰ ক্ষেত্ৰত সুবিধাজনক স্থানত অৱস্থিত হোৱাৰ বাবেই চাহ শ্ৰমিকসকলৰ অৱস্থাৰো দ্ৰুত পৰিৱৰ্তন ঘটিছে।

২০১৬ চনত প্ৰতিষ্ঠা হোৱা ডিজু চাহ বাগিচাৰ সমূহীয়া বিহুমঞ্চখনৰ ফটো

নামৰ উৎপত্তি[সম্পাদনা কৰক]

এই অঞ্চলটোৰ নামৰ উৎপত্তি সম্পৰ্কে কেইবাটাও মত আছে। কোনোৰ মতে, 'ডিজু' নামটো তিব্বতী শব্দ 'Dzong’ৰপৰা সৃষ্ট। কোনোৱে, স্থানীয় জনগোষ্ঠীসমূহে প্ৰস্তুত কৰা চাউলৰ সুৰাৰ নাম ‘জু’ৰ আগত নদী বুজোৱা শব্দ ‘ডি’ লগ হৈ ‘ডিজু’ নামটো হৈছে বুলি ক'ব খোজে। এই সম্পৰ্কত কোনোৰ মতে, অষ্টাদশ শতিকা মানত নেপালী সম্প্ৰদায়ৰ লোকে বাস কৰা এই অঞ্চলটো তেওঁলোকৰ সম্বোধনবাচক শব্দ ‘ডাজু’(দাদা)ৰপৰা সলনি হৈ ‘ডিজু’ হ’লগৈ।[1]

ডিজু অঞ্চলৰ চাহ শ্ৰমিকসকলৰ সংস্কৃতি[সম্পাদনা কৰক]

অসমীয়া জাতিসত্তাৰ এক অবিচ্ছেদ্য অংগ চাহ শ্ৰমিকসকল শতাধিক জাতি উপজাতিৰ সমষ্টি। মধ্য-পূৱ ভাৰত আৰু দক্ষিণ ভাৰতৰপৰা অসমৰ চাহ বাগিচালৈ বৃটিছে শ্ৰমিক হিচাপে স্থানান্তৰ কৰা এই লোকসকলৰ প্ৰত্যেক জাতি-উপজাতি নিজস্ব কলাকৃষ্টি, সামাজিক পৰম্পৰা, ঐতিহাসিক পটভূমি বিদ্যমান। ডিজু চাহ বাগিচাতো চাহ শ্ৰমিকসকলৰ কেইবাটাও জাতি-উপজাতি আছে। সেইবোৰ হ’ল--- চাওঁতাল, কুৰ্মি, খেৰোৱাৰ, ওৰাও, পৰজা, তেলী, ভূমিজ, চাওৰা, চবৰ আদি।[3] প্ৰত্যেক জাতি-উপজাতিৰ পূৰ্বতে সুকীয়া বৈশিষ্ট্য আছিল যদিও ডিজু চাহ শ্ৰমিকৰ সমাজখনক সকলো সংস্কৃতি মিশ্ৰিত হৈ এটা উমৈহতীয়া সংস্কৃতি গঢ় লৈছে। গতিকে সামগ্ৰিকভাৱ এই সংস্কৃতিৰ উল্লেখ কৰা হ'ল।

উৎসৱ-পাৰ্বণ[সম্পাদনা কৰক]

ডিজু চাহ বাগিচাৰ শ্ৰমিক সমাজে কৃষিকেন্দ্ৰিক আৰু ধৰ্মকেন্দ্ৰিক উৎসৱ পালন কৰা দেখা যায়। কৃষিকেন্দ্ৰিক উৎসৱ কৰম পৰুৱ, টুসু পূজা, লাইন পূজা বা গাৰাম পূজা, দেৱালী, মাঘ বিহু। ধৰ্মকেন্দ্ৰিক উৎসৱ- দুৰ্গা পূজা, বিশ্বকৰ্মা পূজা, ফাকুৱা, সৰস্বতী পূজা, লক্ষ্মী পূজা, কালি পূজা, খ্ৰীষ্টমাছ।[4]

  • কৰম পৰৱ

কৰম মূলতঃ বৃক্ষ পূজা। ডিজু চাহ বাগিচাৰ ওচৰৰে নদীৰ পাৰৰ পৰা ‘জাৱা’ (গজালি) অনা হয়। এইবোৰ প্ৰকৃততে ধান, মাটিমাহ, বুট আদিৰ গজালি। তাৰ লগত পূজা কৰিবৰ বাবে চিকা মৰলীয়া গছৰ ডাল এটা আনি পূজাস্থলীত প্ৰতিষ্ঠা কৰে। কৰম পৰৱৰ তিনি দিনৰ আগত এই কাৰ্য সম্পাদন কৰা হয়। গাভৰু- মহিলাসকলে এই কাৰ্যত যাত্ৰা কৰে। তেওঁলোকক ‘কৰমতী' বোলা হয়। লগত ঢোল, মাদল, কৰতাল আদি বজাই যোৱা হয়। এই উৎসৱ ভাদ মাহৰ শুক্লা একাদশীৰ দিনা পালন কৰা হয়। কৰমত ব্যৱহৃত ঝুমুৰ নৃত্যই চাহ শ্ৰমিকসকলৰ প্ৰধান নৃত্য ৰূপে প্ৰতিষ্ঠিত হৈছে। এই পৰুৱ সম্পাদন কৰোঁতে বাইগাই কৰমা আৰু ধৰ্ম নামৰ দুজন ভাই-ককাইৰ কাহিনী কয়। কৰমাই কৰম পূজাক অসন্মান কৰাৰ পিছত কেনেকৈ কৰমাৰ অৱস্থা বেয়া হৈ পৰিল আৰু শেষত ভাললৈ আহিল, সেয়াই কাহিনীটোৰ মূল তাৎপৰ্য।[5] কৰম পৰৱ, ডিজু চাহ বাগিচাৰ প্ৰধান উৎসৱ। এই উৎসৱত অৱশ্যে বাগিচা বন্ধ নাথাকে। অসমৰ চাহ শ্ৰমিকসকলে ইয়াৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই আহিছে।

  • টুসু পূজা বা টুচু পূজা

পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয়। টুসু উৎসৱৰ গীত কৃষি সভ্যতাৰে যুক্ত। মাঘ বিহুৰ উৰুকাৰ সৈতে একেদিনাই অনুষ্ঠিত হোৱাৰ বাবে এই উৎসৰ সমন্বয়ৰ উৎসৱ হৈ পৰিছে। এই উৎসৱত ডিজু চাহ বাগিচাৰ শ্ৰমিকসকলে নাৰিকলৰ লাৰু, তিল পিঠাকে ধৰি নানান অসমীয়া পিঠা- পনা প্ৰস্তুত কৰে| [6]

  • লাইন পূজা বা গাৰাম পূজা

এই উৎসৱৰ লগতো লোকবিশ্বাস জড়িত হৈ আছে। এই উৎসৱ ডিজু চাহ বাগিচাৰ প্ৰতিটো লাইন (বাজবাৰী, ৰঙাগড়া, ৭নম্বৰ, ৩ নম্বৰ আৰু নতুন ৩ নম্বৰ লাইন) আৰু বিজুলী বস্তিত পালন কৰা হয়। লাইনটো ভালে থকাই এই উৎসৱৰ মূল কামনা। পূৰ্বতে বনৰীয়া জীৱ-জন্তু আদিৰপৰা বাচি থাকিবলৈ এই উৎসৱ পালন কৰা হৈছিল। এই উৎসৱ মূলতঃ পুৰুষে সম্পাদন কৰে। গছৰ তলত বনোৱা বেদীত ছাগলী বলি দিয়া হয়। [7]

ডিজু চাহ বাগিচাৰ সকলো তথ্য সাঙুৰি উপস্থাপন হোৱা পূৰ্ণাংগ মানচিত্ৰখন
  • দেৱালী

সমগ্ৰ ভাৰতবৰ্ষই এই উৎসৱ পোহৰৰ উৎসৱ ৰূপে পালন কৰে যদিও ডিজু চাহ শ্ৰমিকৰ বাবে ইয়াৰ তাৎপৰ্য পৃথক। এই উৎসৱক অসমীয়া গৰু বিহুৰ লগত তুলনা কৰিব পাৰি। গৰুক এই উৎসৱত হাৰিয়া (এক ধৰণৰ স্থানীয় মদ) খুৱোৱা হয়। নাৰ্জী ফুলৰ মালা পিন্ধাই মূৰত সেন্দূৰৰ ফোঁট দিয়ে। উৰুলি দি গৰুক ভাত খুৱোৱা হয়। তাৰপৰা মানুহেৱো ভাত লৈ খায়। তাৰ জৰিয়তে লখিমীয়ে খোৱা খাদ্য খালে উন্নতি হ'ব বুলি বিশ্বাস কৰা হয়।

  • ধৰ্মকেন্দ্ৰিক উৎসৱ

ডিজু চাহ বাগিচাত হিন্দু আৰু খ্ৰীষ্টান সম পৰিমাণৰ শ্ৰমিকেই আছে। অৱশ্যে হিন্দু ধৰ্মীয় উৎসৱ বেছিকৈ পালন কৰা হয়। খ্ৰীষ্টমাছ, দুৰ্গা পূজা, কালি পূজা, সৰস্বতী পূজা, বিশ্বকৰ্মা পূজাৰ নীতি-নিয়ম অন্যৰ দৰে একেই। মাত্ৰ ফাকুৱাৰ দিনা হোলিকা দহন কৰা হয় আৰু ঘৰে ঘৰে হুচৰি গোৱাৰ দৰে নৃত্য-গীত কৰে।[8]

খাদ্য[সম্পাদনা কৰক]

চাহ শ্ৰমিকসকলৰ খাদ্য অভ্যাসত পৃথকত্ব নায়েই বুলিব পাৰি। পৰম্পৰাগত খাদ্যৱো তেওঁলোকৰ নোহোৱাৰ দৰেই। তেওঁলোকৰ খাদ্য সম্ভাৰ হ’ল--[9]

ক) প্ৰধান খাদ্য - ভাত আৰু ৰুটি।

খ) প্ৰাণীবাচক - মাছ, গাহৰি, গৰু, নিগনি, সাপ, শামুক, ভেকুলী, হাঁহ, পাৰ, কুকুৰা, ছাগলী ইত্যাদি।

গ) উদ্ভিদবাচক-ফুলকবি, বেঙুনা (বেঙেনা), ডিংলা (তিয়হ), পিঁয়াজ, আলু, মূলা, সেয়া (বিলাহী), বীণ, কাছা জলকীয়া (কেঁচা জলকীয়া), ৰূছুন (নহৰু), হালদি (হালধি), কচু, কপি (অমিতা) আদি।

ঘ) ফল-আপেল, কল, কঠাৰ (কঠাল), আদা (আম), কম্লা (কমলা), আনাছ (আনাৰস), মিঠা আলু।

ঙ) মচলাজাতীয়- অদি (আদা), জিৰা, নহৰু, ধনিয়া আদি।

চ) মুহুদিজাতীয়- তামোল-পাণ, ধপাত আদি।

ছ) নিচাজাতীয়- হাৰিয়া [10]

সাজপাৰ[সম্পাদনা কৰক]

সীমিত হলেও চাহ শ্ৰমিকসকলৰ নিজৰ সাজপাৰ আছে। এই সাজপাৰৰো পুৰুষ আৰু মহিলাৰ বাবে পৃথক।

  • মহিলাৰ সাজপাৰ-‘আদিবাসী শাড়ী’ নামেৰে প্ৰখ্যাত মহিলাৰ এই শাড়ীত ৰঙা, বগা, বেঙুনীয়া, সেউজীয়া ৰঙৰ পাৰি দিয়া থাকে। তাৰ লগত প্ৰধানতঃ ৰঙা ব্লাউজ পিন্ধে আৰু খোপাত ফুল খুঁজি লয়। উৎসৱৰ সময়ত এনে ৰং-বিৰঙৰ শাড়ীৰ পয়োভৰ দেখা যায়। বৰ্তমান মহিলাসকলে মেখেলা-চাদৰো পিন্ধিবলৈ লৈছে।
  • পুৰুষৰ সাজপাৰ- পুৰুষে মাংগলিক কাৰ্যত বগা ধুতি, কুটা আৰু পাগুৰি মাৰে। নৃত্যত গেঞ্জী পিন্ধিয়ো অংশ লয়।

লোকবিশ্বাস[সম্পাদনা কৰক]

লোকবিশ্বাসৰ ক্ষেত্ৰত চাহ শ্ৰমিকৰ সমাজত লোকবিশ্বাসে প্ৰবলভাৱে শিপাই আছে। ইয়াৰ অন্যতম কাৰণ হ’ল, উচ্চশিক্ষিত লোকৰ অভাৱ। আজিকালি বেছিভাগ লোকেই স্বাক্ষৰ হৈ পৰিছে, সেয়া সত্য। কিন্তু বিদ্যালয় পৰ্যায়ৰ শিক্ষা আহৰণ কৰা এনে ব্যক্তিসকলৰ মনত যুক্তিবাদে গা কৰিব নোৱাৰে। উচ্চশিক্ষিতৰ সংখ্যা বাঢ়িলেহে এয়া সম্ভৱ হ'ব। উদাহৰণস্বৰূপে, ডিজু চাহ বাগিচাত বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰীধাৰী মাত্ৰ এজনহে আছে। [11]

কৃষি পদ্ধতি[সম্পাদনা কৰক]

কৃষি পদ্ধতিৰ ক্ষেত্ৰত প্ৰধানকৈ ধান খেতিৰ লগত জড়িত শ্ৰমিক সমাজে বৰ্তমান ট্ৰেক্টৰেৰে মাৰ্টি চহহাৱাৰ কাম কৰিবলৈ আৰম্ভ কৰিছে। ফলত পৰম্পৰাগত পদ্ধতিৰে খেতি কৰোঁতে ব্যৱহৃত গৰুৰ ব্যৱহাৰ কমি আহিছে। গাখীৰৰ বাবেহে গৰুৰ ব্যৱহাৰ বাকী ৰৈছেগৈ।[12]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Our Grdens Dejoo". goodricke.com/. http://www.goodricke.com/tea-garden/assam/dejoo। আহৰণ কৰা হৈছে: 9 মে' 2021. 
  2. "Assam: Dejoo tea estate hospital becomes state’s best tea garden hospital". North East Now. https://nenow.in/north-east-news/assam/assam-dejoo-tea-estate-hospital-becomes-states-best-tea-garden-hospital.html। আহৰণ কৰা হৈছে: 9 মে' 2021. 
  3. কুৰ্মী, নকুল ‍(সম্পা.) (2020). চাহ জনগোষ্ঠীৰ জাতি-উপজাতি ‍‍(প্ৰথম খণ্ড). অসম চাহ জনগোষ্ঠী সাহিত্য সভা. 
  4. অধিকাৰী, শুকদেৱ ড° (2015). চাহ জনগোষ্ঠীৰ লোকগীত লোক পৰম্পৰা আৰু উৎসৱৰ ৰূপৰেখা. পৃষ্ঠা. 360. ISBN 9788120288676. 
  5. অধিকাৰী, শুকদেৱ ড° (2015). চাহ জনগোষ্ঠীৰ লোকগীত লোক-পৰম্পৰা আৰু উৎসৱৰ ৰূপৰেখা. পৃষ্ঠা. 360. ISBN 9788120288676. 
  6. গগৈ, ৰাজেন (সম্পাদক) (2001). চাহ জনগোষ্ঠীৰ চিন্তা-চেতনা. অসম সাহিত্য সভা. 
  7. তাঁতী, কমল কুমাৰ (সম্পাদক) (2020). অসমৰ চাহ জনগোষ্ঠী-আদিবাসীসকলৰ নৃ-তাত্ত্বিক পৰিচয়. অসম চাহ জনগোষ্ঠী সাহিত্য সভা. 
  8. অধিকাৰী, শুকদেৱ ড° (2015). চাহ জনগোষ্ঠীৰ লোকগীত লোক পৰম্পৰা আৰু উৎসৱৰ ৰূপৰেখা. পৃষ্ঠা. 360. ISBN 9788120288676. 
  9. তাছা, ডিম্বেশ্বৰ (2013). চাহ জনগোষ্ঠীৰ সংস্কৃতি. অসম প্ৰকাশন পৰিষদ. 
  10. তাছা, ডিম্বেশ্বৰ (2013). চাহ জনগোষ্ঠীৰ সংস্কৃতি. অসম প্ৰকাশন পৰিষদ. 
  11. মিঞ্জুৰ, মিণ্টু (সম্পাদক) (2017). 'আধিকাৰ' স্মৃতিগ্ৰন্থ. সদৌ অসম আদিবাসী ছাত্ৰ সন্থা. 
  12. গোস্বামী, মনোজ কুমাৰ আৰু গোস্বামী, অনিৰ্বাণ কুমাৰ (2017). চাহখেতি. গ্ৰন্থ সংস্কৃতি. পৃষ্ঠা. 160.