সমললৈ যাওক

ডিডি বাংলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দূৰদৰ্শন বাংলা
দেশ ভাৰত
মূখ্য কাৰ্যালয় কলকাতা, পশ্চিমবংগ, ভাৰত
অঞ্চল
  • পশ্চিমবঙ্গ (স্থলীয় প্ৰচাৰণ)
  • সৰ্বভাৰতীয় (উপগ্ৰহ আৰু কেব্‌ল)
মালিক প্ৰসাৰ ভাৰতী
মূল মানুহ সুদীপ চৌধুৰী
মুক্তিৰ তাৰিখ
  • ৯ আগষ্ট ১৯৭৫; ৫০ বছৰ আগত (1975-08-09) (দূৰদৰ্শন কেন্দ্ৰ কলিকতা)
  • ২০ আগষ্ট ১৯৯২; ৩৩ বছৰ আগত (1992-08-20) (ডি ডি বাংলা)
পূৰ্বৰ নাম দূৰদৰ্শন কেন্দ্ৰ কলিকতা (১৯৭৫–১৯৯২)
ৱেবছাইট prasarbharati.gov.in/dd-bangla-homepage
ভাষা

ডি ডি বাংলা (DD Bangla, DD7 নামেও জনা যায়)[1] হৈছে ভাৰত চৰকাৰৰদ্বাৰা প্ৰচাৰিত তথা দূৰদৰ্শনৰদ্বাৰা পৰিচালিত বাংলা ভাষাৰ ফ্ৰি টু এয়াৰ চেনেল। এই চেনেলটো ২০ আগষ্ট ১৯৯২ তাৰিখে প্ৰতিষ্ঠিত কৰা হৈছিল। ই ৯ আগষ্ট ১৯৭৫ তাৰিখে স্থাপিত দূৰদৰ্শন কেন্দ্ৰ কলিকতাৰ উত্তৰসূৰী। চেনেলটোৱে কলকাতাশান্তিনিকেতন আৰু জালপাইগুৰিৰপৰা কাৰ্য প্ৰচাৰিত কৰে আৰু কলিকতাৰ গ'ল্ফ গ্ৰীনত ইয়াৰ মুখ্য কাৰ্যালয় অৱস্থিত।

দূৰদৰ্শনৰ পূৰ্ব ভাৰতত প্ৰথম টেলিভিজন ষ্টেচনটো ৯ আগষ্ট ১৯৭৫ তাৰিখে কলিকাতাত ভিএচএফ বেণ্ডৰ চেনেল ৪–ত স্থাপন কৰিছিল।[2] প্ৰথম উপস্থাপিকা আছিল শৰ্মিষ্ঠা দাসগুপ্ত।[3] সেই বছৰেই কলিকতাৰ উপৰি দিল্লী, বোম্বে, অমৃতসৰ, লক্ষ্ণৌ, মাদ্ৰাজ আৰু শ্ৰীনগৰত টেলিভিজন সেৱা উপলব্ধ আছিল।[4] মূলতঃ এই কেন্দ্ৰ ১৯৭৩–৭৪ চনতেই কাৰ্যক্ষম হ'ব বুলি ধাৰণা কৰা হৈছিল।[5]

দূৰদৰ্শন কেন্দ্ৰ কলিকতা হৈছে বিশ্বৰ তৃতীয়টো বাংলা ভাষাৰ টেলিভিজন ষ্টেচন (১৯৬৪ আৰু ১৯৭৪ চনত প্ৰতিষ্ঠিত ঢাকা আৰু নাটোৰৰ বাংলাদেশ টেলিভিছনৰ পিছত),[6] লগতে ভাৰতৰ প্ৰথম বাংলা ভাষাৰ টেলিভিছন প্লেটফৰ্ম। প্ৰাথমিক প্ৰচাৰণসমূহ আকাশবাণী ভবন, কলিকতাৰপৰা আৰম্ভ হৈছিল। পাছত কেন্দ্ৰটোৰ মুখ্য কাৰ্যালয় টোলিগঞ্জৰ ৰাধা ফিল্ম ষ্টুডিঅ'লৈ স্থানান্তৰ কৰা হয়। ১ জুলাই ১৯৮৬ তাৰিখে পুনৰ স্থানান্তৰ কৰি গ'ল্ফ গ্ৰীন অঞ্চলৰ “টেলিভিচন চেণ্টাৰ” নামৰ নতুন ভবনলৈ নিয়াৰ হৈছিল।[3][7]

৬ জুন ১৯৮৩ তাৰিখে ৰঙীন প্ৰচাৰণ আৰম্ভ কৰা হয়।[8] ১৯৮৭ চনৰ ৩০ অক্টোবৰ তাৰিখে দূৰদৰ্শন কলিকতাই বঙালী কবি সুকুমাৰ ৰায়ৰ ওপৰত তেওঁৰ পুত্ৰ সত্যজিৎ ৰায় আৰু পশ্চিমবঙ্গ চৰকাৰৰ সহকাৰ্যত নিৰ্মিত এখন তথ্যচিত্ৰ প্ৰচাৰ কৰে।[9] লগতে ১৯৮৮ চনৰ ৪ ছেপ্টেম্বৰ তাৰিখে কেন্দ্ৰটোৱে ৰাতিপুৱাৰ সময়তো প্ৰচাৰণ আৰম্ভ কৰে। দূৰদৰ্শন কলিকতাক ১৯৯২ চনৰ ২০ আগষ্ট তাৰিখে পুনঃব্ৰ্যাণ্ড কৰি “ডিডি বাংলা” নাম দিয়া হয়।[8] সেইদিনাই আঞ্চলিক ভাষা উপগ্ৰহ সেৱা আৰম্ভ হয়, যাৰ ফলত ডিডি বাংলা কেবল আৰু উপগ্ৰহ টেলিভিজনত উপলব্ধ হয়।[10]

১৯৯৬ চনৰ ৮ ছেপ্টেম্বৰ তাৰিখে শান্তিনিকেতনত আৰু ১৯৯৮ চনৰ ২৪ ছেপ্টেম্বৰ তাৰিখে জলপাইগুৰিত নতুন টেলিভিচন ষ্টেচন স্থাপন কৰা হয়।[11] ২০০১ চনত ষ্টুডিঅ'সমূহ ডিজিটেলাইজ কৰাৰ পাছত, দূৰদৰ্শন কেন্দ্ৰ কলিকতাই ২০০৩ চনৰ জানুৱাৰী মাহলৈকে ডিজিটেল টেৰেষ্ট্ৰিয়েল প্ৰচাৰণ আৰম্ভ কৰে। ২০০৪ চনৰ এপ্ৰিল মাহত ডিজিটেল ছেটেলাইট আপ্‌লিংকিং আৰম্ভ হয়।[10] উচ্চ-সংজ্ঞা (HD) প্ৰচাৰণ ১৫ এপ্ৰিল ২০১৩ তাৰিখে আৰম্ভ হয়।[8]

কাৰ্যসূচী

[সম্পাদনা কৰক]

ডিডি বাংলা চেনেলটোৰ কাৰ্যসূচীৰ অন্তৰ্ভুক্ত হৈছে ধাৰাবাহিক, তথ্য-বিনোদনমূলক অনুষ্ঠান, সংবাদ আৰু সমসাময়িক বিষয়, সামাজিক অনুষ্ঠান আৰু চলচ্চিত্ৰ। চেনেলটোৱে প্ৰধানকৈ বাংলা ভাষাত অনুষ্ঠান প্ৰস্তুত কৰে, লগতে সহায়ক ভাষা হিচাপে হিন্দী, নেপালী, চাঁওতালি আৰু উৰ্দু ভাষাতো কাৰ্যসূচী প্ৰসাৰণ কৰে।[12]

চেনেলটোৱে প্ৰসাৰণ কৰা উল্লেখযোগ্য অনুষ্ঠানসমূহৰ ভিতৰত আছে – বিবাহ অভিযান, কেমেৰা চলছে, ৰং-তামাশা, এতো সুৰ আৰ এতো গান, মাধ্যমিক ক্লাছেছ আদিৰ লগতে আন বহুতো অনুষ্ঠান।[13][14]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "DD7 BREAKS FREE OF CABLE SHACKLES". The Telegraph. 27 July 2000. https://www.telegraphindia.com/india/dd7-breaks-free-of-cable-shackles/cid/893106. 
  2. "Television Factbook". 1977. পৃষ্ঠা: 1109-b. https://worldradiohistory.com/Archive-BC-YB/1977-TV-Factbook/1977-TV-Factbook.pdf। আহৰণ কৰা হৈছে: 31 March 2021. 
  3. 3.0 3.1 Mira K. Desai (2021) (English ভাষাত). Regional Language Television in India: Profiles and Perspectives. Taylor & Francis. পৃষ্ঠা. 243. ISBN 9781000470086. https://books.google.com/books?id=Fr5FEAAAQBAJ&pg=PT243। আহৰণ কৰা হৈছে: 8 May 2024. 
  4. Thorpe, Edgar; Thorpe, Showick (2008) (English ভাষাত). Pearson General Knowledge Manual 2009. Pearson Education. পৃষ্ঠা. 3.272. ISBN 9788131723005. https://books.google.com/books?id=OLaKRbzU_bYC&pg=SA3-PA272। আহৰণ কৰা হৈছে: 8 May 2024. 
  5. "Television Factbook". 1972. পৃষ্ঠা: 1076. https://www.worldradiohistory.com/Archive-BC-YB/1972-73-TV-Factbook/Television-Factbook-1972-73.pdf। আহৰণ কৰা হৈছে: 8 May 2024. 
  6. Al Faruk, Abdullah (2 June 2019). "Error: no |title= specified when using {{Cite web}}" (bn ভাষাত). Techtunes. https://www.techtunes.io/setelite-tv/tune-id/598436। আহৰণ কৰা হৈছে: 9 November 2021. 
  7. (English ভাষাত) Know Your State West Bengal. Arihant Publications India Limited. 2019. পৃষ্ঠা. 122. ISBN 9789313198017. https://books.google.com/books?id=qhrzDwAAQBAJ&pg=PA122। আহৰণ কৰা হৈছে: 8 May 2024. 
  8. 8.0 8.1 8.2 Dr. Paramveer Singh (2021) (English ভাষাত). Indian Silver Screen. K.K. Publications. পৃষ্ঠা. 41. https://books.google.com/books?id=Ncg7EAAAQBAJ&pg=PA41। আহৰণ কৰা হৈছে: 8 May 2024. 
  9. Ray, Bibekananda (English ভাষাত). Conscience of The Race. Publications Division Ministry of Information & Broadcasting. পৃষ্ঠা. 54. ISBN 9788123026619. https://books.google.com/books?id=EKo-DwAAQBAJ&pg=PT54। আহৰণ কৰা হৈছে: 8 May 2024. 
  10. 10.0 10.1 Mira K. Desai (2021) (English ভাষাত). Regional Language Television in India: Profiles and Perspectives. Taylor & Francis. পৃষ্ঠা. 251. ISBN 9781000470086. https://books.google.com/books?id=Fr5FEAAAQBAJ&pg=PT251. 
  11. Datta, Amal (2007) (English ভাষাত). Effects Of Television And The Viewers. Mittal Publications. পৃষ্ঠা. 39. ISBN 9788183241823. https://books.google.com/books?id=nNRmcYct7XIC&pg=PA39. 
  12. Dr. Paramveer Singh (2021) (English ভাষাত). Indian Silver Screen. K.K. Publications. পৃষ্ঠা. 61. https://books.google.com/books?id=Ncg7EAAAQBAJ&pg=PA61। আহৰণ কৰা হৈছে: 8 May 2024. 
  13. "Madhyamik classes on DD Bangla". www.telegraphindia.com (The Telegraph). 3 April 2020. https://www.telegraphindia.com/west-bengal/calcutta/madhyamik-classes-on-dd-bangla/cid/1761811. 
  14. "West Bengal govt announces virtual classes for students of class 9 to 12" (en ভাষাত). Hindustantimes.com. 4 April 2020. https://www.hindustantimes.com/education/west-bengal-govt-announces-virtual-classes-for-students-of-class-9-to-12/story-Wlff4OZRWfHd2CA11Oo6yM.html.