ডিব্বুক বক্স

ডিব্বুক বক্স (ইংৰাজী: Dybbuk box; হিব্ৰু: קופסת דיבוק) হ’ল এটা পুৰণি সুৰা ৰখা কেবিনেট যাক এটা ডিব্বুক (ইহুদীবাদৰ এক পৌৰাণিক ধাৰণা) দ্বাৰা ভীতিগ্ৰস্ত বা অলৌকিক শক্তি থকা বুলি দাবী কৰা হয়। এই বক্সটোৱে তেতিয়া চৰ্চা লাভ কৰিছিল যেতিয়া ইয়াৰ গৰাকী কেভিন মেনিছে ইয়াক ই-বে’ত নিলামৰ বাবে দিছিল। মেনিছে তেওঁৰ ই-বে’ৰ সামগ্ৰীৰ বিৱৰণত ইহুদী হলোকাষ্টৰ পৰা বাচি অহা লোক আৰু অলৌকিক কাহিনীৰ এটা কাল্পনিক আখ্যান যোগ কৰি দিছিল। মেনিছৰ এই কাহিনীটো ২০১২ চনৰ হৰৰ ছবি দ্য পচেছনৰ অনুপ্ৰেৰণা আছিল।
২০২১ চনত মেনিছে ইনপুট মেগাজিনক জনাইছিল যে ডিব্বুক বক্সৰ সমগ্ৰ কাহিনীটোৱে আছিল সম্পূৰ্ণ কাল্পনিক।
ইতিহাস
[সম্পাদনা কৰক]২০০৩ চনত লেখক তথা আচবাব মেৰামতি ব্যৱসায়ৰ গৰাকী কেভিন মেনিছে ওৰেগনৰ পৰ্টলেণ্ডৰ এজন স্থানীয় অধিবক্তাৰ ঘৰুৱা নিলামৰ পৰা এই কেবিনেটটো ক্ৰয় কৰিছিল আৰু ইয়াৰ এটা পিছফালৰ কাহিনী গঢ়ি তুলিবলৈ আৰম্ভ কৰিছিল। মেনিছৰ মতে, "ইয়াৰ পিছফালে থকা নক্সাটো মোৰ নিজৰ। বক্সটোৰ ভিতৰত থকা শিলটোও মোৰ এটা বিশেষ সৃষ্টি। কোনো ভুল নকৰিব, মই নিজেই এই 'ডিব্বুক বক্স' নামটো, শব্দটো আৰু ধাৰণাটো সৃষ্টি কৰিছিলোঁ — আৰু ই-বে’ত পোষ্ট কৰিবলৈ ইয়াৰ চাৰিওফালে এই সৃষ্টিশীল কাহিনীটো লিখিছিলোঁ।"[1] মেনিছৰ নিলামৰ বিৱৰণত এটা কাহিনী অন্তৰ্ভুক্ত আছিল য’ত দাবী কৰা হৈছিল যে এই কেবিনেটটো পূৰ্বে পোলেণ্ডৰ 'হলোকাষ্ট' বা ইহুদী নিধনযজ্ঞৰ পৰা বাচি অহা এজন লোকৰ আছিল। তেওঁ কৈছিল যে ইয়াৰ ভিতৰত এজন ডিব্বুক বা দুষ্ট আত্মা আছে আৰু এই বক্সটোৰ অলৌকিক ক্ষমতা আছে যিটো তেওঁৰ দুৰ্ভাগ্য আৰু দুঃস্বপ্নৰ বাবে দায়ী আছিল।[2][3][4] পৰৱৰ্তী গৰাকীসকলে বস্তুটো পুনৰ বিক্ৰী কৰোতে মেনিছৰ কাহিনীটোকে দোহাৰিছিল আৰু নিজৰ ফালৰ পৰা কিছুমান "অস্বাভাৱিক পৰিঘটনাৰ" দাবী কৰি কাহিনীটো অধিক ৰঞ্জিত কৰিছিল।[5][6]
এজন গৰাকী জেচন হেক্সটনে (মিজুৰীৰ কিৰ্কচভিলৰ মিউজিয়াম অফ অষ্টিঅ’পেথিক মেডিচিনৰ সঞ্চালক) এই কেবিনেটটোৰ সম্পৰ্কীয় দাবীসমূহ একত্ৰিত কৰি dibbukbox.com নামৰ এটা ৱেবছাইট মুকলি কৰিছিল। খবৰ অনুসৰি এই ৱেবছাইটটোৱে লাখ লাখ দৰ্শক লাভ কৰিছিল আৰু ই এক "ইণ্টাৰনেট কিংবদন্তি" সৃষ্টি কৰিছিল। ২০০৪ চনত হেক্সটনে কাহিনীটোৰ স্বত্ব এটা হলিউড প্ৰডাকচন কোম্পানীক বিক্ৰী কৰে। ইয়াৰ ওপৰত ভিত্তি কৰি নিৰ্মিত আৰু ছেম ৰাইমিৰ দ্বাৰা প্ৰযোজিত ছবি দ্য পচেছন ২০১২ চনত মুক্তি পায়। হেক্সটনে পিছলৈ কেবিনেটটো গ্ৰোষ্ট এডভেঞ্চাৰ্ছৰ তাৰকা জেক বেগেন্সক তেওঁৰ সংগ্ৰহালয়ত প্ৰদৰ্শন কৰিবলৈ দিয়ে। ২০১৮ চনত ৰেপাৰ পোষ্ট মালোনৰ অনুৰাগীসকলে দাবী কৰিছিল যে তেওঁৰ ধাৰাবাহিক দুৰ্ভাগ্যৰ কাৰণ আছিল এই কেবিনেটটোৰ সৈতে তেওঁৰ সংস্পৰ্শ।[7]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Moss, Charles (July 8, 2021). "Finally, the truth behind the 'haunted' Dybbuk Box can be revealed". Input magazine. https://www.inputmag.com/features/dybbuk-box-dibbuk-kevin-mannis-zak-bagans-haunted-hoax-revealed। আহৰণ কৰা হৈছে: July 8, 2021.
- ↑ Kevin Mannis (September 2, 2009). "The Dybbuk Box, A.K.A. The Haunted Jewish Wine Cabinet". Yahoo. http://voices.yahoo.com/the-dibbuk-box-4184199.html?cat=44.
- ↑ Dunning, Brian (19 August 2014). "The Haunted Dybbuk Box". Skeptoid MediaSkeptoid.com. https://skeptoid.com/episodes/4428। আহৰণ কৰা হৈছে: 26 March 2021.
- ↑ Gross, Max (13 February 2004). "A Box Full of Bad Luck: Haunted Wine Cabinet Goes to Highest Bidder". The ForwardForward.com. https://forward.com/news/israel/6297/a-box-full-of-bad-luck-haunted-wine-cabinet-goes/। আহৰণ কৰা হৈছে: 26 March 2021.
- ↑ Gornstein, Leslie (25 July 2004). "A jinx in a box?". LA Times. https://www.latimes.com/la-ca-urban-legend-jewish-scroll-cabinet-t-20040725-story.html.
- ↑ EW Staff (7 September 2012). "Little box of horrors". Entertainment WeeklyEW.com. https://ew.com/article/2012/09/07/little-box-horrors/। আহৰণ কৰা হৈছে: 26 March 2021.
- ↑ "Post Malone's bad luck put down to 'haunted' object". BBC News. 18 September 2018. https://www.bbc.com/news/newsbeat-45559534.