ডিব্ৰু-শদিয়া ৰেলৱে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ডিব্ৰু-শদিয়া ৰেলৱে
ধৰণ বেচৰকাৰী
স্থাপিত ১৮৮১
মুখ্য কাৰ্যালয় ডিব্ৰুগড়, বৃটিচ ভাৰত
দেশ/অঞ্চল ডিব্ৰুগড় আৰু তিনিচুকীয়া,অসম
পৰিসেৱা ৰেল পৰিবহন

ডিব্ৰু-শদিয়া ৰেলৱে (ইংৰাজী: Dibru Sadiya Railway, চমুকৈ DSR) বৃটিছ অসমৰ প্ৰথম ৰেল প্ৰতিষ্ঠান। মূলতঃ চাহ আৰু কয়লা, লগতে যাত্ৰী পৰিবহনৰ উদ্দ্যেশে এই মিটাৰগজ ৰেলপথটো জন বেৰী হোৱাইটৰ প্ৰচেষ্টাত গঠন হোৱা "আসাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী"য়ে নিৰ্মাণ কৰিছিল। ডিব্ৰু-শদিয়া ৰেলপথত ১৮৮২ চনৰ ১ মে'তডিব্ৰুগড়ৰ মোহনামুখৰ পৰা জয়পুৰলৈ প্ৰথমখন ৰেল চলে। ১৮৮৩ চনৰ ১৬ জুলাইত ডিব্ৰুগড়ৰ পৰা মাকুমলৈ নিৰ্মাণ সম্পূৰ্ণ হোৱা ৪০ মাইল পথত ৰেলৰ চলাচল আৰম্ভ হয়।[1] ১৯৪৫ চনত চনত ডিব্ৰু-শদিয়া ৰেলৱেক 'বেংগল আসাম ৰেলৱে'ত অন্তৰ্ভূক্ত কৰা হয়।[2][3][4]

ইতিহাস[সম্পাদনা কৰক]

বৰা হাপজানৰ পৰা তিনিচুকীয়া ষ্টেচনলৈ ১-৭-১৮৯৮ত জাৰী কৰা ডিব্ৰু-শদিয়া ৰেলৱেৰ এটা টিকট
তিনিচুকীয়া ষ্টেচন (১৯৪৩ চন)

১৮৭০ৰ দশকত অবিভক্ত ডিব্ৰুগড় জিলাৰ ৬০খন চাহবাগিছাৰ উত্পাদিত সামগ্ৰী, চাহবাগিছাৰ বিভিন্ন যন্ত্ৰ-পাতি, ৰচদ, কয়লা আদি কঢ়িয়াবলৈ এজন চাহ খেতিয়ক আৰু অৱসৰপ্ৰাপ্ত সৈন্যবাহিনীৰ বিষয়া জন বেৰী হোৱাইটে নেৰ'গজ ৰেলপথ খোলাৰ বাবে চৰকাৰৰ ওচৰত অনুমতি বিচাৰে। ভাৰত চৰকাৰে অনুমতি দিয়াত বেৰী হোৱাইটে লণ্ডনলৈ গৈ এটা কোম্পানী পঞ্জীভুক্ত কৰে। কিন্তু কোম্পানীৰ শ্বেয়াৰ কিনাত ৰাইজৰ আশানুৰূপ সঁহাৰি নোপোৱাত লোকচান ভৰি এই প্ৰচেষ্টা বন্ধ কৰি দিয়া হয়।[3]

ৰেলপথ নিৰ্মাণ কৰা বিখ্যাত অভিযন্তা বেঞ্জামিন পিয়াৰ্চিয়ে ভায়েক ৰবাৰ্ট' পিয়াৰ্চি আৰু এডোৱাৰ্ড উইলচনক চৰ-জমিন তদন্ত কৰিবলৈ উজনী অসমলৈ পঠিয়ায়। তেওঁলোকৰ প্ৰতিবেদনৰ ভিত্তিত চৰকাৰে ৰেলপথটো ১ মিটাৰ বহলকৈ নিৰ্মাণ কৰাৰ আৰু কয়লা উত্পাদনৰ অনুমতি দিলে বেঞ্জামিন পিয়াৰ্চিয়ে এই পৰিকল্পনাত সঁহাৰি দিবলৈ মান্তি হয়। সেইমতে ৩০ জুলাই ১৮৮১ত 'আসাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী' গঠন কৰি ৰেলপথ নিৰ্মাণৰ কাম আৰম্ভ কৰি দিয়া হয়। ১ মে' ১৮৮২ৰ দিনা ডিব্ৰুগড়ৰ পৰা জয়পুৰ ৰোডলৈ প্ৰথমখন ৰেল চলে। ইতিমধ্যে মাকুমলৈ ৰেলপথচোৱা নিৰ্মাণৰ কাম সমাপ্ত হোৱাত ১৬ জুলাই ১৯৮৩ৰ পৰা ডিব্ৰুগড় আৰু মাকুমৰ মাজত ৰেল চলাচল আৰম্ভ হয়।[3]

ৰবাৰ্ট পিয়াৰ্চিৰ বিচাৰত লিডু কয়লাখনিৰ গুৰুত্ব অধিক হোৱাত ৰেলপথটো মাকুমৰ পৰা বুঢ়ীদিহিঙলৈ সম্প্ৰসাৰণ কৰাত বিশেষ গুৰুত্ব দিয়া হয়। ১৮ ফ্ৰেব্ৰুৱাৰী ১৮৮৪ত দিহিং নৈত নিৰ্মাণ কৰা কাঠৰ দলঙৰ ওপৰেৰে এখন বিশেষ ৰেল ডিব্ৰুগড়ৰ পৰা লিডুলৈ যাত্ৰা কৰে।

ইফালে মাকুমৰ পৰা চৈখোৱাঘাটলৈও শাখাপথচোৱাৰ নিৰ্মাণৰ কাম দ্ৰুতগতিত চলি থাকে। একেটা বছৰৰে ২ মে'ৰ দিনা ডুমডুমালৈ ৰেলপথ মুকলি কৰা হয়। এই পথটো ১৮৮৫ চনত তালাপলৈ আৰু ১৯০৯ চনত অন্তিম ষ্টেচন চৈখোৱাঘাটলৈ সম্প্ৰসাৰণ কৰা হয়।

লামডিঙৰ দিশৰ পৰা নিৰ্মাণ কৰি অহা আসাম বেংগল ৰেলৱেৰ লাইন ১৯০৩ চনত তিনিচুকীয়াত ডিব্ৰু-শদিয়া ৰেলৱেৰ সৈতে সংযোগ হয় আৰু তিনিচুকীয়া এটা জংচন ষ্টেচনলৈ ৰূপান্তৰ হয়।

উত্তৰসূৰী[সম্পাদনা কৰক]

২য় বিশ্বযুদ্ধৰ সময়ৰ ডিব্ৰুগড় ৰেল য়াৰ্ড

ডিব্ৰু-শদিয়া ৰেলৱে এটা সফল বাণিজ্যিক প্ৰতিষ্ঠান আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সামৰিক প্ৰয়োজনত চৰকাৰৰ দ্বাৰা যথেষ্ট পূঁজি বিনিয়োগ কৰি ইয়াৰ উন্নয়ন সাধন কৰা হয়। ১৯৪২ চন ১ জানুৱাৰীত আসাম বেংগল ৰেলৱে আৰু ইষ্টাৰ্ণ বেংগল ৰেলৱে লগ লগাই চৰকাৰে বেংগল আসাম ৰেলৱে গঠন কৰে।[5] ১৯৪৫ চনত  "লিডু এণ্ড টিকক মাৰ্ঘেৰিটা কলিয়েৰী ৰেলৱে"ৰ ৰেলপথখিনিৰ লগতে ডিব্ৰু-শদিয়া ৰেলৱেকো চৰকাৰে কিনি লয় আৰু 'বেংগল-আসাম ৰেলৱে'ত ইয়াক চামিল কৰে।[2][3] এই ঐতিহাসিক ৰেলপথটো বৰ্তমান উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অন্তৰ্ভূক্ত।[2]

ৰেলপথ[সম্পাদনা কৰক]

ডিব্ৰু-শদিয়া ৰেলৱে তথ্য ফলক, তিনিচুকীয়া হেৰিটেজ মিউজিয়াম

১৯৪২ চনৰ ৰেল মানচিত্ৰ অনুসৰি ডিব্ৰু-শদিয়া ৰেলৱেৰ মুখ্য পথটো ডিবৰুমুখৰ পৰা আৰম্ভ হৈ লিডুত শেষ হৈছিল। এইচোৱা পথৰ মুখ্য ষ্টেচনবোৰ আছিল- ডিব্ৰুগড় টাউন, চাবুৱা, তিনিচুকীয়া, মাকুম, ডিগব, মাৰ্ঘেৰিটা আৰু লিডু। মাকুম জংচনৰ পৰা আন এটা শাখা গৈছিল চৈখোৱাঘাটলৈ। শাখাপথৰ মুখ্য ষ্টেচনবোৰ আছিল- বৰা-হাপজান, ডুমডুমা, তালাপ, ডাঙৰী আৰু চৈখোৱাঘাট। ১৯০৩ চনত আসাম বেংগল ৰেলৱে তিনিচুকীয়ালৈ সম্প্ৰসাৰণ কৰাত এই ষ্টেচনটো ডিব্ৰু-শদিয়া ৰেলৱে আৰু আসাম বেংগল ৰেলৱেৰ জংচন ষ্টেচনলৈ ৰূপান্তৰিত হৈছিল। মাৰ্ঘেৰিটাৰ পৰা এটা ৰেলপথ নামদাং আৰু লিডুৰ পৰা এটা ৰেলপথ টিপংপানী কয়লাক্ষেত্ৰলৈ গৈছিল।[6][7]

বৰ্তমান[সম্পাদনা কৰক]

ৰাজ্যখনৰ প্ৰথমটো ৰেলপথ ডিব্ৰু-শদিয়া ৰেলৱে বৰ্তমান উত্তৰ-পূব সীমান্ত ৰেলৱে অন্তৰ্গত আৰু ইয়াক ব্ৰডগজলৈ ৰূপান্তৰ কৰা হৈছে। ১৯৫০ চনৰ প্ৰলয়ংকৰী ভূমিকম্পত ডাঙৰী আৰু চৈখোৱাঘাটৰ মাজৰ ৰেলপথৰ বিস্তৰ ক্ষতি হয়, যাৰবাবে ডাঙৰী ষ্টেচনৰ পৰা চৈখোৱাঘাটলৈ ৰেলপথটো বন্ধ কৰি দিয়া হৈছিল। কুৰি শতিকাৰ শেষটো দশকত তিনিচুকীয়া-ডাঙৰী শাখাটো উত্তৰ-পূব সীমান্ত ৰেলৱেই বন্ধ কৰি দিয়াৰ যো-জা চলাইছিল যদিও ৰাইজৰ প্ৰবল দাবীত ইয়াক ব্ৰডগজলৈ পৰিবৰ্তন কৰে। বৰ্তমান এখন যাত্ৰীবাহী ৰেল[8] মাকুম আৰু ডাঙৰীৰ মাজত চলাচল কৰে।[1]

লগতে চাওক[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 "State’s first railway track closed down". assamtribune.com. assamtribune (guwahati). December 13, 2011. http://www.assamtribune.com/scripts/detailsnew.asp?id=dec1311/at06। আহৰণ কৰা হৈছে: 30 জানুৱাৰী 2014. 
  2. 2.0 2.1 2.2 "History of NF Railway". nfr. প্ৰকাশক guwahati. http://www.nfr.indianrailways.gov.in/view_section.jsp?lang=0&id=0,1,444। আহৰণ কৰা হৈছে: 4ফেব্ৰুৱাৰী 2014. 
  3. 3.0 3.1 3.2 3.3 ৰবীন্দ্ৰ চন্দ্ৰ বৰুৱা (চেপ্তেম্বৰ-অক্টোবৰ ২০০৭). "ব্ৰহ্মপুত্ৰ উপত্যাকাত ৰেলগাড়ী". মন্থন: ১৯, ২০. 
  4. http://www.irfca.org/faq/faq-history2.html
  5. http://www.railway.gov.bd/history.asp
  6. "১৯৪২ চনৰ ৰেল মানচিত্ৰ". http://wiki.fibis.org/images/8/88/Dibru-Sadiya_Railway_1942.jpg। আহৰণ কৰা হৈছে: 30 জানুৱাৰী 2014. 
  7. http://www.tinsukiaonline.com/2011/12/railway-heritage-park-of-tinsukia-assam.html
  8. http://enquiry.indianrail.gov.in/ntes/