ডিম্পল হায়াথি
| ডিম্পল হায়াথি | |
|---|---|
হায়াথি ২০২২ চনত | |
| জন্ম | ডিম্পল ২১ আগষ্ট, ১৯৯৮ (২৭ বছৰ) বিজয়ৱাৰা, অন্ধ্ৰপ্ৰদেশ, ভাৰত |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০১৭–বৰ্তমান |
| দাম্পত্যসঙ্গী | ডেভিড[1] |
ডিম্পল হায়াথি (জন্ম ২১ আগষ্ট ১৯৯৮) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মুখ্যতঃ তেলুগু আৰু তামিল চলচ্চিত্ৰত অভিনয় কৰে।[2][3]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]হায়াথিৰ জন্ম ২১ আগষ্ট ১৯৯৮[4][5] তাৰিখে অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাৰাত তামিল পিতৃ আৰু তেলেগু মাতৃৰ ঘৰত হয়। তেওঁ হায়দৰাবাদত ডাঙৰ-দীঘল হয়। তেওঁ ডিম্পল নামে জন্ম গ্ৰহণ কৰিছিল, কিন্তু পিছত সংখ্যাগত কাৰণত নিজৰ নামৰ সৈতে “হায়াথি” সংযোজন কৰে।[6][7]
কেৰিয়াৰ
[সম্পাদনা কৰক]হায়াথিয়ে তেলুগু চলচ্চিত্ৰ গাল্ফ (২০১৭)ৰ জৰিয়তে ১৯ বছৰ বয়সত অভিনয় জীৱনৰ সূচনা কৰে। তাৰ পিছত তেওঁ তেলুগু চলচ্চিত্ৰ ইউৰেকাত অভিনয় কৰে আৰু তাৰ পিছত দ্বিভাষিক চলচ্চিত্ৰ দেৱী ২ (২০১৯)ত অভিনয় কৰে।[8][9] তাৰ পিছত তেওঁ গদ্দালাকোন্দ গণেশ (২০১৯) চলচ্চিত্ৰত আইটেম নম্বৰ গীত “জাৰা জাৰা”ত বৰুণ তেজ আৰু অথৰৱাৰ বিপৰীতে বিশেষ উপস্থিতি আগবঢ়ায়।[10][11]
চলচ্চিত্ৰ তালিকা
[সম্পাদনা কৰক]| বছৰ | চলচ্চিত্ৰ | পৰিচালনা | চিত্ৰনাট্য | মন্তব্য |
|---|---|---|---|---|
| ২০০০ | ব্লেক নৰ হোৱাইট | চুটি চলচ্চিত্ৰ | ||
| ২০০৯ | কেৰালা ক্যাফে | “হেপ্পী জাৰ্নি” খণ্ড[12] | ||
| ২০১২ | মঞ্জাডিক্কুৰুউ | [13] | ||
| উস্তাদ হোটেল | [14] | |||
| ২০১৪ | বেংগালুৰ ডেইজ | [15] | ||
| ২০১৮ | কূড়ে | [16] | ||
| ২০২২ | ৱাণ্ডাৰ ৱুমেন | ইংৰাজী চলচ্চিত্ৰ, Sony LIVত ওটিটি মুক্তি।[17] | ||
| ২০২৫ | বেকষ্টেজ | ইংৰাজী চুটি চলচ্চিত্ৰ সংকলন শৃংখলা যুভা সপনো কা সাফৰৰ অংশ[18] |
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]ডিম্পল হায়াথি ভিক্টৰ ডেভিডৰ সৈতে বিবাহিত।[19]
বিতৰ্ক
[সম্পাদনা কৰক]২০২৩ চনত হায়দৰাবাদৰ জুবিলী হিলছ অঞ্চলত আই পি এছ বিষয়াৰ গাড়ীৰ ক্ষতিসাধন কৰাৰ অভিযোগত তেওঁ আৰু তেওঁৰ স্বামী ভিক্টৰ ডেভিদে বিতৰ্কত লিপ্ত হৈছিল। খবৰ অনুসৰি ডেভিদে ভুলবশতঃ গাড়ীখনত খুন্দা মাৰে, আৰু যেতিয়া মুখা-মুখি হয়, তেতিয়া হায়াথীয়ে গাড়ীখনক লাথি মাৰিছিল বুলি জানিব পৰা গৈছে, যাৰ ফলত আৰক্ষীয়ে অভিযোগ দাখিল কৰিছিল।[20]
২০২৫ চনৰ ছেপ্টেম্বৰৰ শেষৰফালে প্ৰিয়ংকা বিবাৰ নামৰ এগৰাকী ২২বছৰীয়া ঘৰুৱা শ্ৰমিকে হায়দৰাবাদৰ শইকপেটত থকা হায়াথীৰ বাসগৃহত কৰ্মৰত অৱস্থাত নিৰ্যাতন আৰু হাৰাশাস্তি কৰা বুলি অভিযোগ দাখিল কৰিছিল।[21]
অভিযোগ অনুসৰি, শ্ৰমিকগৰাকীক বাৰে বাৰে অপমান কৰা হৈছিল আৰু খাদ্যৰপৰা বঞ্চিত কৰা হৈছিল, দম্পতীহালৰ কুকুৰটোক লৈ কাজিয়াৰ সময়ত ভাবুকি দিয়া হৈছিল, আৰু ঘটনাটো ৰেকৰ্ড কৰিবলৈ চেষ্টা কৰাৰ সময়ত তেওঁৰ মোবাইল ফোনটো কাঢ়ি লৈ ভাঙি পেলোৱাৰ অভিযোগ উত্থাপন হৈছিল; তেওঁ আৰু অভিযোগ কৰে যে বাসগৃহৰপৰা পলায়ন কৰাৰ সময়ত তেওঁৰ কাপোৰ ফাটি গৈছিল। ফিল্মনগৰ আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ (বিএনএছ) ধাৰা ৭৪, ৭৯, ৩৫১(২), আৰু ৩২৪(২)ৰ অধীনত ডিম্পল হায়াথী আৰু তেওঁৰ স্বামী ডেভিদৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।
ফিল্ম নগৰ আৰক্ষী থানাৰ পৰিদৰ্শক সন্তোষে কয় যে তেওঁলোকে প্ৰিয়ংকাৰ অভিযোগৰ ভিত্তিত অভিনেত্ৰী আৰু তেওঁৰ স্বামী দুয়োকে জাননী জাৰি কৰিছে।[19]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Telugu Actor Dimple Hayathi, Husband Accused By Househelp Of Harassment, Assault" (en ভাষাত). NDTV. 1 October 2025. https://www.ndtv.com/entertainment/telugu-actor-dimple-hayathi-husband-charged-of-harassing-and-assaulting-househelp-police-9376582.
- ↑ "Actor Dimple Hayathi is Fans' Favourite, For She Nails Every Outfit in Latest Insta Pics" (en ভাষাত). News18. 19 January 2022. https://www.news18.com/news/movies/actor-dimple-hayathi-is-fans-favourite-for-she-nails-every-outfit-in-latest-insta-pics-4674428.html। আহৰণ কৰা হৈছে: 30 January 2022.
- ↑ Adivi, Sashidhar (19 May 2021). "Dimple Hayathi stressed about extended family's health" (en ভাষাত). Deccan Chronicle. https://www.deccanchronicle.com/entertainment/tollywood/190521/dimple-hayathi-stressed-about-extended-familys-health.html। আহৰণ কৰা হৈছে: 30 January 2022.
- ↑ Jain, Vaishali; News, India TV (2021-08-21). "Ravi Teja wishes 'Khiladi' co-star Dimple with new poster" (en ভাষাত). www.indiatvnews.com. https://www.indiatvnews.com/entertainment/regional-cinema/ravi-teja-wishes-khiladi-co-star-dimple-with-new-poster-728034। আহৰণ কৰা হৈছে: 2024-05-16.
- ↑ India, The Hans (2023-05-23). "Dimple Hayathi Biography: Age, Career, Family, Networth, Movies, Controversies" (en ভাষাত). www.thehansindia.com. https://www.thehansindia.com/cinema/biography/dimple-hayathi-biography-age-career-family-networth-movies-controversies-798734। আহৰণ কৰা হৈছে: 2024-05-16.
- ↑ ""Fetish for fair skin" annoyed Dimple Hayathi". 30 January 2022. https://telanganatoday.com/fetish-for-fair-skin-annoyed-dimple-hayathi। আহৰণ কৰা হৈছে: 30 January 2022.
- ↑ "Dimple Hayathi: అప్పుడు నిరాశలోకి వెళ్లిపోయా" (te ভাষাত). EENADU. https://www.eenadu.net/telugu-news/movies/dimple-hayathi-latest-interview-on-khiladi-movie/0201/122020504। আহৰণ কৰা হৈছে: 30 January 2022.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>টেগ;Eurekaনামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>টেগ;Deviনামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>টেগ;Ganeshনামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ Adivi, Sashidhar (28 July 2019). "Finding her glam quotient". Deccan Chronicle. https://www.deccanchronicle.com/entertainment/tollywood/280719/finding-her-glam-quotient.html। আহৰণ কৰা হৈছে: 14 April 2020.
- ↑ "Review: Kerala Cafe". Sify. http://www.sify.com/movies/kerala-caf-review-malayalam-pclxtkiedhaca.html.
- ↑ "Seeds of a success story". The Hindu. 26 December 2008. http://www.thehindu.com/todays-paper/tp-features/tp-fridayreview/article1436833.ece.
- ↑ Nagarajan, Saraswathy (21 June 2012). "Beachside hotel". The Hindu. http://www.thehindu.com/arts/cinema/article3554610.ece.
- ↑ "Anjali Menon's movie is Bangalore Days". The Times of India. 24 January 2014. http://timesofindia.indiatimes.com/entertainment/malayalam/movies/news-and-interviews/Anjali-Menons-movie-is-Bangalore-Days/articleshow/29295005.cms। আহৰণ কৰা হৈছে: 29 May 2016.
- ↑ "Anjali Menon's movie is Koode". The Times of India. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/anjali-menons-film-with-prithviraj-parvathy-and-nazriya-titled-koode/articleshow/64543137.cms.
- ↑ "Expect the unexpected', says Nithya Menen as actors break suspense on pregnancy post...". https://www.onmanorama.com/entertainment/entertainment-news/2022/10/29/nithya-menen-parvathy-thiruvothu-sayanora-amrutha-subhash-pregnancy-test-post-clarification.html। আহৰণ কৰা হৈছে: 9 July 2023.
- ↑ "Backstage review: Anjali Menon's film is a gentle take on the fragilities of friendship". The News Minute. 25 April 2025. https://www.thenewsminute.com/flix/backstage-review-anjali-menons-film-is-a-gentle-take-on-the-fragilities-of-friendship। আহৰণ কৰা হৈছে: 23 May 2025.
- ↑ 19.0 19.1 Sudhir, Uma (1 October 2025). "Telugu Actor Dimple Hayathi, Husband Accused By Househelp Of Harassment, Assault". NDTV. https://www.ndtv.com/entertainment/telugu-actor-dimple-hayathi-husband-charged-of-harassing-and-assaulting-househelp-police-9376582.
- ↑ "Who is Dimple Hayathi? Actor booked for alleged abuse of domestic help" (en ভাষাত). Hindustan Times. 2025-10-01. https://www.hindustantimes.com/india-news/who-is-dimple-hayathi-telugu-actor-booked-for-alleged-abuse-of-domestic-help-101759308264312.html। আহৰণ কৰা হৈছে: 2025-10-04.
- ↑ "Maid escapes with torn clothes after 'assault' by actor Dimple Hayathi, husband; how events unfolded at Hyderabad apartment". The Times of India. 2025-10-02. ISSN 0971-8257. https://timesofindia.indiatimes.com/city/hyderabad/actress-dimple-hayathi-hubby-booked-for-harassing-domestic-help/articleshow/124264807.cms.
বহিঃসংযোগ
[সম্পাদনা কৰক]- ডিম্পল হায়াথি সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।