ডিস্ক'ভাৰী চেনেল
| ডিস্ক'ভাৰী চেনেল | |
|---|---|
| গৰাকী | ৱাৰ্ণাৰ ব্ৰাডাৰছ ডিস্ক'ভাৰী |
| দেশ | আমেৰিকা যুক্তৰাষ্ট্ৰ |
| ভাষা |
|
| মুখ্য কাৰ্যালয় | ২৩০ পাৰ্ক এভিনিউ দক্ষিণ নিউয়ৰ্ক চহৰ[1] |
১৯৮৫ চনৰ পৰা ১৯৯৫ চনলৈকে ডিস্ক'ভাৰী চেনেল (ইংৰাজী: Discovery Channel) নামে জনাজাত আৰু প্ৰায়ে সৰলভাৱে ডিস্ক'ভাৰী বুলি কোৱা ডিস্ক'ভাৰী চেনেল হৈছে আমেৰিকাৰ কেবল চেনেল যি ৰিয়েলিটি টেলিভিছন শ্ব' আৰু অপবিজ্ঞান প্ৰতিহত কৰিবলৈ কৰা প্ৰচাৰমূলক কাৰ্যসূচীৰ বাবে অধিক পৰিচিত।[2][3][4]
ই প্ৰথমতে মূলতঃ জনপ্ৰিয় বিজ্ঞান, প্ৰযুক্তি আৰু ইতিহাসৰ ওপৰত কেন্দ্ৰিত তথ্যচিত্ৰ টেলিভিছন কাৰ্যসূচী প্ৰদান কৰিছিল যদিও ২০১০ চনৰ ভিতৰত ইয়াত ৰিয়েলিটি টেলিভিছন শ্ব' আৰু ষড়যন্ত্ৰ তত্ত্বক প্ৰচাৰ কৰা বা জাংক বিজ্ঞানৰ পোষকতা কৰা অনুষ্ঠানৰ আধিপত্য ক্ৰমান্বয়ে বৃদ্ধি পাইছিল।
ইয়াৰ মালিক ৱাৰ্নাৰ ব্ৰাদাৰ্ছ ডিস্কভাৰী, যিটো চিইঅ’ ডেভিদ জাছলাভৰ দ্বাৰা পৰিচালিত ৰাজহুৱাভাৱে ব্যৱসায় কৰা কোম্পানী। ডিস্ক'ভাৰী চেনেল আমেৰিকাৰ তৃতীয় সৰ্বাধিক বিতৰিত চাবস্ক্ৰিপচন চেনেল আছিল, আৰু বৰ্তমানৰ ভগ্নী চেনেল টিবিএছ আৰু ৱেদাৰ চেনেলৰ পিছতে ইয়াৰ স্থান আছিল৷[5] ইয়াৰ আমেৰিকাৰ ফ্লেগশ্বিপ চেনেল আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ বিভিন্ন মালিকানাধীন বা অনুজ্ঞাপত্ৰপ্ৰাপ্ত টেলিভিছন চেনেলৰ জৰিয়তে ই বিশ্বৰ ৪০৯ মিলিয়ন পৰিয়ালত উপলব্ধ।[6]
নৱেম্বৰ 2023 অনুসৰি[update], ডিস্ক'ভাৰী চেনেল আমেৰিকাৰ প্ৰায় ৭১,০০০,০০০ পে টেলিভিছন পৰিয়ালৰ বাবে উপলব্ধ, অৱশ্যে ২০১১ চনত এই পৰিসংখ্যা ৯৯,০০০,০০০ আছিল।[7]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Discovery Selects 230 Park Avenue South As New Global Headquarters". https://corporate.discovery.com/discovery-newsroom/discovery-selects-230-park-avenue-south-as-new-global-headquarters/। আহৰণ কৰা হৈছে: 27 October 2023.
- ↑ Nahigyan, Pierce (August 19, 2014). "Discovery's 'Shark Week' Criticized for Silliness, Pseudoscience and Lies". Planet Experts. http://www.planetexperts.com/discoverys-shark-week-criticized-silliness-pseudoscience-lies/। আহৰণ কৰা হৈছে: April 17, 2017.
- ↑ Kirk, Chris (August 6, 2013). "Wil Wheaton Says Discovery Channel Has 'Betrayed Its Audience'". Slate. http://www.slate.com/blogs/browbeat/2013/08/06/wil_wheaton_discovery_channel_megalodon_documentary_betrayed_viewers.html। আহৰণ কৰা হৈছে: April 17, 2017.
- ↑ Epstein, Adam (August 15, 2014). "The sad devolution of Discovery Channel". Quartz. https://qz.com/249615/the-sad-devolution-of-discovery-channel/। আহৰণ কৰা হৈছে: April 17, 2017.
- ↑ Seidman, Robert (August 23, 2013). "List of How Many Homes Each Cable Networks Is In – Cable Network Coverage Estimates As Of August 2013". TV by the Numbers. Archived from the original on August 25, 2013. https://web.archive.org/web/20130825033059/http://tvbythenumbers.zap2it.com/2013/08/23/list-of-how-many-homes-each-cable-networks-is-in-cable-network-coverage-estimates-as-of-august-2013/199072/। আহৰণ কৰা হৈছে: August 25, 2013.
- ↑ "DCI :: Businesses & Brands :: Discovery Channel". http://corporate.discovery.com/brands/discoverychannel.html.
- ↑ "U.S. cable network households (universe), 1990 – 2023". wrestlenomics.com. May 14, 2024. https://wrestlenomics.com/u-s-cable-network-households-universe-1990-2023-nielsen-data/। আহৰণ কৰা হৈছে: July 28, 2019.