দ্য ডিস্কভাৰী অৱ ইণ্ডিয়া (গ্ৰন্থ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ডিস্কভাৰী অৱ ইণ্ডিয়া (গ্ৰন্থ)ৰ পৰা পুনঃনিৰ্দেশিত)
দ্য ডিস্কভাৰী অৱ ইণ্ডিয়া  
লেখক জৱাহৰলাল নেহৰু
দেশ ভাৰত
ভাষা ইংৰাজী, হিন্দী
বিষয় ভাৰতীয় ইতিহাস, ভাৰতীয় সংস্কৃতি, ভাৰতৰ ৰাজনীতি, ভাৰতৰ ধৰ্ম, ভাৰতীয় ইতিহাস
প্ৰকাশক John Day (US)
Meridian Books (UK)
প্ৰকাশ ১৪ নৱেম্বৰ ১৯৪৬
মিডিয়া প্ৰকাৰ মুদ্ৰণ (কেঁচাবন্ধা)
পৃষ্ঠা সংখ্যা ৫৯৫
আই.এচ.বি.এন. 978-0-19-562359-8
এল চি শ্ৰেণীকৰণ DS436 .N42 1989

দ্য ডিস্কভাৰী অৱ ইণ্ডিয়া (ইংৰাজী: The Discovery of India) নামৰ গ্ৰন্থখন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে ১৯৪২-১৯৪৬ চনত আহমেদনগৰ দুৰ্গত তেওঁৰ কাৰাবাসৰ সময়ছোৱাত ৰচনা কৰিছিল আৰু তেওঁৰ পত্নী ৰুগ্ন কমলাকান্তৰ মৃত্যুৰ কাৰন দৰ্শাই। দ্য ডিস্কভাৰী অৱ ইণ্ডিয়াক ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য, ইতিহাস আৰু দৰ্শনৰ এক দস্তাবেজ হিচাপে গণ্য কৰা হয়। গ্ৰন্থখন ১৯৪৪ চনত ৰচনা কৰা হৈছিল যদিও ১৯৪৬ চনতহে প্ৰকাশিত হয়।

সাৰাংশ[সম্পাদনা কৰক]

দ্য ডিস্কভাৰী অৱ ইণ্ডিয়াত প্ৰাচীন ভাৰতৰ পৰা ব্ৰিটিছ ৰাজলৈ এক দীৰ্ঘ কালৰ বৰ্ণনা প্ৰকাশিত হৈছে। নেহৰুৱে তেওঁৰ বেদ, উপনিষদৰ জ্ঞান আৰু প্ৰাচীন ভাৰতৰ ঐতিহাসিক গ্ৰন্থসমূহৰ অধ্যয়নৰ ওপৰত ভিত্তি কৰি সিন্ধু সভ্যতাৰ পৰা বিভিন্ন বিদেশী আক্ৰমণকাৰীৰ আগমণ আৰু তাৰ ফলত সৃষ্টি হোৱা পৰিৱৰ্তিত ভাৰতলৈকে গন্থখনত বৰ্ণনা কৰিছে।

নেহৰুৱে ভাৰত ত্যাগ আন্দোলনত অংশ গ্ৰহণ কৰাৰ বাবে অন্যান্য স্বাধীনতা সংগ্ৰামী সকলৰ সৈতে কাৰাবাস খাটিব লগা হৈছিল। তেওঁ এই সময়খিনিত ভাৰতৰ ইতিহাস সম্পৰ্কে তেওঁৰ জ্ঞান আৰু চিন্তাক লিখিত ৰূপ প্ৰদান কৰিছিল। গ্ৰন্থখন ভাৰতৰ ইতিহাস, দৰ্শন আৰু সংস্কৃতিৰ এক জীৱন্ত দলিল।