সমললৈ যাওক

ডেইজী ৰিডলী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডেইজী ৰিডলী

২০২৪ চনত ৰিডলী
জন্ম ডেইজী জাজ ইছ’বেল ৰিডলী
১০ এপ্ৰিল, ১৯৯২ (৩৪ বছৰ)
লণ্ডন, ইংলেণ্ড
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০১৩–বৰ্তমান
দাম্পত্যসঙ্গী টম বেটমেন
আত্মীয়-স্বজন আৰ্নল্ড ৰিডলী (সম্পৰ্কীয় ককা)

ডেইজী জাজ ইছ’বেল ৰিডলী (ইংৰাজী: Daisy Ridley; জন্ম: ১০ এপ্ৰিল ১৯৯২) এগৰাকী ইংৰাজ অভিনেত্ৰী। ২০১৫ চনৰ পৰা ২০১৯ চনলৈ ষ্টাৰ ৱাৰ্ছ ছিকুৱেল ত্ৰিলজীত ৰে'ৰ চৰিত্ৰত অভিনয় কৰি তেওঁ বিশেষ জনপ্ৰিয়তা লাভ কৰে। ষ্টাৰ ৱাৰ্ছ চলচ্চিত্ৰৰ পিছত ৰিডলীয়ে ৰহস্যধৰ্মী ছবি মাৰ্ডাৰ অন দ্য অৰিয়েণ্ট এক্সপ্ৰেছ (২০১৭)ত অভিনয় কৰে আৰু ৰোমাণ্টিক ড্ৰামা অফেলিয়া (২০১৮)ত অফেলিয়াৰ চৰিত্ৰত অভিনয় কৰে। তেওঁ এনিমেটেড ছবি পিটাৰ ৰেবিট (২০১৮) আৰু ভিডিঅ' গেম টুৱেল্ভ মিনিটছ (২০২১)ত কণ্ঠদান কৰিছে। ইয়াৰ পিছত তেওঁ বিজ্ঞানভিত্তিক ছবি কেওচ ৱাকিং (২০২১), স্বতন্ত্ৰ ড্ৰামা চামটাইমছ আই থিংক এবাউট ডাইং (২০২৩) আৰু মনস্তাত্বিক থ্ৰিলাৰ দ্য মাৰ্ছ কিংছ ডটাৰ (২০২৩)ত মুখ্য চৰিত্ৰত অভিনয় কৰে। তেওঁ জীৱনীমূলক ছবি য়ং ৱমেন এণ্ড দ্য চি (২০২৪)ত গাৰ্ট্ৰুড এডাৰ্লিৰ চৰিত্ৰত অভিনয় কৰিছে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ৰিডলীৰ জন্ম ১৯৯২ চনৰ ১০ এপ্ৰিলত লণ্ডনৰ ৱেষ্টমিনিষ্টাৰত হৈছিল আৰু তেওঁ মাইডা ভেলত ডাঙৰ-দীঘল হৈছিল।[1][2] তেওঁ ফটোগ্ৰাফাৰ ক্ৰিষ্টোফাৰ ৰিডলী আৰু বেংকৰ আভ্যন্তৰীণ যোগাযোগ বিভাগত কৰ্মৰত লুইজৰ তিনিগৰাকী কন্যাৰ ভিতৰত কনিষ্ঠ।[3][4] তেওঁৰ কিকা ৰোজ আৰু পপি ছফিয়া নামৰ দুগৰাকী জ্যেষ্ঠ ভগ্নীৰ লগতে দুগৰাকী সতীয়া ভগ্নীও আছে।[5] তেওঁৰ মাতৃৰ পৰিয়াল ফকনাৰ-কৰবেটসকল সামৰিক আৰু চিকিৎসা বিজ্ঞানৰ পৃষ্ঠভূমি থকা অভিজাত শ্ৰেণীৰ লোক আছিল। তেওঁৰ পিতৃৰ ফালৰ সম্পৰ্কীয় ককা আৰ্নল্ড ৰিডলীয়েও সামৰিক বাহিনীত সেৱা আগবঢ়াইছিল।[6] আৰ্নল্ড ৰিডলী এজন নাট্যকাৰ আৰু অভিনেতা হিচাপেও সফল আছিল। ডেইজীৰ ককাদেউতাক জন হেৰী ডান ৰিডলী ১৯৫০ চনৰ পৰা ১৯৬৫ চনলৈ বিবিচিৰ ইঞ্জিনিয়াৰিং চেক্ৰেটেৰিয়েটৰ মুৰব্বী আছিল।

ৰিডলীয়ে উল্লেখ কৰিছে যে সৰুতে তেওঁৰ প্ৰিয় চলচ্চিত্ৰ আছিল মাটিল্ডা (১৯৯৬) আৰু তেওঁ ইয়াৰ মাটিল্ডা চৰিত্ৰটোক নিজৰ আদৰ্শ হিচাপে গণ্য কৰিছিল।[7] কিশোৰ অৱস্থাত তেওঁ বিশেষভাৱে ষ্টাৰ ৱাৰ্ছৰ অনুৰাগী নাছিল যদিও হেৰী পটাৰ শৃংখলাটো অতি আগ্ৰহেৰে অনুসৰণ কৰিছিল।[5]

ৰিডলীয়ে হাৰ্টফৰ্ডশায়াৰৰ ট্ৰিং পাৰ্ক স্কুল ফৰ দ্য পাৰফৰ্মিং আৰ্টছত অধ্যয়নৰ বাবে জলপানি লাভ কৰিছিল আৰু ন বছৰৰ পৰা ওঠৰ বছৰ বয়সলৈকে তাত শিক্ষা গ্ৰহণ কৰিছিল।[8] ইয়াৰ পিছত তেওঁ বাৰ্কবেকত ধ্ৰুপদী সভ্যতাৰ বিষয়ে অধ্যয়ন কৰে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ Goodwin, Jess (7 January 2015). "Daisy Ridley: 7 Things You Might Not Know About The 'Star Wars: Episode VII: The Force Awakens' Actress". Fashion & Style. Archived from the original on 19 January 2015. https://archive.today/20150119002843/http://www.fashionnstyle.com/articles/39630/20150107/daisy-ridley-7-things-you-might-not-know-about-the-star-wars-force-awakens-actress.htm.
  2. ↑ "Daisy Jazz I Ridley". FamilySearch. https://familysearch.org/ark:/61903/1:1:QV41-GJ7S। আহৰণ কৰা হৈছে: 21 October 2015.
  3. ↑ Saner, Emine (28 November 2015). "How Daisy Ridley went from bit parts to lead in Star Wars: The Force Awakens" (en-GB ভাষাত). The Guardian. http://www.theguardian.com/film/2015/nov/28/daisy-ridley-star-wars-the-force-awakens। আহৰণ কৰা হৈছে: 30 August 2021.
  4. ↑ "Meet Daisy Ridley, the 23-year-old who snagged a lead role in 'Star Wars: The Force Awakens' - her Hollywood career is about to blow up". Business Insider India. https://www.businessinsider.in/tech/meet-daisy-ridley-the-23-year-old-who-snagged-a-lead-role-in-star-wars-the-force-awakens-her-hollywood-career-is-about-to-blow-up/slidelist/49495934.cms। আহৰণ কৰা হৈছে: 11 August 2021.
  5. 1 2 Bhattacharji, Alex (3 December 2019). "Daisy Ridley on The Rise Of Skywalker: 'It was not hard to be upset in the last scene'" (en-GB ভাষাত). British GQ. https://www.gq-magazine.co.uk/culture/article/daisy-ridley-star-wars-the-rise-of-skywalker-interview। আহৰণ কৰা হৈছে: 2 August 2020.
  6. ↑ Bethan, Bell (5 February 2016). "The real-life wars of Dad's Army actor Arnold Ridley". BBC News. https://www.bbc.co.uk/news/uk-england-35491036। আহৰণ কৰা হৈছে: 7 March 2021.
  7. ↑ Garcia, Patricia (15 December 2015). "Everything You Need to Know About Star Wars's New Stars John Boyega and Daisy Ridley". Vogue. Archived from the original on 7 November 2016. https://web.archive.org/web/20161107081919/http://www.vogue.com/13380722/star-wars-john-boyega-daisy-ridley.
  8. ↑ Watts, Halina; McPhee, Rod (1 May 2014). "Star Wars' new star Daisy Ridley: Dad praises "extraordinary" daughter after she lands Episode VII leading role". Daily Mirror. https://www.mirror.co.uk/tv/tv-news/star-wars-vii-daisy-ridley-3481110.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]