সমললৈ যাওক

ডেক্কান কুইন (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডেক্কান কুইন
পৰিচালক মেহবুব খান
ৰচনা জিয়া সহৰাদী
প্ৰযোজক সাগৰ মুভীট’ন
অভিনয়ত সুৰেন্দ্ৰ
অৰুণা দেৱী
ৰামচন্দ্ৰ পাল
কায়াম আলী
চিত্ৰগ্ৰহণকাৰী ফেৰদুন ইৰাণী
সংগীত পৰিচালক প্ৰাণসুখ নায়ক
প্ৰযোজনা
কোম্পানী
সাগৰ মুভীট’ন
মুক্তি
১৯৩৬ (1936)
দৈৰ্ঘ্য
১৫৮ মিনিট
দেশ ভাৰত
ভাষা হিন্দুস্তানী

ডেক্কান কুইন' (ইংৰাজী: Deccan Queen) ১৯৩৬ চনৰ মেহবুব খানৰ পৰিচালনাত নিৰ্মিত এখন হিন্দুস্তানী একচন-এডভেঞ্চাৰ ছবি। এইখন সাগৰ মুভীট’নৰ প্ৰথমখন "ষ্টাণ্ট" ছবি আৰু অভিনেতা সুৰেন্দ্ৰৰো প্ৰথমখন ছবি আছিল, যাক ছবিখনত "সুৰেন্দ্ৰ নাথ বি.এ., এল.এল.বি." বুলি উল্লেখ কৰা হৈছিল। ডেক্কান কুইনে তেওঁক গায়ক-তাৰকা হিচাপে কৰ্মজীৱনৰ পাতনি মেলাত সহায় কৰিছিল।[1] এইখন মেহবুব খানে[2] পৰিচালনা কৰা একমাত্ৰ একচন ছবি আছিল; কাৰণ পিছলৈ তেওঁৰ কামকাজ সামাজিক আৰু ৰাজনৈতিক চাপ থকা ছবিলৈ স্থানান্তৰিত হয়। “আল হিলাল” (১৯৩৫)ৰ পিছত এয়া মেহবুব খানৰ দ্বিতীয়টো পৰিচালনাৰ উদ্যোগ আছিল।[3] তেওঁ তেতিয়াৰ এজন অজ্ঞাত আৰু কম সময়ৰ অভিনেতা জিয়া সৰহাদীক ডেক্কান কুইনৰ চিত্ৰনাট্য, সংলাপ আৰু গীত লিখিবলৈ কয়।[4] সংগীত পৰিচালনা অশোক ঘোষৰ সৈতে প্ৰাণসুখ নায়কে কৰিছিল। চিনেমেটোগ্ৰাফাৰ আছিল ফেৰদুন ইৰানী। ছবিখনত সুৰেন্দ্ৰ, অৰুণা দেৱী, ৰামচন্দ্ৰ পাল আৰু কয়াম আলীয়ে অভিনয় কৰিছিল।[5]

ছবিখনত অৰুণা দেৱীয়ে দুটা চৰিত্ৰত অভিনয় কৰিছে, এটা ভূমিকা বিশ্বাসঘাতক পুৰুষৰ বিৰুদ্ধে প্ৰতিশোধ ল’বলৈ ওলাই অহা ভয়ংকৰ ডেক্কান কুইনৰ চৰিত্ৰত আৰু আনটো ভূমিকা ডেক্কান কুইনক গ্ৰেপ্তাৰ কৰাৰ পৰিকল্পনা কৰা আৰক্ষী পৰিদৰ্শকৰ প্ৰেমত পৰা এগৰাকী শান্ত টাইপিষ্টৰ।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Raj, Ashok (2009). Hero Vol.1, Volume 1 Bollywood Series. Hay House, Inc. ISBN 9789381398029. https://books.google.com/books?id=tgo9BAAAQBAJ&q=Deccan+Queen+1936&pg=PT125। আহৰণ কৰা হৈছে: 8 Sep 2014. 
  2. Crow, Jonathan (2014). "Deccan Queen 1936". The New York Times (Baseline & All Movie Guide). https://www.nytimes.com/movies/movie/253894/Deccan-Queen/overview। আহৰণ কৰা হৈছে: 8 Sep 2014. 
  3. Shafique, Khurram Ali. "Obituary: Zia Sarhadi The last Reel. From The Herald". Therepublicofrumi.comtherepublicofrumi.com. Archived from the original on 4 October 2013. https://web.archive.org/web/20131004225305/http://www.therepublicofrumi.com/khurram/ziasarhadi.htm। আহৰণ কৰা হৈছে: 8 Sep 2014. 
  4. "Deccan Queen 1936". Alan Goblecitwf.com. http://www.citwf.com/film82515.htm। আহৰণ কৰা হৈছে: 8 Sep 2014. 
  5. Rishi, Tilak (2012). Bless You Bollywood!: A Tribute to Hindi Cinema on Completing 100 Years. Trafford Publishing. ISBN 9781466939639. https://books.google.com/books?id=r623sWyGm0sC&q=manmohan+1936++movie&pg=PA36। আহৰণ কৰা হৈছে: 8 Sep 2014. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]