সমললৈ যাওক

ডেট ইজ মহালক্ষ্মী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডেট ইজ মহালক্ষ্মী

পোষ্টাৰ
পৰিচালক প্ৰশান্ত বাৰ্মা
ভিত্তি
  • কুইন (২০১৪ হিন্দী চলচ্চিত্ৰ
প্ৰযোজক
  • মনু কুমাৰণ
  • পাৰুল যাদৱ
অভিনয়ত তামান্না ভাটিয়
সংগীত পৰিচালক
  • অমিত ত্ৰিবেদী
  • অৰ্জুন হৰজাই
দেশ ভাৰত
ভাষা তেলেগু

ডেট ইজ মহালক্ষ্মী (ইংৰাজী: That Is Mahalakshmi ) প্ৰশান্ত বৰ্মা পৰিচালিত আৰু মনু কুমাৰন আৰু পাৰুল যাদৱ প্ৰযোজিত এখন মুক্তি নোপোৱা ভাৰতীয় তেলেগু ভাষাৰ কমেডী নাট্যধৰ্মী ছবি । এইখন ২০১৪ চনৰ হিন্দী ছবি কুইনৰ পুনৰ্নিৰ্মাণ। ছবিখনত অভিনয় কৰিছে তমন্না ভাটিয়াই; সহযোগী চৰিত্ৰত অভিনয় কৰিছে শিৱানী দাণ্ডেকাৰ আৰু সিদ্ধু জোন্নালাগড্ডাই। ছবিখনৰ নিৰ্মাণৰ পৰা বিতৰণলৈকে প্ৰতিটো পৰ্যায়তে সমস্যাৰ সন্মুখীন হবলগীয়া হৈছিল, যাৰ ফলত নিৰ্মাণত বহু পলম হৈছিল আৰু শেষত মুক্তিত বাধা আহিছিল। [1] [2]

নিৰ্মাণ

[সম্পাদনা কৰক]

২০১৪ চনৰ জুন মাহত হিন্দী ছবি কুইনৰ (২০১৪) প্ৰযোজক ভায়কম ১৮ ষ্টুডিঅ’ই আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে তেওঁলোকে তেওঁলোকৰ ছবিখনৰ তামিল, তেলেগু, মালয়ালম আৰু কানাড়া সংস্কৰণৰ পুনৰ্নিৰ্মাণৰ অধিকাৰ ত্যাগৰাজনক বিক্ৰী কৰি দিছে আৰু ত্যাগৰাজনে তেওঁৰ প্ৰডাকচন ষ্টুডিঅ’ ষ্টাৰ মুভিজৰ জৰিয়তে ছবিসমূহ নিৰ্মাণ কৰিব। ভায়কমে চুক্তিখনত এটা সতৰ্কবাণী দিছিল যে যিকোনো ছবিৰ মূল দৃশ্যগ্ৰহণ ২০১৭ চনৰ ৮ জুন তাৰিখৰ ভিতৰত আৰম্ভ হ'ব লাগিব, নহ'লে অধিকাৰ ভায়কমৰ হাতলৈ ঘূৰি যাব। [3] ২০১৪ চনৰ জুন মাহত এই ঘোষণাৰ কিছু দিনৰ পিছতে কেইবাজনো ভাৰতীয় পৰিচালক আৰু অভিনেত্ৰীয়ে ছবিখন কৰাৰ ইচ্ছা প্ৰকাশ কৰে যদিও ত্যাগৰাজনে কয় যে কাকো চূড়ান্ত কৰা হোৱা নাই আৰু তেওঁ এতিয়াও বিকল্পৰ বিষয়ে বিবেচনা কৰি আছে। [4] ২০১৪ চনৰ জুলাই মাহৰ ভিতৰত সামান্থা ৰুথ প্ৰভুৱে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰাৰ বিষয়ে আলোচনা কৰিছিল যদিও মূল চিত্ৰনাট্যখন দক্ষিণ ভাৰতীয় ভাষাসমূহৰ লগত খাপ খুৱাই লোৱাৰ ধৰণটোৰ পতিয়ন নোযোৱাত ছবিখন নাকচ কৰে। [5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]