ডেণ্ড্ৰ'বিয়াম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ডেনদ্ৰবিয়ামৰ পৰা পুনঃনিৰ্দেশিত)
ডেণ্ড্ৰ'বিয়াম
Pink Rock Orchid, Dendrobium kingianum
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
বিভাগ: Magnoliophyta
(অশ্ৰেণীকৃত): Monocots
বৰ্গ: Asparagales
পৰিয়াল: Orchidaceae
উপপৰিয়াল: Epidendroideae
গোত্ৰ: Podochileae
Subtribe: Dendrobiinae
গণ: Dendrobium
Sw
Species

প্ৰায় ১,২০০; চাওক ডেনদ্ৰবিয়ামৰ তালিকা

সমাৰ্থক

ডেনদ্ৰবিয়াম (Dendrobium) অৰ্কিডৰ এটা বৃহৎ গণ যাক Olof Swartz নামৰ চুইদিছ উদ্ভিদ বিজ্ঞানী এজনে ১৭৯৯ খীষ্টাব্দত প্ৰতিষ্ঠা কৰিছিল আৰু আজি ইয়াৰ প্ৰায় ১২০০ প্ৰজাতি পোৱা যায়। এই গণৰ অৰ্কিড সমূহ ফিলিপাইনছ, বৰ্নেঅ’, অষ্ট্ৰেলিয়া, নিউ গিনি, ভিয়েটনাম, চলমন দ্বীপসমূহ আৰু নিউজিলেণ্ডকে ধৰি পূব এছিয়া, দক্ষিণ এছিয়া আৰু দক্ষিণপূব এছিয়াৰ বিভিন্ন অঞ্চলত বিয়পি আছে। ডেনদ্ৰবিয়াম নামটো গ্ৰীক মুল ডেনদ্ৰন ("গছ") আৰু বায়চ ("জীৱন")ৰ পৰা আহিছে যাৰ অৰ্থ "যিয়ে গছৰ ওপৰত জীয়াই থাকে" অৰ্থাৎ পৰাশ্ৰয়ী

১৯৮১ চনত ব্ৰেইগৰে অষ্ট্ৰেলিয়া আৰু নিউ গিনিৰ সকলো terete-leaved ডেনদ্ৰবিয়ামক এটা নতুন গণ ডক্ৰিলা(Dockrillia)লৈ পুনঃশ্ৰেনীবিভাজিত কৰে। নিউজিলেণ্ডৰ উনিকা অৰ্কিড যাক আগতে D. cunninghamii নামেৰে জনা গৈছিল, এটা নতুন গণ উনিকালৈ স্থানান্তৰ কৰা হ’ল। ১৯৮৯ চনত ক্লীমেণ্টে D. speciosum কম্প্লেক্সক কিছুমান নিদিষ্ট প্ৰজাতিলৈ উন্নিত কৰে;[1]

বিৱৰণ[সম্পাদনা কৰক]

ডেনদ্ৰবিয়াম প্ৰজাতিসমূহ epiphytic, আৰু কেতিয়াবা lithophytic হ’ব পাৰে। এইবিলাকে জীৱন ধাৰণৰ বাবে ননা ধৰণৰ ভৌগোলিক ক্ষেত্ৰৰ বিভিন্নতাৰ সৈতে নিজকে খাপ খুৱাই লোৱা দেখা যায়, যেনে হিমালয়ৰ উচ্চ শিখৰৰ পৰা নিম্ন উচ্চতাৰ বিষুবীয় অৰণ্যলৈ; আনকি অষ্ট্ৰেলিয়াৰ শুকান জলবায়ুতো ডেনদ্ৰবিয়াম প্ৰজাতিসমূহ পোৱা যায়।

চিম্পডিয়া(sympodial) গণৰ অৰ্কিডসমূহে pseudobulb গঠন কৰে যিবোৰৰ দৈঘ্য এক ছেণ্টিমিটাৰৰ (যেনে:Dendrobium leucocyanum) পৰা আৰম্ভ কৰি কাণ্ডৰ দৰে কেইবামিটাৰ (যেনে:Dendrobium discolor) পৰ্যন্ত্য দীঘল হয়। তাৰে কিছুমানৰ ৰঙচুৱা কাণ্ডৰ গঠন হয়।

কিছুমান নিৰ্বাচিত প্ৰজাতিত সৰু উপবৃত্তাকাৰ পাত বোৰ গোটেই কাণ্ড ডালতে অগাপিছাকে গজে, আন কিছুমানত পাত বোৰ মুঠাবান্ধি কাণ্ডৰ অগ্ৰিম অংশৰ ফালে আগবাঢ়ি যায় (যেনে Dendrobium tetragonum)। অগ্ৰিম ভাগৰ পূষ্পসজ্জা দৈঘ্যৰ হিচাপত একেবাৰে কমৰ পৰা ১ মিটাৰ লৈ আৰু ফুলৰ সংখ্যাও কমৰ পৰা (১-৪)((e.g. Dendrobium nobile)) ১০০ মানলৈকে হয়। পৰ্ণপাতী প্ৰজাতি বোৰত এক দুই বছৰ পাত লাগে আৰু তাৰ পিচত পাতবিহীন কাণ্ডত ফুল ফুলিবলৈ ধৰে, আনহাতে চিৰসেউজ প্ৰজাতি বোৰৰ ক্ষেত্ৰত সাধাৰণতে দ্বিতীয় বছৰত ফুল ফুলা আৰম্ভ হয় আৰু কেইবাবছৰ পিচলৈকে ফুল ফুলিব পাৰে (যেনে Dendrobium densiflorum)।

এইবোৰ অৰ্কিড গ্ৰীষ্মকালত সোনকালে বাঢ়ে, কিন্তু শীত কালি নাবাঢ়ে। বেছিভাগ প্ৰজাতি বসন্ত কালত ফুলে (মাত্ৰ কেইটামান প্ৰজাতি হেমন্ত কালত) আৰু ইয়াৰ পিচত ক্ষিপ্ৰ গতিৰে নতুন শিপা বাঢ়িব ধৰে। প্ৰজনন সাধাৰণতে গুটিৰ পৰা হয় কিন্তু কিছুমান প্ৰজাতিত কাণ্ডৰ পৰাও হয় (সাধাৰণতে যেতিয়া কাণ্ডৰ বাঢ়ি অহা অংশ আঘাতপ্ৰাপ্ত হয়। )

নিৰ্বাচিত প্ৰজাতি সমূহ[সম্পাদনা কৰক]

উদ্যান শস্য বিভাগ[সম্পাদনা কৰক]

ডেনদ্ৰবিয়ামক উদ্যান শস্য বিভাগত চমুকৈ ডেন বুলি কোৱা হয়। কিছুমান প্ৰজাতিৰ চাহিদা অৰ্কিড প্ৰেমী সকলৰ মাজত খুব বেচি আৰু ইয়েই বহুটো হাইব্ৰীড যেনে Noble Dendrobium (D. nobile) ব্ৰীডৰ সূচনা কৰে যিবোৰৰ ৰঙৰ বিভিন্নতা সিহঁতৰ মুল হিমালয়ৰ অৰ্কিডবোৰতকৈ বহু বেছি। Cuthbertson's Dendrobium (D. cuthbertsonii) অৰ্কিডৰ ফুল দহ মাহলৈকে থকাৰ তথ্য পোৱা যায়।

বহুটো ডেনদ্ৰবিয়াম প্ৰজাতিয়ে বায়ুমণ্ডলৰ পৰা যথেষ্ট পৰিমাণে টলুইন আৰু জাইলেন আঁতৰাই বুলি জনা যাই। [2]

এই গণৰ বহুটো হাইব্ৰীড বিশিষ্ট ব্যক্তি আৰু অনুষ্ঠানৰ নামত পঞ্জীয়ন কৰা হৈছে।

অন্যান্য ব্যৱহাৰ[সম্পাদনা কৰক]

কিছুমান ডেনদ্ৰবিয়াম প্ৰজাতি ঔষধি উদ্ভিদ হিচাপে ব্যৱহাৰ হয়। উদাহৰণ হিচাপে Noble Dendrobium (D. nobile) প্ৰজাতিবিধ চাইনিজ হাৰ্বলজীত ব্যৱহাৰ হোৱা ৫০ বিধ মৌলিক হাৰ্বৰ এটা বুলি ধৰা হয়। চীনা ভাষাত ইয়াক shí hú জনা যায়।

() or shí hú lán ().

পাদটীকা[সম্পাদনা কৰক]

  1. Clements (1989)
  2. Wolverton (1996)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  • Clements, M.A. (1989): Catalogue of Australian Orchidaceae. Australian Orchid Research 1: 1–62. PDF fulltext
  • Wolverton, B.C. (1996): How to Grow Fresh Air. New York: Penguin Books.
  • Lavarack, B., Harris, W., Stocker, G. (2006): Dendrobium and Its Relatives. Australia: Simon & Schuster Ltd.
  • Burke, J.M., Bayly, M.J., Adams, P.B., Ladiges, P.Y.: (2008) Molecular phylogenetic analysis of Dendrobium (Orchidaceae), with emphasis on the Australian section Dendrocoryne, and implications for generic classification. Australian Systematic Botany 21: 1-14. Abstract

বাহ্যিক লিংক[সম্পাদনা কৰক]