সমললৈ যাওক

ডেনা ফেল্ডমেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডেনা ফেল্ডমেন

ডিনা ফেল্ডমেন (ইংৰাজী: Dina Feldman) অক্ষম ব্যক্তিৰ সম-অধিকাৰৰ বাবে কৰ্মৰত ইজৰাইলৰ দ্বিতীয় আয়ুক্ত৷ তেওঁ মানৱ অধিকাৰ, মহিলাৰ সম সুযোগ, সাংস্কৃতিক, শৈক্ষিক আৰু আন্তঃধৰ্মীয় আলোচনা আৰু পোলেণ্ডৰ ইহুদীসকলৰ ইতিহাস সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰি আছে৷

১৯৫০ চনত ইজৰাইলৰ হাইফাত জন্মগ্ৰহণ কৰা ফেল্ডমেন এগৰাকী ক্লিনিকেল চাইক’লজিষ্ট৷ ১৯৭৩ চনৰ পৰা ১৯৯৩ চনৰ ভিতৰত ফেল্ডমেনে ইজৰাইল প্ৰতিৰক্ষা বাহিনী: মহিলা আৰু চিকিৎসা কৰ্পছত মনোবিজ্ঞানী হিচাপে কাম কৰিছিল। ১৯৯৩ চনৰ পৰা ১৯৯৯ চনৰ ভিতৰত তেওঁ ইজৰাইলৰ মানসিক স্বাস্থ্য সংস্কাৰৰ পৰিকল্পনা কৰা দলটোৰ অংশ আছিল৷ ২০০২ চনৰ পৰা ২০০৭ চনৰ ভিতৰত ইজৰাইলী কমিছনাৰ ফৰ ইকুৱেল ৰাইটছ অৱ পাৰ্চনছ উইথ পাৰ্ছনছ হিচাপে তেওঁ কাম কৰিছিল, ন্যায় মন্ত্ৰালয়ত ইজৰাইলী কমিছন ফৰ ইকুৱেল ৰাইটছ অৱ পাৰ্চনছ উইথ ডিচেবিলিটিছ স্থাপন কৰিছিল, অভিগম্যতাৰ আইন প্ৰণয়নত সক্ৰিয় আছিল৷ ১৯৯৮ চনত ইজৰাইলী প্ৰতিবন্ধী[1] ব্যক্তিৰ বাবে সম অধিকাৰ আইনৰ অধ্যায়, যি ২০০৫ চনত গৃহীত হয় আৰু ইজৰাইলী দলৰ নেতৃত্ব দি ৰাষ্ট্ৰসংঘৰ প্ৰতিবন্ধী ব্যক্তিৰ অধিকাৰ সম্পৰ্কীয় সন্ধি, ২০০৭ লিখাৰ কাম কৰে। [2]২০০৯ চনৰ পৰা ২০১০ চনৰ ভিতৰত তেওঁ কমিটীৰ সদস্য আৰু তাৰ পিছত "কোলেচ – ধৰ্মীয় মহিলা মঞ্চ"ৰ কাৰ্যবাহী সঞ্চালিকা আছিল। [3] তেতিয়াৰ পৰাই তেওঁ পোলেণ্ডত ইহুদীসকলৰ ইতিহাস সংৰক্ষণৰ ক্ষেত্ৰত শৈক্ষিক আৰু আন্তঃধৰ্মীয় আলোচনাত সক্ৰিয় হৈ আহিছে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Israel worst country in West for disabled Report from the Commission for Equal Rights in the Ministry of Justice reveals that disabled earn 30% less on average than non-disabled.". প্ৰকাশক Israel: Ynet News. 12 February 2007. http://www.ynetnews.com/articles/1,7340,L-3478221,00.html। আহৰণ কৰা হৈছে: 25 October 2015. 
  2. "L'ASSEMBLÉE GÉNÉRALE ADOPTE LA CONVENTION INTERNATIONALE SUR LES DROITS DES PERSONNES HANDICAPÉES". Arotz 7. 13 December 2006. https://www.un.org/press/fr/2006/AG10554.doc.htm। আহৰণ কৰা হৈছে: 25 October 2015. 
  3. Cidor, Peggy (22 May 2010). "Liberating the Hurva". Jerusalem Post. http://www.jpost.com/Local-Israel/In-Jerusalem/Liberating-the-Hurva। আহৰণ কৰা হৈছে: 25 October 2015.