সমললৈ যাওক

ডেনিয়েলা ৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডেনিয়েলা ৰুৱা

২০১২ চনৰ মণ্টে-কাৰ্লো টেলিভিছন ফেষ্টিৱেলত ৰুৱা
জন্ম ডেনিয়েলা ছফিয়া কৰ্ণ ৰুৱা
২ ডিচেম্বৰ, ১৯৮৩ (৪২ বছৰ)
বষ্টন, মাছাচুচেটছ, আমেৰিকা যুক্তৰাষ্ট্ৰ
নাগৰিকত্ব আমেৰিকা যুক্তৰাষ্ট্ৰপৰ্তুগাল
পেচা অভিনেত্ৰী, পৰিচালক
সক্ৰিয় হৈ থকা সময় ২০০০–বৰ্তমান
দাম্পত্যসঙ্গী ডেভিড পল ওলচেন (বিবাহ ২০১৪)
সন্তান
আত্মীয়-স্বজন এৰিক ক্ৰিষ্টিয়ান ওলচেন (দেওৰ)
ছাৰাহ ৰাইট (জাঁ-শাহু)
আৰ্টুৰ কাৰ্লোছ ডি বাৰোছ বাষ্টো (আজু-কাৰাক)

ডেনিয়েলা ছফিয়া কৰ্ণ ৰুৱা ওলচেন (ইংৰাজী: Daniela Sofia Korn Ruah Olsen; জন্ম: ২ ডিচেম্বৰ ১৯৮৩)[1] এগৰাকী আমেৰিকান-পৰ্তুগীজ অভিনেত্ৰী আৰু চলচ্চিত্ৰ পৰিচালক। তেওঁ চিবিএছ পুলিচ প্ৰচিডিউৰেল ধাৰাবাহিক এনচিআইএছ: লছ এঞ্জেলছ-ত এনচিআইএছ স্পেচিয়েল এজেণ্ট কেন্সি ব্লাইৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে সৰ্বাধিক পৰিচিত।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ৰুৱাৰ জন্ম আমেৰিকা যুক্তৰাষ্ট্ৰৰ বষ্টনত এটা ইহুদী পৰিয়ালত হৈছিল। তেওঁৰ পিতৃ-মাতৃ পৰ্তুগালৰ আছিল, য'ত তেওঁৰ মাতৃ এগৰাকী কাণ বিশেষজ্ঞ আৰু পিতৃ এগৰাকী নাক-কাণ-ডিঙি বিশেষজ্ঞ শল্য চিকিৎসক।[2] যেতিয়া ৰোৱাৰ বয়স ৫ বছৰ আছিল, তেতিয়া তেওঁলোকৰ পৰিয়ালটো পুনৰ পৰ্তুগাললৈ গুচি যায়।[2] তাত তেওঁ চেইণ্ট জুলিয়ান স্কুলত অধ্যয়ন কৰে আৰু ১৬ বছৰ বয়সত টেলিনোভেলাত অভিনয় কৰিবলৈ আৰম্ভ কৰে।[3] তেওঁ এখন পৰ্তুগীজ টেলিভিছন নৃত্য প্ৰতিযোগিতাতো জয়ী হৈছিল।[2]

১৮ বছৰ বয়সত ৰুৱা যুক্তৰাজ্যলৈ যায় আৰু লণ্ডন মেট্ৰ’পলিটান বিশ্ববিদ্যালয়ৰপৰা পাৰফৰ্মিং আৰ্টছত স্নাতক ডিগ্ৰী লাভ কৰে।[4] তাৰ পিছত তেওঁ পৰ্তুগাললৈ উভতি আহি অভিনয় অব্যাহত ৰাখে আৰু ২০০৭ চনত লী ষ্ট্ৰাছবাৰ্গ থিয়েটাৰ এণ্ড ফিল্ম ইনষ্টিটিউটত অধ্যয়ন কৰিবলৈ নিউয়ৰ্ক চহৰলৈ যায়।[4]

ৰুৱাই উল্লেখ কৰিছে যে তেওঁ চেফাৰ্ডিক আৰু আছকেনাজী ইহুদী পৰিৱেশত ডাঙৰ-দীঘল হৈছিল; [2] তেওঁৰ পিতৃ পৰ্তুগীজ-ইহুদী বংশোদ্ভূত আৰু তেওঁৰ মাতৃৰ ইহুদী শিপা ৰাছিয়া, ইউক্ৰেইন আৰু পৰ্তুগালত আছে।[5] তেওঁ পৰ্তুগীজ আৰু আমেৰিকান দুয়োখন দেশৰে নাগৰিকত্ব গ্ৰহণ কৰিছে।

কেৰিয়াৰ

[সম্পাদনা কৰক]

ৰুৱাই কিশোৰ অৱস্থাতে পৰ্তুগীজ 'চোপ অপেৰা'ত অভিনয় আৰম্ভ কৰিছিল। ১৬ বছৰ বয়সত তেওঁ জৰ্ডিনছ প্ৰয়বিডছ ("নিষিদ্ধ উদ্যান") নামৰ ধাৰাবাহিকখনত ছাৰাৰ চৰিত্ৰত অভিনয়েৰে আত্মপ্ৰকাশ কৰে।[6]

১৮ বছৰ বয়সত ৰুৱাই মহাবিদ্যালয়ত পঢ়িবলৈ লণ্ডনলৈ যায়। স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ অভিনয় জীৱন আগবঢ়াই নিবলৈ পুনৰ পৰ্তুগাললৈ উভতি আহে। তেওঁ চেলিব্ৰিটী ডান্স প্ৰতিযোগিতা ডানচা কমিগো (ডান্সিং উইথ দ্য ষ্টাৰ্ছৰ পৰ্তুগীজ সংস্কৰণ)ত বিজয়ী হৈছিল[2][7] আৰু টেলিভিছন ধাৰাবাহিক, চুটি ছবি তথা থিয়েটাৰত মুখ্য চৰিত্ৰ লাভ কৰিছিল।[8] ২০০৭ চনত তেওঁ লী ষ্ট্ৰাছবাৰ্গ থিয়েটাৰ এণ্ড ফিল্ম ইনষ্টিটিউটত অধ্যয়ন কৰিবলৈ নিউয়ৰ্কলৈ যায়।[8]

ৰুৱাই ২০০৯ চনৰ ২২ ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে সম্প্ৰচাৰিত হোৱা এনচিআইএছ: লছ এঞ্জেলছ-ত স্পেচিয়েল এজেণ্ট কেন্সি ব্লাই হিচাপে অভিনয় কৰিছিল। ২০১১ চনত তেওঁ হাৱাই ফাইভ-০ ধাৰাবাহিকত অতিথি শিল্পী হিচাপে এই চৰিত্ৰটোত অভিনয় কৰিছিল।[9]

২০১৩ চনত ৰুৱাই লছ এঞ্জেলছৰ হেৱৰ্থ থিয়েটাৰত ডেভিড অৰুণৰ নাটক প্ৰুফ-ত অভিনয় কৰে।[10]

২০১৮ চনৰ ৮ জানুৱাৰীত নিশ্চিত কৰা হয় যে ৰুৱাই কাটাৰিনা ফুৰ্টাডো, চিলভিয়া এলবাৰ্টো আৰু ফিলোমেনা কাউটেলোৰ সৈতে পৰ্তুগালৰ লিস্বনত অনুষ্ঠিত হোৱা ইউৰোভিছন ছং কনটেষ্ট ২০১৮-ৰ সহ-সঞ্চালনা কৰিব।[11][12]

২০২৬ চনৰ জানুৱাৰী মাহত 'ডেডলাইন হলিউড'-এ[13] ঘোষণা কৰে যে ৰুৱাই কাৰেন মেককুৱেচনৰ উপন্যাস দ্য মুনলাইট চাইল্ড-ৰ চলচ্চিত্ৰ ৰূপায়ণত অভিনয় কৰাৰ লগতে ইয়াৰ প্ৰযোজনাও কৰিব। ছবিখনৰ শিৰোনাম এণ্ড দেন শ্বী ৱাজ গন হিচাপে স্থিৰ কৰা হৈছে আৰু ইয়াত এনচিআইএছ: লছ এঞ্জেলছৰ তেওঁৰ সহ-অভিনেত্ৰী নাটালিয়া ডেল ৰিয়েগোৱেও অভিনয় কৰিব। ইয়াৰ চিত্ৰনাট্য লিখিছে জাষ্টিন কোহলাছে,[14] যিয়ে ৰুৱা আৰু ৰিকাৰ্ডো মাডালোচোৰ সৈতে তেওঁৰ কিম্বাৰমাৰ্ক বেনাৰৰ অধীনত কাৰ্যবাহী প্ৰযোজক হিচাপে কাম কৰিব।


ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

২০১৪ চনৰ ১৯ জুনত ৰুৱাই ডেভিদ ওলচেনৰ সৈতে এক আন্তঃধৰ্মীয় অনুষ্ঠানত বিবাহপাশত আবদ্ধ হয়। ডেভিদ ওলচেন ৰোৱাৰ এনচিআইএছ: লছ এঞ্জেলছ-ৰ সহ-অভিনেতা এৰিক ক্ৰিষ্টিয়ান ওলচেনৰ জ্যেষ্ঠ ভাতৃ আৰু তেওঁৰ 'ষ্টাণ্ট ডাবল'। ওলচেন এজন লুথাৰিয়ান।[5][15][16] তেওঁলোকৰ এজন পুত্ৰ ৰিভাৰ আইজাক ৰুৱা ওলচেন (জন্ম: ৩০ ডিচেম্বৰ ২০১৩)[17][18] আৰু এগৰাকী কন্যা চিয়েৰা এষ্টাৰ ৰুৱা ওলচেন (জন্ম: ৪ ছেপ্টেম্বৰ ২০১৬) আছে।[19][20]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Daniela Ruah profile". TVGuide.com. http://www.tvguide.com/celebrities/daniela-ruah/297628 আহৰণ কৰা হৈছে: July 29, 2016.
  2. 1 2 3 4 5 Henerson, Evan (November 8, 2012). "Film Fest celebrates Sephardim". Jewish Journal. http://www.jewishjournal.com/arts/article/film_fest_celebrates_sephardim আহৰণ কৰা হৈছে: March 1, 2015.
  3. Sancton, Julian (August 8, 2011). "Daniela Ruah Officially Checks In". Esquire. http://www.esquire.com/women/women-we-love/daniela-ruah-pictures-0911 আহৰণ কৰা হৈছে: April 11, 2012.
  4. 1 2 "Hollywood movie and major LA pilot for London Met graduate". London Metropolitan University. October 19, 2009. Archived from the original on October 24, 2009. https://web.archive.org/web/20091024213228/http://www.londonmet.ac.uk/news/latest-news/october-2009/hollywood-movie-and-major-la-pilot-for-london-met-graduate.cfm আহৰণ কৰা হৈছে: February 28, 2015.
  5. 1 2 Miller, Gerri (August 28, 2014). "NCIS: Los Angeles' Daniela Ruah on Interfaith Marriage and Motherhood". InterfaithFamily.com. http://www.interfaithfamily.com/arts_and_entertainment/popular_culture/NCIS_Daniela_Ruah_Interfaith_Marriage_Motherhood.shtml আহৰণ কৰা হৈছে: March 3, 2015.
  6. "IMDB Daniela Ruah". IMDb. https://www.imdb.com/name/nm2079733/ আহৰণ কৰা হৈছে: April 22, 2016.
  7. Gostin, Nicki (February 29, 2012). "Meet the 'NCIS:LA' star who won 'Dancing' in another country". CNN. https://edition.cnn.com/2012/02/29/showbiz/tv/daniela-ruah-ncis-gostin আহৰণ কৰা হৈছে: March 9, 2015.
  8. 1 2 Ventura, Maria Ana (November 1, 2011). "Daniela Ruah – Shoot for the stars". UP Magazine. http://upmagazine-tap.com/en/pt_artigos/daniela-ruah-shoot-for-the-stars আহৰণ কৰা হৈছে: September 17, 2013.
  9. Gonzalez, Sandra (September 7, 2011). "'NCIS: LA' exec producer spills on Kensi's trip to 'Hawaii Five-0', possibility of another crossover". Entertainment Weekly. http://www.ew.com/article/2011/09/07/ncis-la-hawaii-5-0-crossover-kensi-blye আহৰণ কৰা হৈছে: September 17, 2013.
  10. King, Susan (May 7, 2013). "The Whitmore family will never grow out of this stage". Los Angeles Times. https://www.latimes.com/entertainment/arts/culture/la-et-cm-whitmore-family-proof20130508-story.html আহৰণ কৰা হৈছে: July 29, 2016.
  11. "Quatro mulheres apresentam Festival Eurovisão da Canção em Lisboa" (pt ভাষাত). Rádio e Televisão de PortugalRTP Notícias. January 8, 2018. https://www.rtp.pt/noticias/cultura/quatro-mulheres-apresentam-festival-eurovisao-da-cancao-em-lisboa_n1050725 আহৰণ কৰা হৈছে: January 8, 2018.
  12. "Here come the girls! Presenters of Eurovision 2018 revealed!". European Broadcasting Union. https://eurovision.tv/story/hosts-for-eurovision-2018-revealed.
  13. https://deadline.com/2026/01/daniela-ruah-ncis-los-angeles-natalia-del-riego-movie-1236700927/
  14. https://es.hollywoodreporter.com/daniela-ruah-y-natalia-del-riego-protagonizaran-and-then-she-was-gone/
  15. Frith, Vanessa (June 19, 2014). "'NCIS: LA' Daniela Ruah & David Olsen Marry". Enstarz.com. http://www.enstarz.com/articles/39893/20140619/ncis-la-daniela-ruah-david-olsen-marry-new-photo-from-portugal-wedding-video.htm আহৰণ কৰা হৈছে: March 3, 2015.
  16. Ruah, Daniela [@DanielaRuah] (June 21, 2014). "Just lived the best week of my life; I married my best friend. [..."]. https://twitter.com/DanielaRuah/status/480502729685860352 আহৰণ কৰা হৈছে: July 29, 2016.
  17. Rizzo, Monica (September 16, 2013). "Baby Boy on the Way for Daniela Ruah". People (New York City: Meredith Corporation). https://people.com/parents/ncis-los-angeles-daniela-ruah-pregnant-expecting-first-child/.
  18. Michaud, Sarah; Gomez, Patrick (January 5, 2014). "Daniela Ruah Welcomes Son River Isaac". People (New York City: Meredith Corporation). https://people.com/parents/daniela-ruah-welcomes-son-river-isaac/.
  19. Ruah, Daniela (September 7, 2016). "Apparently she thought Labor Day weekend [..."]. Instagram. https://www.instagram.com/p/BKEghGGhctT/. "On September 4th we welcomed little Miss Sierra Esther Ruah Olsen!"
  20. Kimble, Lindsay; Michaud, Sarah (September 7, 2016). "Daniela Ruah Welcomes Daughter Sierra Esther". People (New York City: Meredith Corporation). https://people.com/parents/daniela-ruah-welcomes-daughter-sierra-esther/.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

ৱিকিমিডিয়া কমন্সত Daniela Ruah সম্পৰ্কীয় মিডিয়া ফাইল।