সমললৈ যাওক

ডেনীজ কুইননচ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডেনীজ কুইননচ

'একুয়ামেন'ত লেফটেনেণ্ট ৰাচেল টৰ্ছৰ চৰিত্ৰত ডেনীজ কুইননচ।
জন্ম ডেনীজ মেৰী কুইননচ আগষ্ট
৯ ছেপ্টেম্বৰ, ১৯৮০ (৪৫ বছৰ)
পোন্স, পুৱেৰ্টো ৰিকো
পেচা অভিনেত্ৰী, গায়িকা
'Beauty pageant titleholder'
Title মিছ লাৰেছ ইউনিভাৰ্ছ ২০০১
মিছ পুৱেৰ্টো ৰিকো ইউনিভাৰ্ছ ২০০১
মিছ ইউনিভাৰ্ছ ২০০১
Hair color মুগা
Eye color মুগা
Major
competition(s)
মিছ পুৱেৰ্টো ৰিকো ইউনিভাৰ্ছ ২০০১
(বিজয়ী)
মিছ ইউনিভাৰ্ছ ২০০১
(বিজয়ী)
(মিছ ফটোজেনিক)
(ব্লুপইণ্ট বেষ্ট ইন চুইমচুট)
(ক্লেৰল হাৰ্বেল এচেন্স ষ্টাইল এৱাৰ্ড)
ৱেবছাইট
https://twitter.com/DeniseQuinones9

ডেনীজ মেৰী কুইননচ আগষ্ট (ইংৰাজী: Denise Quiñones; জন্ম: ৯ ছেপ্টেম্বৰ, ১৯৮০) এগৰাকী পুৱেৰ্টো ৰিকান অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য ৰাণী, যিয়ে মিছ ইউনিভাৰ্ছ ২০০১ৰ খিতাপ জয় কৰিছিল। মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত জয়ী হোৱাৰ আগতে তেওঁ মিছ পুৱেৰ্টো ৰিকো ইউনিভাৰ্ছ ২০০১ প্ৰতিযোগিতাত নিজৰ গৃহ চহৰ লাৰেছক প্ৰতিনিধিত্ব কৰিছিল।[1]

কেৰিয়াৰ

[সম্পাদনা কৰক]

কুইননচে ২০০১ চনত পুৱেৰ্টো ৰিকোৰ বায়ামনত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ২০০১ প্ৰতিযোগিতাত জয়লাভ কৰিছিল। ভাৰতৰ মিছ ইউনিভাৰ্ছ ২০০০ লৰা দত্তই তেওঁক মুকুট পিন্ধাইছিল। কুইননচে মিছ ফটোজেনিক, ব্লুপইণ্ট চুইমচুট আৰু ক্লেৰল বেষ্ট ষ্টাইল বঁটাও লাভ কৰিছিল। মাৰ্গাৰেটা আৰ্ভিডছন, মাৰ্গাৰিটা মৰান আৰু জেনেলে কমিচনৰ পিছত তেওঁ চতুৰ্থগৰাকী মিছ ইউনিভাৰ্ছ বিজয়ী যিয়ে একেলগে মিছ ফটোজেনিক বঁটাও জয় কৰিছিল। মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাৰ ৫০বছৰীয়া জয়ন্তীত তেওঁ এই খিতাপ অৰ্জন কৰিছিল। মিছ ইউনিভাৰ্ছ হিচাপে কুইননচে এবছৰ নিউয়ৰ্ক চহৰত বাস কৰিছিল আৰু এগৰাকী বিজয়ীয়ে লাভ কৰা সকলো সুবিধা উপভোগ কৰিছিল, যাৰ ভিতৰত আছিল বিনামূলীয়া মেক-আপ আৰু কেশসজ্জা, এখন গাড়ী, সম্পূৰ্ণ সাজ-পাৰ, মিছ ইউনিভাৰ্ছ অৰ্গেনাইজেচনৰদ্বাৰা পেছাদাৰী প্ৰতিনিধিত্ব, নিউয়ৰ্ক চহৰৰ এখন ফিল্ম স্কুলৰ বাবে ৬০,০০০ ডলাৰৰ বৃত্তি আৰু ভ্ৰমণৰ সুযোগ।[2] মিিকিমোটোৰ প্ৰাক্তন ব্ৰেণ্ড ডিৰেক্টৰ মিষ্টাৰ টয়োহিকো মিয়ামোটোৱে কৰা আনুষ্ঠানিক সংবাদ-মেলৰ সময়ত কুইননচেই আছিল প্ৰথমগৰাকী বিজয়ী যিয়ে বিখ্যাত 'মিকিমোটো ক্ৰাউন' পৰিধান কৰিছিল।

মিছ ইউনিভাৰ্ছ ২০০২ প্ৰতিযোগিতাৰ নিশা তেওঁ পুনৰ পুৱেৰ্টো ৰিকোতে (এইবাৰ ছান জুয়ান চহৰত) ৰাছিয়াৰ ওক্সানা ফেডোৰোভাক মুকুট পিন্ধাই নিজৰ দায়িত্ব হস্তান্তৰ কৰে।[3]

এই খিতাপ ত্যাগ কৰাৰ পাছত কুইননচে 'স্কুল ফৰ ফিল্ম এণ্ড টেলিভিছন'ৰ দুবছৰীয়া এক্টিং কনজাৰভেটৰী প্ৰগ্ৰামত অংশগ্ৰহণ কৰে। বৰ্তমান এগৰাকী অভিনেত্ৰী হিচাপে কুইননচে নীল ক্ৰুজৰ নাটক আনা এন এল ট্ৰপিচ (আনা ইন দ্য ট্ৰপিকচ)-ৰ স্পেনিছ সংস্কৰণত অভিনয় কৰিছে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত নিজৰ প্ৰতিভা বিকশিত কৰি আহিছে। আনা ইন দ্য ট্ৰপিকচত তেওঁ কৰা অভিনয়ৰ বাবে তেওঁক এইচ অ’ এল এ (HOLA) বঁটা আৰু এচিই (ACE) বঁটাৰে সন্মানিত কৰা হয়। ২০০৫ চনৰ অক্টোবৰ মাহত ফেডেৰিকো গাৰ্চিয়া লৰ্কাৰ নাটক ডোনা ৰচিটা লা চোল্টেৰাত ডোনা ৰচিটাৰ চৰিত্ৰৰ বাবে তেওঁ নিৰ্বাচিত হয়।

কুইননচে ডব্লিউবি নেটৱৰ্কৰ টেলিভিছন ধাৰাবাহিক স্মলভিলৰ পঞ্চম ছিজনৰ এটা খণ্ডত অতিথি শিল্পী হিচাপে অভিনয় কৰিছিল। তেওঁ আন্দ্ৰিয়া নামৰ এগৰাকী মুখা পিন্ধা প্ৰতিশোধকাৰীৰ চৰিত্ৰত অভিনয় কৰিছিল যিয়ে মেট্ৰ’পলিচত অপৰাধৰ বিৰুদ্ধে যুঁজ দিছিল আৰু ক্লাৰ্ক কেণ্টক (টম ৱেলিং) তেওঁৰ দুঃসাহসিক অভিযানত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছিল। স্মলভিলৰ পিছতেই তেওঁক চিডব্লিউ টেলিভিছন নেটৱৰ্কৰ বাবে নিৰ্মাণাধীন ধাৰাবাহিক একুয়ামেনৰ পাইলট খণ্ডত এজনী যুৱ যুঁজাৰু বিমান চালক "ৰাচেল"ৰ চৰিত্ৰত অভিনয় কৰিবলৈ নিৰ্বাচিত কৰা হৈছিল। অৱশ্যে এই ধাৰাবাহিকখন ২০০৬ চনৰ লাইনআপত অন্তৰ্ভুক্ত নহ’ল।

২০০৬ চনৰ নৱেম্বৰ মাহত কুইননচে স্পেনিছ নাট্যকাৰ এণ্টনিঅ’ জানকাডাৰ কমেডী নাটক জানাহোৰিয়াচত অভিনয় কৰে। এই নাটকখনত কৰা অভিনয়ৰ বাবে তেওঁ ২০০৭ চনত এটা এচিই বঁটা লাভ কৰে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]