সমললৈ যাওক

ডেমি মুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডেমি মুৰ

২০২৬ চনত মুৰ
জন্ম নৱেম্বৰ ১১ , ১৯৬২ (৬৩ বছৰ)
ৰোজৱেল, নিউ মেক্সিকো, আমেৰিকা যুক্তৰাষ্ট্ৰ
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৭৮–বৰ্তমান
দাম্পত্যসঙ্গী {{Plainlist
  • ফ্ৰেডী মুৰ (বি. ১৯৮১; বিবি. ১৯৮৫)
  • ব্ৰুচ উইলিচ (বি. ১৯৮৭; বিবি. ২০০০)
  • এষ্টন কুটচাৰ (বি. ২০০৫; বিবি. ২০১৩)
}}
সন্তান ৩ গৰাকী
স্বাক্ষৰ


ডেমি মুৰ (ইংৰাজী: Demi Moore; জন্ম: ১১ নৱেম্বৰ, ১৯৬২) এগৰাকী আমেৰিকান অভিনেত্ৰী। আশীৰ দশকত জনপ্ৰিয়তা লাভ কৰাৰ পিছত ১৯৯৫ চনৰ ভিতৰত তেওঁ বিশ্বৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেত্ৰী হৈ পৰে।[1] তেওঁ লাভ কৰা সন্মানসমূহৰ ভিতৰত এটা গোল্ডেন গ্ল’ব বঁটা, এটা এক্টৰ বঁটা আৰু অস্কাৰ বঁটা, ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা তথা এমি বঁটাৰ মনোনয়ন অন্যতম।[2][3] ২০২৫ চনত তেওঁ টাইম আলোচনীৰ বিশ্বৰ ১০০ গৰাকী আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান লাভ কৰে আৰু সেই বছৰতে হলিউড ৱাক অৱ ফেমত এটা তৰা লাভ কৰে।[4][5]

মুৰে এগৰাকী মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ১৯৮১ চনত ধাৰাবাহিক জেনেৰেল হস্পিটেলৰ অভিনয় শিল্পীৰ দলত যোগদান কৰিছিল।[6] ১৯৮৩ চনত অনুষ্ঠানটো ত্যাগ কৰাৰ পিছত তেওঁ ব্ৰেট পেকৰ সদস্য হিচাপে ব্লেম ইট অন ৰিঅ' (১৯৮৪), ছেইণ্ট এলম’ছ ফায়াৰ (১৯৮৫) আৰু এবাউট লাষ্ট নাইট... (১৯৮৬) আদি চলচ্চিত্ৰত অভিনয় কৰি বিশেষ চৰ্চালৈ আহে। ১৯৯০ চনৰ ৰোমাণ্টিক ছবি ঘোষ্টত এগৰাকী শোকগ্ৰস্ত প্ৰেমিকাৰ চৰিত্ৰত কৰা অভিনয়েৰে তেওঁ এগৰাকী তাৰকা হিচাপে আত্মপ্ৰকাশ কৰে। ইয়াৰ পিছত এ ফিউ গুড মেন (১৯৯২), ইন্ডিচেণ্ট প্ৰপোজাল (১৯৯৩) আৰু ডিছক্ল’জাৰ (১৯৯৪) আদিৰ জৰিয়তে তেওঁ অধিক বক্স অফিচ সফলতা লাভ কৰে। ১৯৯৬ চনত ষ্ট্ৰিপটিজ ছবিত অভিনয় কৰিবলৈ তেওঁ সেই সময়ৰ অভূতপূৰ্ব ১২.৫ নিযুত আমেৰিকান ডলাৰ পাৰিশ্ৰমিক লাভ কৰিছিল। অৱশ্যে দ্য স্কাৰলেট লেটাৰ (১৯৯৫), দ্য জুৰৰ (১৯৯৬) আৰু জি.আই. জেন (১৯৯৭) ছবিসমূহে আশানুৰূপ ব্যৱসায় কৰিব নোৱাৰাত তেওঁৰ কামৰ পৰিমাণ যথেষ্ট কমি যায়।[7][8]

মুৰে মাজে মাজে আৰ্টহাউছ চলচ্চিত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰিছে; ইয়াৰ লগতে চাৰ্লিজ এঞ্জেলছ: ফুল থ্ৰটল (২০০৩), ববী (২০০৬), মিষ্টাৰ ব্ৰুকছ (২০০৭), মাৰ্জিন কল (২০১১) আৰু ৰাফ নাইট (২০১৭) আদি ছবিত সহযোগী চৰিত্ৰত অভিনয় কৰিছে। টেলিভিছনৰ ক্ষেত্ৰত তেওঁ ইফ দিজ ৱালছ কুড টক (১৯৯৬), এম্পায়াৰ (২০১৭–২০১৮), ফিউড: কেপোট বনাম দ্য সোৱানছ (২০২৪) আৰু লেণ্ডমেন (২০২৪–বৰ্তমান) আদিৰ বাবে পৰিচিত। শেহতীয়াকৈ বডী হৰৰ ছবি দ্য চাবষ্টেন্সত এগৰাকী বয়সস্থ চেলিব্ৰিটিৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ পুনৰ বিশেষ স্বীকৃতি লাভ কৰিছে।

অভিনয় আৰু স্বীকৃতি

[সম্পাদনা কৰক]

মুৰ অসংখ্য সন্মানৰ অধিকাৰী, যাৰ ভিতৰত এটা গোল্ডেন গ্ল’ব বঁটা, এটা ক্ৰিটিক্স চইচ মুভি বঁটা আৰু এটা এক্টৰ বঁটা অন্যতম। ইয়াৰ উপৰিও তেওঁ অস্কাৰ বঁটা, ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা, প্ৰাইমটাইম এমি বঁটা, ডিৰেক্টৰছ গিল্ড অফ আমেৰিকা বঁটা আৰু দুটাকৈ ইণ্ডিপেণ্ডেন্ট স্পিৰিট বঁটাৰ বাবে মনোনয়ন লাভ কৰিছে।

অনলাইন প'ৰ্টেল 'বক্স অফিচ মজু' আৰু সমীক্ষা সংগ্ৰহকাৰী ৱেবছাইট 'ৰটেন টমেটোচ'ৰ মতে, তেওঁৰ সৰ্বাধিক উপাৰ্জনকাৰী আৰু ইতিবাচকভাৱে সমীক্ষিত ছবিসমূহৰ ভিতৰত আছে:[9]

  • এবাউট লাষ্ট নাইট... (১৯৮৬)
  • ঘোষ্ট (১৯৯০)
  • এ ফিউ গুড মেন (১৯৯২)
  • ইন্ডিচেণ্ট প্ৰপোজাল (১৯৯৩)
  • ডিছক্ল’জাৰ (১৯৯৪)
  • ইফ দিজ ৱালছ কুড টক (১৯৯৬)
  • দ্য হাঞ্চবেক অফ নট্ৰে ডেম (১৯৯৬)
  • বিভিচ এণ্ড বাট-হেড ডু আমেৰিকা (১৯৯৬)
  • ডিকনষ্ট্ৰাকটিং হেৰী (১৯৯৭)
  • চাৰ্লিজ এঞ্জেলছ: ফুল থ্ৰটল (২০০৩)
  • দ্য জোনছ (২০০৯)
  • মাৰ্জিন কল (২০১১)
  • প্লিজ বেবী প্লিজ (২০২২)
  • দ্য চাবষ্টেন্স (২০২৪)

গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]
  • ইনচাইড আউট: এ মেম’ৱাৰ; হাৰ্পাৰ কলিন্স (২০১৯), আই.এচ.বি.এন. 978-0-062-04953-7
  1. উৎসসমূহৰ মাজত তেওঁৰ জন্মৰ নাম 'ডিমিট্ৰিয়া'[10][11][12][13] নে 'ডেমি'[14][15][16][17] তাক লৈ মতভেদ আছে। মুৰে তেওঁৰ নামটো 'ডেমি' বুলি কয়।[18][19][20]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Schwartz, Terri (December 7, 2009). "Kristen Stewart's 'Welcome To The Rileys' Role Is Only The Latest Fictional Stripper In Hollywood". MTV. http://www.mtv.com। আহৰণ কৰা হৈছে: November 12, 2020. 
  2. "Demi Moore". Hollywood Foreign Press Association. https://goldenglobes.com। আহৰণ কৰা হৈছে: September 23, 2024. 
  3. Ryzik, Melena (2025-01-23). "Demi Moore Caps a Career Comeback With an Oscar Nomination" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com. 
  4. Murphy, Ryan (April 16, 2025). "Demi Moore: The 100 Most Influential People of 2025" (en ভাষাত). TIME. https://time.com। আহৰণ কৰা হৈছে: April 16, 2025. 
  5. X; LinkedIn (2025-07-02). "Miley Cyrus, Timothée Chalamet and Demi Moore to receive stars on Hollywood Walk of Fame" (en-US ভাষাত). Los Angeles Times. https://www.latimes.com। আহৰণ কৰা হৈছে: 2025-09-04. 
  6. Connelly, Sherryl (1981-12-27). "Here's Luke's new love" (en-US ভাষাত). New York Daily News: পৃষ্ঠা 3. https://www.newspapers.com. 
  7. Goodwin, Christopher (March 4, 2012). "She can't take any Moore". The Times. https://www.thetimes.com। আহৰণ কৰা হৈছে: November 12, 2020. 
  8. Juzwiak, Rich (August 3, 2012). "Demi Moore, Queen of Flops" (en-GB ভাষাত). POPSUGAR Celebrity UK. https://gawker.com। আহৰণ কৰা হৈছে: January 4, 2020. 
  9. "Demi Moore". Rotten Tomatoes. https://www.rottentomatoes.com/celebrity/demi_moore। আহৰণ কৰা হৈছে: February 9, 2025. 
  10. Heffernan, Virginia (February 27, 2004). "Critic's Notebook; Unabashed Stars Break the Shackles of the Name Game". The New York Times. https://www.nytimes.com/2004/02/27/movies/critic-s-notebook-unabashed-stars-break-the-shackles-of-the-name-game.html. 
  11. Cerio, Gregory (June 24, 1996). "Eye of the Tiger". People খণ্ড 45 (25). https://people.com/archive/cover-story-eye-of-the-tiger-vol-45-no-25/. 
  12. Dare, Michael (March 9, 1995). "ShoWest Honors Demi Moore: Beauty's Got Brains and Talent". Daily Variety. Archived from the original on March 24, 2010. https://web.archive.org/web/20100324050145/http://www.dareland.com/emulsionalproblems/mooredemi.htm. 
  13. King, Thad (2009). 2009 Britannica Almanac. Encyclopædia Britannica, Inc.. পৃষ্ঠা. 60. ISBN 978-1-59339-228-4. https://books.google.com/books?id=2nxLkMspauIC. 
  14. "Demi Moore". The New York Times Biographical Service (The New York Times Company and Arno Press) খণ্ড 22: 476. 1991. ISSN 0161-2433. https://books.google.com/books?id=AXIoAQAAIAAJ. 
  15. Hayward, Jeff (January 17, 1993). "Taking Chances: Demi Moore Knows All about Risk and Controversy - and Seeks It". Chicago Tribune. https://www.chicagotribune.com/1993/01/17/taking-chances-11/. 
  16. Getlen, Larry (2003). Demi: The Naked Truth. AMI Books. পৃষ্ঠা. 7. ISBN 978-1-932270-24-2. https://archive.org/details/demi00larr. 
  17. Maltin, Leonard; Green, Spencer; Sader, Luke (1994). Leonard Maltin's Movie Encyclopedia. E. P. Dutton. পৃষ্ঠা. 624. ISBN 978-0-525-93635-0. https://archive.org/details/leonardmaltin00malt. 
  18. Moore, Demi (May 12, 2009). "Demi is the name I was born with!". Twitter. https://twitter.com/mrskutcher/status/1766980116। আহৰণ কৰা হৈছে: January 25, 2016. 
  19. Moore, Demi (April 27, 2011). "No it is just Demi Gene it was never Demitria!". Twitter. https://twitter.com/mrskutcher/status/63312781096652801। আহৰণ কৰা হৈছে: January 25, 2016. 
  20. "Demi Moore 'obsesses' over appearance". December 31, 2010. Archived from the original on February 3, 2012. https://web.archive.org/web/20120203194559/http://bangshowbiz.com/produkte/showbiz/index.html?id=2010365175506645196&ch=Showbiz. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]