ডেলাৰা (গায়িকা)
ডেলাৰা دلارا | |
|---|---|
২০১৭ চনত ডেলাৰাই সংগীত পৰিৱেশন কৰি থকা অৱস্থাত | |
| পৃষ্ঠভূমি | |
| জন্ম নাম | ডেলাৰা নিকমান |
| অন্য নাম | আমাণ্ডা ডেলাৰা |
| জন্ম | ১৯৯৭ (বয়স ২৮–২৯)
ছুইডেন |
| উৎসস্থান | নৰৱে |
| সংগীতৰ ধৰণ | পপ, সমসাময়িক আৰ এণ্ড বি[1] |
| পেচা | গায়িকা, গীতিকাৰ |
| বাদ্যযন্ত্ৰ | কণ্ঠশিল্পী, পিয়ানো |
| সক্ৰিয়তাৰ বছৰ | ২০১৬–বৰ্তমান |
| লেবেল | জিআৰ:অ’ডব্লিউ, ছনি মিউজিক |
| ৱেবছাইট | amandadelara |
আমাণ্ডা ডেলাৰা নিকমান (ফাৰ্চী: آماندا دلارا نیکمن; জন্ম ১৯৯৭), তেওঁৰ পেছাদাৰী নাম ডেলাৰা (পূৰ্বতে আমাণ্ডা ডেলাৰা) হিচাপে বেছি জনাজাত। তেওঁ এগৰাকী নৰৱেজিয়ান আৰু ইৰানী গায়িকা। ২০১৬ চনত নিজৰ প্ৰথমটো একক গীত "পেপাৰ পেপাৰ"ৰ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰা ডেলাৰাই এতিয়ালৈকে চাৰিখন ইপিয়ো (EPs) আৰু এটা ষ্টুডিঅ’ এলবাম শাহৰাজাদ (২০২৩) মুকলি কৰিছে। ২০২৪ চনত দ্য স্ন’ চিষ্টাৰ চলচ্চিত্ৰৰপৰা লোৱা তেওঁৰ "চিষ্টে ডানছ" গীতটোৱে নৰৱেৰ চাৰ্টত শীৰ্ষ স্থান লাভ কৰে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]ডেলৰা নিকমান[টোকা 1] ১৯৯৭ চনত ছুইডেনত ইৰানী পিতৃ-মাতৃৰ ঘৰত জন্মগ্ৰহণ কৰিছিল।[1] তেওঁৰ মাতৃ ইৰান-ইৰাক যুদ্ধৰ সময়ত ইৰানত ডাঙৰ-দীঘল হৈছিল আৰু এগৰাকী একক মাতৃৰদ্বাৰা প্ৰতিপালিত হৈছিল।[1] ডেলৰা এক বছৰ বয়সতে নৰৱেলৈ স্থানান্তৰিত হয় আৰু প্ৰায় অবিৰতভাৱে চৈধ্য বছৰ লিলহামাৰত কটায়। ইয়াৰ পিছত পোন্ধৰ বছৰ বয়সৰপৰা তেওঁ নেছকোলেনত বাস কৰিবলৈ লয়।[3] তেওঁৰ প্ৰাথমিক পৰিকল্পনা আছিল এগৰাকী চিকিৎসক হোৱা।[4] ছবছৰ বয়সতে তেওঁ জে-জেড আৰু লিংকিন পাৰ্কৰ "নাম্ব/এনকোৰ" গীতটো শুনিছিল, যিয়ে তেওঁৰ মনত চিৰস্থায়ী প্ৰভাৱ পেলাইছিল। তেওঁ ইয়াক প্ৰথমবাৰৰ বাবে সংগীতৰ প্ৰতি থকা ভালপোৱা অনুভৱ কৰা মুহূৰ্ত বুলি বৰ্ণনা কৰে।[1] ডেলৰাই এখন স্কুলীয়া প্ৰতিভা অন্বেষণ প্ৰতিযোগিতাত বিজয়ী হৈছিল, যিয়ে তেওঁক সংগীতৰ ক্ষেত্ৰখনত কেৰিয়াৰ গঢ়াৰ বাবে অনুপ্ৰাণিত কৰে।[5] তেওঁ মাধ্যমিক শিক্ষা শেষ কৰাৰ পাছত পূৰ্ণকালীনভাৱে সংগীতৰ কাম আৰম্ভ কৰে।[1]
কিশোৰ অৱস্থাত ডেলৰাই পিয়ানো বজাই গান গোৱা ভিডিঅ’ ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল। ১৬ বছৰ বয়সত তেওঁ সেই সময়ৰ জনপ্ৰিয় সহ-নৰৱেজিয়ান-ইৰানী শিল্পী কাভেৰ স্নেপচাট একাউণ্ট লাভ কৰে আৰু তেওঁলৈ নিজৰ গান গোৱা ভিডিঅ’ প্ৰেৰণ কৰে।[5] কাভে ডেলৰাক ওছলোৰ অকৰ্ণত থকা তেওঁৰ ষ্টুডিঅ’লৈ আমন্ত্ৰণ জনায় আৰু তেওঁৰ পৰামৰ্শদাতা (মেণ্টৰ) হৈ পৰে। তেওঁ ডেলৰাক নিজাকৈ লিখা গীতসমূহ ৰেকৰ্ডিং কৰাত সহায় কৰিছিল।[5]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]ডেলৰাৰ এখন ইৰানী পাছপ’ৰ্ট আছে আৰু তেওঁ ইৰানৰ মানৱাধিকাৰ উলংঘাৰ দৰে সামাজিক ইছ্যুসমূহৰ বিষয়ে সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰি আহিছে।[1] মাহছা আমিনীৰ মৃত্যুৰ পাছত, ডেলৰাই এমনিষ্টি ইণ্টাৰনেচনেলৰ সৈতে সহযোগিতা কৰি ২০২২ চনৰ শেষৰফালে নৰৱেৰ সংসদৰ সন্মুখত এটা প্ৰতিবাদী কাৰ্যসূচীৰ আয়োজন কৰিছিল, য’ত ১,০০০ ৰোধিক লোকে অংশগ্ৰহণ কৰিছিল।[5] ২০২২ চনৰ পি৩ গুল অনুষ্ঠানৰ ৰেড কাৰ্পেটত ডেলাৰাই প্ৰতিবাদৰ সময়ত গ্ৰেপ্তাৰ হোৱা ইৰানী ৰেপাৰ টুমায ছালেহীৰ সমৰ্থনত এখন প্লেকাৰ্ড বহন কৰিছিল।[6]
ডেলৰাই ফাৰ্চী ভাষা ক’ব পাৰে আৰু তেওঁৰ সক্ৰিয়তাৰ বিষয়ে ফাৰ্চী ভাষাৰ চেনেল 'ইৰান ইণ্টাৰনেচনেল'ত এটা সাক্ষাৎকাৰো প্ৰদান কৰিছিল।[7][8] যদিও তেওঁৰ বেছিভাগ গীত ইংৰাজী ভাষাত, তেওঁ নৰৱেজিয়ান ভাষাতো গীত মুকলি কৰিছে।[9] ইয়াৰ উপৰি, ডেলৰাই প্ৰকাশ কৰে যে নৰৱেত ক’ভিড-১৯ মহামাৰীৰ সময়ছোৱাত তেওঁ নিজে নিজে স্পেনিছ ভাষাও শিকিছিল।[5]
টোকা
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 4 5 6 Korsvoll, Caroline (5 April 2024). "– Driven er en viktig del av personligheten min". OBOS. https://obos.no। আহৰণ কৰা হৈছে: 20 January 2025.
- ↑ Roness, Espen (14 October 2023). "Delara ble rådet til å «roe ned på politikken»". NRK P3. https://p3.no। আহৰণ কৰা হৈছে: 20 January 2025.
- ↑ Krager, Caroline (1 February 2020). "Stilorama: Artisten Amanda Delara". Melk & Honning. https://melkoghonning.no। আহৰণ কৰা হৈছে: 20 January 2025.
- ↑ Weiss, Haley (21 July 2017). "Amanda Delara". Interview. https://interviewmagazine.com। আহৰণ কৰা হৈছে: 20 January 2025.
- 1 2 3 4 5 Afshary-Kaasa, Julia (31 May 2023). "Ledestjernen om r&b, protestene i Iran og musikkvideoen med Alicia Keys". D2. https://dn.no। আহৰণ কৰা হৈছে: 20 January 2025.
- ↑ "Sjå bilda frå raud løpar: Protesterتهت মোت regimet i Iran". NRK P3. 26 November 2023. https://p3.no। আহৰণ কৰা হৈছে: 21 January 2025.
- ↑ Norwegian News Agency (7 September 2023). "Amanda Delara: – Jeg lærte å stole mer på meg selv og på kunsten min". Samtiden. https://samtiden.no। আহৰণ কৰা হৈছে: 20 January 2025.
- ↑ Monsen Tveit, Janne (20 October 2022). "Amanda Delara Nikman gjester Iran International – se video". 730.no. https://730.no। আহৰণ কৰা হৈছে: 20 January 2025.
- ↑ Ebbesen, Peder (10 January 2020). "Amanda Delara viser styrke paa norsk". Aftenposten. https://aftenposten.no। আহৰণ কৰা হৈছে: 20 January 2025.