সমললৈ যাওক

ডেলিলা হাটুৱেল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডেলিলা হাটুৱেল
ব্যক্তিগত তথ্যাৱলী
স্থানীয় নাম דלילה חטואל
জন্ম ১৫ নৱেম্বৰ, ১৯৮০ (৪৫ বছৰ)
একৰ, ইজৰাইল
উচ্চতা ১.৬০ মি[1]
ওজন ৫১ কেজি[1]
ক্ৰীড়া
দেশ ইজৰাইল
ক্ৰীড়া ফেন্সিং
শিতান ফয়েল
ক্লাব অলিম্পিক ফেন্সিং চেণ্টাৰ আক্কো[1]
প্ৰশিক্ষক হাইম হাটুৱেল[1]
সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ
সৰ্বোচ্চ বিশ্ব ৰেংকিং ৯ম (এপ্ৰিল ২০০৮)[2]

ডেলিলা হাটুৱেল (ইংৰাজী: Delila Hatuel, হিব্ৰু: דלילה חטואל; জন্ম: ১৫ নৱেম্বৰ, ১৯৮০) এগৰাকী ইজৰাইলী অলিম্পিক ফয়েল ফেন্সাৰ।[3] তেওঁ ২০০৮ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত ইজৰাইলক প্ৰতিনিধিত্ব কৰিছিল, আৰু এসময়ত ফেন্সিং খেলত বিশ্বৰ নৱম স্থানত আছিল।

১৯৮০ চনত ইজৰাইলৰ একৰ নামৰ চহৰ এখনত হাটুৱেলৰ জন্ম হৈছিল।[3][4] তেওঁৰ পেহী লিডিয়া হাটুৱেল-চুকাৰমেন আৰু তেওঁৰ খুৰা ইটজাক হাটুৱেলৰ দৰে তেওঁৰ ভাতৃ মাওৰো এগৰাকী তৰোৱাল খেলুৱৈ (Fencer)।[5][6][6] হাটুৱেলে তেওঁৰ দেউতাক আৰু পেহীয়েকৰ সৈতে একৰৰ অলিম্পিক ফেন্সিং চেণ্টাৰত শিশুসকলক ফেন্সিঙৰ প্ৰশিক্ষণ দিয়ে।[6]

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৯৭ চনত, হাটুৱেলে দক্ষিণ আফ্ৰিকাকেপ টাউনত অনুষ্ঠিত হোৱা টিম ফয়েল বিশ্ব ফেন্সিং চেম্পিয়নশ্বিপত নৱম স্থান দখল কৰিছিল আৰু ১৯৯৮ চনত, বুলগেৰিয়াৰ প্ল’ভডিভত অনুষ্ঠিত হোৱা টিম ফয়েল ইউৰোপীয় ফেন্সিং চেম্পিয়নশ্বিপত অষ্টম স্থান দখল কৰিছিল।[7]

২০০৭ চনৰ জুলাই মাহত, বেলজিয়ামৰ গেণ্টত অনুষ্ঠিত হোৱা ইউৰোপীয় ফেন্সিং চেম্পিয়নশ্বিপত ব্যক্তিগত ফয়েলত হাটুৱেলে ষষ্ঠ স্থান দখল কৰিছিল।[7][8] ২০০৮ চনত, তেওঁ ফেন্সিং বিশ্বকাপ চাৰ্কিটত শীৰ্ষ ১০-ৰ ভিতৰত স্থান লাভ কৰিছিল, আৰু বিশ্বৰ শীৰ্ষ ১৬-ৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।[8]

২০০৮ চনৰ এপ্ৰিল মাহত, তেওঁ মহিলা ফয়েলত বিশ্বৰ ভিতৰতে নৱম স্থান লাভ কৰিছিল।[2] ২০০৮ চনৰ জুলাই মাহত, ইউক্ৰেইনৰ কিয়ভত অনুষ্ঠিত হোৱা ইউৰোপীয় ফেন্সিং চেম্পিয়নশ্বিপত তেওঁ অলিম্পিক ফয়েল চেম্পিয়ন ভেলেণ্টিনা ভেজালিক পৰাস্ত কৰিছিল যদিও খেলৰ শেষত তেওঁ নিজৰ আঁঠুত দুখ পাইছিল। এই প্ৰতিযোগিতাখনত ব্যক্তিগত ফয়েলত তেওঁ সপ্তম স্থান দখল কৰিছিল।[7]

আঁঠুৰ এণ্টেৰিয়ৰ ক্ৰুচিয়েট লিগামেণ্ট (Anterior cruciate ligament) ফাটি যোৱাত, তেওঁৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল।[5][9] ইজৰাইলৰ ত্জ্ৰিফিনৰ আছাফ হাৰোফে মেডিকেল চেণ্টাৰত এটি হাইপাৰবেৰিক অক্সিজেন চেম্বাৰত তেওঁৰ চিকিৎসা কৰা হৈছিল যাতে ২০০৮ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ যথেষ্ট সুস্থ হৈ পৰে। উচ্চ চাপত অক্সিজেনৰ সংস্পৰ্শলৈ আহিলে শৰীৰৰ স্বাভাৱিক আৰোগ্য প্ৰক্ৰিয়া ক্ষিপ্ৰ হয়।[9]

তেতিয়া বিশ্বৰ ১১তম স্থানত থকা হাটুৱেলে, ২৭ বছৰ বয়সত, ২০০৮ চনত চীনবেইজিঙত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকত ইজৰাইলক প্ৰতিনিধিত্ব কৰি ফয়েল ফেন্সিঙত অংশগ্ৰহণ কৰিছিল।[3][6] স্বৰ্ণ পদক বিজয়ী ৰাছিয়ান দলৰ অংশ হিচাপে থকা ৰাছিয়াৰ বৰ্তমানৰ বিশ্ব খিতাপ দখলকাৰী ভিক্টোৰিয়া নিকিছিনাৰ হাতত ১০–৯ গ’লত পৰাস্ত হৈ তেওঁ ১৯তম স্থানলৈ নামি যায়।[3][10][11] একমিনিট নৌহওঁতেই হাটুৱেলে খেলখন সমতালৈ আনিছিল যদিও অভাৰটাইমতে পৰাস্ত হয়।[12] এই সন্দৰ্ভত হাটুৱেলে কয় যে, "মোৰ দুখ লাগিছে, কিন্তু এই পৰাজয়ৰ লগত মোৰ আঘাতৰ কোনো সম্পৰ্ক নাই। মই বৰ কঠিন খেল এখনত পৰাস্ত হʼলো।" [13] অৱশ্যে হাৰেট‌্জ নামৰ বাতৰিকাকত এখনৰ সাংবাদিক এজনে কৈছিল যে “হাটুৱেলৰ আঁঠুৰ আঘাতটো যেন যন্ত্ৰণাদায়ক আছিল”।[12] হাটুৱেলে কৈছিল যে পুনৰ তেওঁৰ অস্ত্ৰোপচাৰ কৰা হ’ব আৰু তেওঁ ২০১২ চনত লণ্ডনত অনুষ্ঠিত হ’বলগীয়া গ্ৰীষ্মকালীন অলিম্পিকত অংশগ্ৰহণ কৰিব বুলি আশা কৰিছে।[12]

২০০৯ চনত, হাটুৱেলে ২০০৯ চনৰ মাকাবিয়া গেমছত মহিলাৰ ফয়েলত স্বৰ্ণ পদক লাভ কৰিছিল।[14]

২০১৪ চনত, তেওঁ হাংগেৰীৰ বুডাপেষ্টত অনুষ্ঠিত হোৱা ইউৰোপীয় গেমছ বাকু ছিনিয়ৰ মহিলা ফয়েল অৰ্হতা প্ৰতিযোগিতাত জয়ী হৈছিল।[15]

২০১৫ চনত, তেওঁ ছুইজাৰলেণ্ডৰ মণ্ট্ৰেক্সত অনুষ্ঠিত হোৱা ইউৰোপীয় ছিনিয়ৰ মহিলা ফয়েল চেম্পিয়নশ্বিপত ২৪তম স্থান আৰু ২০১৬ চনত পোলেণ্ডৰ টৰুণত অনুষ্ঠিত হোৱা ইউৰোপীয় ছিনিয়ৰ মহিলা ফয়েল চেম্পিয়নশ্বিপত ৩১তম স্থান দখল কৰিছিল।[16]`

২০১৬ চনত, হাটুৱেলে বিশ্বৰ ভিতৰতে নৱম স্থান লাভ কৰিছিল, আৰু ২০১৬ চনৰ ১৬ এপ্ৰিলত, চেক গণৰাজ্যপ্ৰাগত অনুষ্ঠিত হোৱা চেম্পিয়নেটছ ডি কোৱালিফিকেশন ইউৰোপিয়ানছত তেওঁৰ প্ৰদৰ্শনৰ বাবে ৰিঅ’ত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিক ২০১৬-ত মহিলা ফয়েলত খেলিবলৈ যোগ্যতা অৰ্জন কৰিছিল।[17] কিন্তু, ইজৰাইল অলিম্পিক কমিটীয়ে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীতকৈ উচ্চ মানদণ্ড প্ৰয়োগ কৰিছিল। তেওঁ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ মানদণ্ড পূৰণ কৰিছিল যদিও ইজৰাইল অলিম্পিক কমিটীৰ মানদণ্ড পূৰণ নোহোৱাত ২০১৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত হাটুৱেলক খেলিবলৈ দিয়া হোৱা নাছিল।[18][19][20]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 "Baku 2015 1St European Games – Athletes – HATUEL Delila". Baku 2015. Archived from the original on 2015-09-23. https://web.archive.org/web/20150923191802/http://www.baku2015.com/athletes/athlete=hatuel-delila-1003775/index.html?intcmp=athletes-hub। আহৰণ কৰা হৈছে: 2015-06-24. 
  2. 2.0 2.1 "Fencing Ranking: Delila HATUEL". Nahouw.net. Archived from the original on 2012-04-25. https://web.archive.org/web/20120425154526/http://www.nahouw.net/rnk_rfn/2177/HATUEL_Delila.html। আহৰণ কৰা হৈছে: November 11, 2011. 
  3. 3.0 3.1 3.2 3.3 "Delila Hatuel Biography and Olympic Results". Sports-reference.com. August 11, 2008. https://www.sports-reference.com/olympics/athletes/ha/delila-hatuel-1.html। আহৰণ কৰা হৈছে: November 10, 2011. 
  4. "Jews in the Olympics: 63 Athletes, 7 Countries". Jewishinstlouis.org. Archived from the original on April 7, 2012. https://web.archive.org/web/20120407023958/http://www.jewishinstlouis.org/page.aspx?id=181152. 
  5. 5.0 5.1 Talshir, Uri (September 21, 2011). "Fencing / Living by the sword". Haaretz. https://www.haaretz.com/print-edition/sports/fencing-living-by-the-sword-1.322796। আহৰণ কৰা হৈছে: November 10, 2011. 
  6. 6.0 6.1 6.2 6.3 Teddy Fassberg (June 13, 2008). "Double-edged foil". The Jerusalem Post. Archived from the original on January 4, 2013. https://archive.today/20130104135241/http://pqasb.pqarchiver.com/jpost/access/1499659191.html?dids=1499659191:1499659191&FMT=ABS&FMTS=ABS:FT&date=Jun+13,+2008&author=TEDDY+FASSBERG&pub=Jerusalem+Post&desc=Double-edged+foil&pqatl=google. 
  7. 7.0 7.1 7.2 "Hatuel Delila – Biography". European Fencing Confederation. Archived from the original on February 18, 2013. https://archive.today/20130218040215/http://www.eurofencing.info/athletes/biography/delila-hatuel/results। আহৰণ কৰা হৈছে: November 11, 2011. 
  8. 8.0 8.1 Sinai, Allon (July 16, 2008). "Guide to Israel's Olympic Team: Delila Hatuel". The Jerusalem Post. https://fr.jpost.com/servlet/Satellite?cid=1215330983222&pagename=JPost/JPArticle/ShowFull। আহৰণ কৰা হৈছে: November 10, 2011. [সংযোগবিহীন উৎস]
  9. 9.0 9.1 Judy Siegal-Itzkovich. "Health Scan; Defeating the Disease". The Jerusalem Post. https://www.jpost.com/LandedPages/PrintArticle.aspx?id=111312. 
  10. "Beijing: Fencer Delilah Hatuel ousted from Olympic race". Ynetnews (Ynet). November 8, 2008. http://www.ynetnews.com/articles/0,7340,L-3580610,00.html. 
  11. "Israel at the Olympics; Israeli team secures victories in swimming, sailing, tennis; Peer-Obziler match cancelled due to rain". Ynet. November 8, 2008. http://www.ynet.co.il/english/articles/0,7340,L-3581146,00.html. 
  12. 12.0 12.1 12.2 Hipsh, Rami (August 21, 2010). "Peer pulls through to next stage". Haaretz. https://www.haaretz.com/print-edition/sports/peer-pulls-through-to-next-stage-1.251588. 
  13. Miki Sagui and Sa'ar Haas (November 8, 2008). "Beijing: Swimmer Alon Mandel sets new national record". Ynet. http://www.ynetnews.com/articles/0,7340,L-3580682,00.html. 
  14. "Archived copy". Archived from the original on 2015-04-02. https://web.archive.org/web/20150402115707/http://www.maccabiah.com/Data/Uploads/Fencing%2018th%20Maccabiah.pdf। আহৰণ কৰা হৈছে: 2015-03-31. 
  15. EG Baku Qualification Tournament | European Fencing Confederation[সংযোগবিহীন উৎস]
  16. HATUEL Delila - Biography | European Fencing Confederation
  17. "Olympic Games preview – Part IV". http://jewishnews.timesofisrael.com/olympic-games-preview-part-iv/. 
  18. Olympic Games preview – Part IV | Jewish News, Times of Israel.
  19. Olympics: Zonal qualification complete - News - Media - FIE, International Fencing Federation.
  20. "Naschitz Brandes Amir | The Case of Delila Hatuel and The Olympic Committee". Archived from the original on 2017-12-26. https://web.archive.org/web/20171226234709/http://www.nblaw.com/OlympicCommittee। আহৰণ কৰা হৈছে: 2017-12-26. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]