সমললৈ যাওক

ডোকো

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডোকো, নেপালত ব্যৱহৃত বাঁহৰ টোপোলা।

ডোকো (Nepali: डोको pronounced [ɖoko]) বাঁহৰপৰা তৈয়াৰী একপ্ৰকাৰৰ টোপোলা।[1][2] ইয়াক শংকু বা "V" আকৃতিত হাতেৰে বোৱা হয়। বিশেষকৈ নেপাল, ভূটান আৰু উত্তৰ ভাৰতৰ পাহাৰীয়া ছিকিম আৰু উত্তৰাখণ্ড ৰাজ্যত সামগ্ৰী কঢ়িয়াই নিবলৈ পৰ্টাৰে ডোকো ব্যৱহাৰ কৰে।

সামগ্ৰী

[সম্পাদনা কৰক]

শুকান বাঁহৰ ফিতাৰপৰা ডোকো তৈয়াৰ কৰা হয়। বাঁহ টেকসই আৰু কঠোৰ বতৰ সহ্য কৰে। ইয়াৰ নিৰ্মাণত কাপোৰৰ ফিতা আৰু কেঁচিও ব্যৱহাৰ কৰা হয়।[উদ্ধৃতিৰ প্ৰয়োজন]

ব্যৱহাৰ

[সম্পাদনা কৰক]
ডোকোৰ সৈতে নেপালী লোক, ১৭৯৩ (প্ৰকাশিত ১৮১১)
ডোকোত ভৰ্তি বিলাহী

ডোকোৰ আয়তন সাধাৰণতে ০.১ৰপৰা ০.২ মিটাৰ হয়, গতিকে এজন ব্যক্তিয়ে গড় ২০-৫০ কিলোগ্ৰাম কঢ়িয়াব পাৰে। ইহঁতৰ কান্ধৰ ষ্ট্ৰেপ থাকে, আৰু সাধাৰণতে নাম্লো (Nepali: नाम्लो) নামৰ মূৰৰ ষ্ট্ৰেপ থাকে যিয়ে বাহকৰ কান্ধৰপৰা বোজাৰ এটা অংশ লয়।

ডোকোৱে সামগ্ৰী, শাক-পাচলি, শস্য, পানীৰ পাত্ৰ আদি কঢ়িয়াই নিবলৈ ব্যৱহাৰ কৰে। সৰু জীৱ-জন্তু আৰু হাঁহ-কুকুৰা কঢ়িয়াই নিয়াৰ লগতে জীৱ-জন্তুৰ বাবে অস্থায়ী পিঞ্জৰা হিচাপেও কাম কৰে। য’ত মটৰ পথ নাই, তাত খোজ কাঢ়িব নোৱাৰা লোকক কঢ়িয়াই নিয়াৰ বাবে বিশেষ অভাৰছাইজ ড’কো ব্যৱহাৰ কৰা হয়। ডোকো উৎপাদনো আয়ৰ এক ভাল উৎস হৈ আহিছে। নেপালত জীৱিকা উপাৰ্জনৰ বাবে অন্ধ লোকক ডোকো উৎপাদনৰ বাবে প্ৰশিক্ষণ দিয়া হয়। নেপালৰ প্ৰায় প্ৰতিটো গ্ৰাম্য অঞ্চলতে ডকোক গধুৰ বোজা কঢ়িয়াই নিয়াৰ বাবে সাধাৰণ আহিলা হিচাপে ব্যৱহাৰ কৰা হয়।

তথ্যসমূহ

[সম্পাদনা কৰক]