ডোগ্ৰা মুছলমান
ডোগ্ৰা মুছলমান ভাৰতৰ জম্মু-কাশ্মীৰ ৰাজ্যত পোৱা এটা মুছলমান সম্প্ৰদায়। তেওঁলোক বৃহত্তৰ হিন্দু ডোগ্ৰা সম্প্ৰদায়ৰপৰা ইছলামলৈ ধৰ্মান্তৰিত। পাকিস্তানৰ পঞ্জাৱ প্ৰদেশতো বৰ্তমান বহু ডোগ্ৰা মুছলমান পোৱা যায়। তেওঁলোকক পাকিস্তানত ৰাজাস বুলিও কোৱা হয়।[1]
ইতিহাস আৰু উৎপত্তি
[সম্পাদনা কৰক]ডোগ্ৰা মুছলমান শব্দটো কথুৱা, জম্মু, চাম্বা আৰু উধামপুৰ জিলাক সামৰি লোৱা সৰু পাহাৰীয়া অঞ্চলত বাস কৰা লোকসকলৰ বাবেহে সীমাবদ্ধ। জম্মু প্ৰশাসনিক অঞ্চলৰ পশ্চিম অংশত বসবাস কৰা চিভালি সম্প্ৰদায়ৰপৰা ই সাংস্কৃতিকভাৱে পৃথক। এই সম্প্ৰদায়টো মূলতঃ ডোগ্ৰা সম্প্ৰদায়ৰপৰা ধৰ্মান্তৰিত; ধৰ্মান্তৰকৰণ মোগল শাসনৰ সময়ছোৱাত সংঘটিত হৈছিল। এওঁলোক প্ৰধানকৈ ঠাক্কাৰ, জাট, ৰাথোড়, মানহাছ, হিন্দু জৰিয়াল, চিব আৰু চুলেহৰীয়া জনজাতি গোটৰ অন্তৰ্গত। ১৯৪৭ চনৰ ভাৰত-পাকিস্তানী যুদ্ধৰ সময়ত বহু ডোগ্ৰা মুছলমানে পাকিস্তানলৈ পলায়ন কৰে। তেওঁলোকে ডগ্ৰি আৰু পাঞ্জাবী ভাষা কয়।[1]
বৰ্তমানৰ পৰিস্থিত
[সম্পাদনা কৰক]ডোগ্ৰা মুছলমানসকলে পাহাৰীয়া অঞ্চলত বাস কৰে আৰু কৃষি কৰে। এওঁলোক অন্তঃপত্নী, কিন্তু হিন্দু ডোগ্ৰাৰ দৰে, বংশৰ বহিঃবিবাহৰ ব্যৱস্থা নাই। নিজৰ গৃহভূমিত ডোগ্ৰা মুছলমানসকলে নিজৰ নিজৰ গাঁৱত বাস কৰে যদিও চুবুৰীয়া দুটা মুছলমান সম্প্ৰদায় গুজ্জৰ আৰু বকৰৱালৰ লগত কিছু মিশ্ৰিত বসতি আছে। পাকিস্তানলৈ যোৱা ডোগ্ৰা মুছলমানসকল মূলতঃ পঞ্জাৱৰ শিয়ালকোট আৰু নৰোৱাল জিলাত গাঁও পাতি বসতি স্থাপন কৰিছে যদিও তেওঁলোক মানক পাঞ্জাবী গ্ৰহণৰ দিশত পৰিৱৰ্তন হৈছে।[1]