ড্ৰেগন ৰজা
| ড্ৰেগন ৰজা | |||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|
| সাগৰৰ ড্ৰেগন ৰজা (海龍王), উনবিংশ শতিকাৰ প্ৰথমাৰ্ধত অংকিত | |||||||||||
| চীনা নাম | |||||||||||
| পৰম্পৰাগত চীনা লিপি | 龍王 | ||||||||||
| সৰলীকৃত চীনা লিপি | 龙王 | ||||||||||
| আক্ষৰিক অৰ্থ | ড্ৰেগন ৰজা ড্ৰেগন ৰাজকুমাৰ | ||||||||||
| |||||||||||
| Alternative Chinese name | |||||||||||
| পৰম্পৰাগত চীনা লিপি | 龍神 | ||||||||||
| সৰলীকৃত চীনা লিপি | 龙神 | ||||||||||
| আক্ষৰিক অৰ্থ | ড্ৰেগন দেৱতা | ||||||||||
| |||||||||||
| Vietnamese name | |||||||||||
| Quốc ngữ | Long Vương | ||||||||||
ড্ৰেগন ৰজা (ইংৰাজী: Dragon King) (যাক "ড্ৰেগন দেৱতা" বুলিও জনা যায়) হৈছে এছিয়াৰ পৌৰাণিক কাহিনীৰ এক স্বৰ্গীয় জীৱ তথা পানী আৰু বতৰৰ দেৱতা। তেওঁলোকক সমগ্ৰ এছিয়াৰ, বিশেষকৈ দক্ষিণ, দক্ষিণ-পূব আৰু স্পষ্টভাৱে পূব এছিয়াৰ সাংস্কৃতিক আৰু ধৰ্মীয় প্ৰতীকসমূহত দেখিবলৈ পোৱা যায়। স্থানীয় ভাষাৰ ওপৰত নিৰ্ভৰ কৰি সমগ্ৰ এছিয়াতে তেওঁক বিভিন্ন নামেৰে জনা যায়, যেনে জাপানী ভাষাত 'ৰ্যূ' (Ryū), লগতে কোৰিয়ান ড্ৰেগন, ভাৰতীয় ড্ৰেগন, ভিয়েটনামিজ ড্ৰেগন ইত্যাদি।.[1][2]
তেওঁ নিজৰ ঐশ্বৰিক শক্তিৰে বতৰ নিয়ন্ত্ৰণ কৰিব পাৰে, ঋতু সলনি কৰিব পাৰে আৰু বৰষুণ আনিব পাৰে। গতিকে তেওঁক বৰষুণৰ দাতাতা, আৰু সাগৰ, নদী তথা জলাশয়সমূহৰ ঐশ্বৰিক শাসক হিচাপে গণ্য কৰা হয়। তেওঁ চীনা সংস্কৃতিৰ প্ৰাচীন 'লোং' (lóng) আৰু ভাৰতীয় সংস্কৃতিৰ 'নাগৰাজ' ধাৰণাটোৰ এক সামূহিক প্ৰতিমূৰ্তি। বৰ্ণনা অনুসৰি তেওঁলোকৰ পানীৰ তলত নিজা ৰাজপ্ৰসাদ আৰু এক ৰাজদৰবাৰ ব্যৱস্থা থাকে।[3][5]
পানীৰ দেৱতা হোৱাৰ উপৰিও, ড্ৰেগন দেৱতাই প্ৰায়ে এক আঞ্চলিক ৰক্ষক দেৱতা হিচাপেও কাম কৰে। খ্ৰীষ্টপূৰ্ব ৭০০০–৫০০০ (নৱপ্ৰস্তৰ যুগ)ৰে পৰা সৰ্পসদৃশ জীৱসমূহক এছিয়াৰ সংস্কৃতিৰ এক মূল অংশ হিচাপে গণ্য কৰি অহা হৈছে। দক্ষিণ, দক্ষিণ-পূব আৰু পূব এছিয়াৰ বহুতো পুৰাতাত্বিক স্থানত বহু সৰ্পসদৃশ শিল্পকলা আৰু নক্সা আৱিষ্কাৰ হৈছে, যিয়ে প্ৰমাণ কৰে যে এই অঞ্চলসমূহৰ লোককথা, ৰীতি-নীতি আৰু উৎসৱসমূহৰ সৈতে ড্ৰেগন বা নাগৰ প্ৰতীতি অতি প্ৰাচীন কালৰে পৰা জড়িত হৈ আছে।[6][7][8][9]
একক ড্ৰেগন ৰজা
[সম্পাদনা কৰক]চীন দেশত আধুনিক যুগত প্ৰচলিত ৰীতি-নীতি অনুসৰি ড্ৰেগন ৰজাক সকলো জলাশয়ৰ ওপৰত আধিপত্য থকা আৰু বৰষুণৰ দাতা হিচাপে গণ্য কৰা হৈছে। তেওঁৰ এটা অন্যতম উপাধি হৈছে "কুঁৱা আৰু প্ৰস্ৰৱণৰ ড্ৰেগন ৰজা"।[11][12][14]
বৰষুণ অনাৰ ধৰ্মীয় অনুষ্ঠানসমূহ
[সম্পাদনা কৰক]সমগ্ৰ চীনতে লুনী-সৌৰ পঞ্জিকাৰ পঞ্চম আৰু ষষ্ঠ মাহত ড্ৰেগন শোভাযাত্ৰা অনুষ্ঠিত কৰা হৈছিল। বিশেষকৈ ষষ্ঠ মাহৰ ত্ৰয়োদশ দিনটো ড্ৰেগন ৰজাৰ জন্মদিন হিচাপে পালন কৰা হৈছিল, য’ত দেৱতাৰ ওচৰত বৰষুণৰ বাবে প্ৰাৰ্থনা কৰা হৈছিল। হেবেই প্ৰদেশৰ চাংলি জিলাত ড্ৰেগন ৰজাৰ এটা মূৰ্তি পাচিত লৈ ওচৰ-পাজৰৰ গাঁওসমূহত এক প্ৰকাৰৰ শোভাযাত্ৰা উলিওৱা হৈছিল। অংশগ্ৰহণকাৰীসকলে নিজৰ ঘৰৰ সন্মুখত হালধীয়া কাগজৰ টুকুৰা এটা ৰাখিছিল য’ত লিখা আছিল: "চাৰি সাগৰ, পাঁচটা হ্ৰদ, আঠখন নদী আৰু নটা নিজৰাৰ ড্ৰেগন ৰজাৰ স্থান (আসন)"।[15]
তেওঁলোকে উইলো গছৰ ডাল ব্যৱহাৰ কৰি তাত পানী ছটিয়াইছিল আৰু কাষতে ধূপ জ্বলাইছিল। উত্তৰ চীনত বিংশ শতিকালৈকে এই ৰীতি প্ৰচলিত আছিল। অতীতত সমগ্ৰ চীনতে ড্ৰেগন ৰজাৰ 'মিয়াও' (miao) মণ্ডপ বা মন্দিৰ আছিল, য’ত সাধাৰণ ৰাইজে ড্ৰেগন ৰজাক উপাসনা কৰিছিল। কৃষি প্ৰধান অঞ্চলৰ গাঁওসমূহত বৰষুণৰ বাবে ড্ৰেগন ৰজাৰ উদ্দেশ্যে ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল।[16][17]
ভাৰতীয় উপমহাদেশ, দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত নাগ বা ড্ৰেগন পূজা এক প্ৰাচীন পৰম্পৰা, যিটো প্ৰায়ে বৰষুণ আৰু উৰ্বৰতাৰ সৈতে জড়িত। বিশেষকৈ মৌচুমী ঋতুত নাগ মন্দিৰ, খোদিত শিলাখণ্ড (নাগ পাথৰ) বা অধিক জটিল গাঁথনিত ধূপ, গাখীৰ, হালধী আৰু ফুল অৰ্পণ কৰি এই পূজা কৰা হয়। নাগ পূজা বৈদিক পৰম্পৰাতকৈও পুৰণি আৰু পৰৱৰ্তী সময়ত ইয়াক হিন্দু ধৰ্ম, বৌদ্ধ ধৰ্ম, শ্বামানিজম (Shamanism) আৰু জৈন ধৰ্মৰ অন্তৰ্ভুক্ত কৰা হয়। সৰ্প দেৱতাসকলৰ উদ্দেশ্যে উৎসৰ্গিত "নাগ পঞ্চমী" নামৰ এটা হিন্দু উৎসৱো আছে। ইয়াত বহুতো সৰ্প বা ড্ৰেগন দেৱতা আছে আৰু তেওঁলোকৰ বাবে উৎসৰ্গিত বহুতো মন্দিৰ বা মণ্ডপ আছে, যেনে 'সাগৰ'। বৰুণো অন্যতম পুৰণি দেৱতা, যাক প্ৰায়ে মহাসাগৰ, নদী আৰু সকলো জলাশয়ৰ দেৱতা হিচাপে চিত্ৰিত কৰা হয়। মানুহে বৰষুণ অনাৰ ৰীতি-নীতি আৰু কৃষিৰ বাবে প্ৰাৰ্থনা আৰু অন্যান্য উপহাৰ আগবঢ়ায়।[18]
জাপানত বৰষুণ অনাৰ এক ৰীতি প্ৰচলিত, যাক "আমাগোই" (amagoi) বুলি জনা যায়। খৰাঙৰ সময়ত বৰষুণৰ বাবে শতিকা ধৰি এই প্ৰথা চলি আহিছে। এই বৰষুণ অনাৰ ৰীতিবোৰ ভিন্ন আছিল আৰু ইয়াত প্ৰায়ে শ্বিন্টো (Shinto) আৰু বৌদ্ধ ধৰ্মীয় অনুষ্ঠান অন্তৰ্ভুক্ত আছিল, য’ত বতৰৰ পৰিৱৰ্তন ঘটাতে আৰু স্বৰ্গক সন্তুষ্ট কৰিবলৈ প্ৰাৰ্থনা, নৈবেদ্য আৰু প্ৰতীকী কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। পানীৰ সৈতে জড়িত দেৱতা আৰু ড্ৰেগনসমূহ এই ৰীতি-নীতিৰ মূল কেন্দ্ৰবিন্দু। জাপানৰ বহুতো শ্বিন্টো মন্দিৰত ড্ৰেগনৰ ছবি বা মূৰ্তি পোৱা যায়, যিবোৰ ড্ৰেগন দেৱতাৰ উদ্দেশ্যে উৎসৰ্গিত। ই ধৰ্মটোত তেওঁলোকৰ গুৰুত্ব প্ৰতিফলিত কৰে।[19]
কোৰিয়াত ড্ৰেগনক লোকবিশ্বাস আৰু ৰীতি-নীতিৰ জৰিয়তে উপাসনা কৰা হয়। গাঁৱৰ ৰীতি-নীতিত, ঘাইকৈ মাছমৰীয়া সম্প্ৰদায়সমূহৰ মাজত "ইয়ংৱাং" (Yongwang)ক সন্মান জনোৱা হয়। মাছ ধৰাত সফলতা, সুৰক্ষিত জলযাত্ৰা, বৰষুণ আৰু কৃষিৰ বাবে প্ৰাৰ্থনা কৰা হয়। বৌদ্ধ ভিক্ষুসকলে কেতিয়াবা বৰষুণৰ বাবে কৰা প্ৰাৰ্থনাত নিজৰ বাহু বা আঙুলি পুৰি ত্যাগ স্বীকাৰ কৰিছিল। প্ৰাচীন কোৰিয়াত বৰষুণ অনাৰ ধৰ্মীয় অনুষ্ঠানক "গিউজে" (Giuje) বুলি কোৱা হৈছিল, যিটো খৰাঙৰ সময়ত বৰষুণ নমাই আনিবলৈ কৰা হৈছিল। এই ৰীতি-নীতিত চৰকাৰী বিষয়া আৰু সাধাৰণ জনতা উভয়ৰে অংশগ্ৰহণ আছিল। ইয়াত ধৰ্মীয় অনুষ্ঠান পৰিচালনাৰ বাবে বৌদ্ধ ভিক্ষু আৰু মহিলা তান্ত্ৰিক বা ডাইনী (female shamans) অন্তৰ্ভুক্ত আছিল। "চেওকচিয়ক-ডংজা" (Seokcheok-dongja) নামৰ এটা ৰীতি অনুসৰি ল’ৰা-ছোৱালীবোৰে জেঠী (যাক ড্ৰেগনৰ প্ৰতীক বুলি ধৰা হৈছিল) এটাক কষ্ট দিছিল, এই বিশ্বাসত যে ইয়াৰ ফলত ড্ৰেগনে বৰষুণ আনিবলৈ বাধ্য হ’ব।[20]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Asian Dragons AMNH" (en-US ভাষাত). American Museum of Natural History. https://www.amnh.org/exhibitions/mythic-creatures/dragons/asian-dragons। আহৰণ কৰা হৈছে: 2025-08-12.
- ↑ name="tibetanbuddhistencyclopedia.com">"Dragon King - Tibetan Buddhist Encyclopedia". tibetanbuddhistencyclopedia.com. https://tibetanbuddhistencyclopedia.com/en/index.php?title=Dragon_King। আহৰণ কৰা হৈছে: 2025-08-13.
- ↑ "Dragon Deity" also, dragon god. A deification of the dragon, one of the eight kinds of nonhuman beings held to be guardians of Buddhism. Dragon deities are said to have various powers, such as the ability to cause rain. Chapter: Dragon Deity, Soka Gakkai Nichiren Buddhism Library
- 1 2 3 Overmyer (2009), p. 20.
- ↑ [4]
- ↑ "Dragon Kings of the seas". Soka Gakkai Nichiren Buddhism Library. https://www.nichirenlibrary.org/en/dic/Content/D/115.
- ↑ "Dragon King of the East Sea - Tibetan Buddhist Encyclopedia". tibetanbuddhistencyclopedia.com. https://tibetanbuddhistencyclopedia.com/en/index.php/Dragon_King_of_the_East_Sea। আহৰণ কৰা হৈছে: 2025-08-18.
- ↑ 四海龍王; Sihai Longwang
- ↑ Onians, John (2004) (en ভাষাত). Atlas of World Art. Laurence King Publishing. ISBN 978-1-85669-377-6. https://books.google.com/books?id=O3h2KfXoOPYC&pg=PA46.
- ↑ Overmyer (2009), p. 21.
- ↑ [10]
- ↑ [4]
- 1 2 Tom (1989), p. 55.
- ↑ [13]
- ↑ moni1706 (2020-09-06). "Worship of the Naga or Serpent Worship" (en ভাষাত). Moni Gāthā. https://monidipa.net/2020/09/06/the-naga-cult/। আহৰণ কৰা হৈছে: 2025-08-13.
- ↑ [13]
- ↑ [4]
- ↑ Mani, Vettam (1975). Puranic encyclopaedia : a comprehensive dictionary with special reference to the epic and Puranic literature. Robarts - University of Toronto. Delhi : Motilal Banarsidass. ISBN 978-0-8426-0822-0. http://archive.org/details/puranicencyclopa00maniuoft.
- ↑ "Dragon God Brings the Rain at Saitama Festival" (en ভাষাত). nippon.com. 2016-09-29. https://www.nippon.com/en/views/b06201/dragon-god-brings-the-rain-at-saitama-festival.html। আহৰণ কৰা হৈছে: 2025-08-13.
- ↑ Dr David Shaffer, Gwangju (2020-07-12). "Come Rain or Shine" (en-US ভাষাত). Gwangju News. https://gwangjunewsgic.com/arts-culture/korean-culture/come-rain-or-shine/। আহৰণ কৰা হৈছে: 2025-08-13. https://gwangjunewsgic.com/arts-culture/korean-culture/come-rain-or-shine/