সমললৈ যাওক

ডৰ্জি ৱাংমো ৱাংচুক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডৰ্জি ৱাংমো
২০১৮ চনত ডৰ্জি ৱাংমো
Tenure 1979 – 9 December 2006
Co-queens consort Tshering Pem
Tshering Yangdon
Sangay Choden
দাম্পত্য সঙ্গী জিগ্মে সিংগে ৱাংচুক (বি. ১৯৭৯)
সন্তান
সোণাম দেচেন ৱাংচুক
জিগ্যেল উগেন ৱাংচুক
সম্পূৰ্ণ নাম
ডৰ্জি ৱাংমো ৱাংচুক[fn 1]
বাসগৃহ Wangchuck (by marriage)
মাতৃ Yum থুইজি জাম
পিতৃ Yab Dasho উগেন দর্জি
ধৰ্ম Vajrayana Buddhism

ডৰ্জি ৱাংমো ৱাংচুক(ইংৰাজী: :Dorji Wangmo Wangchuck ,জংখা ভাষাত: རྡོ་རྗེ་དབང་མོ་དབང་ཕྱུག་; ৱাইলি: Rdo-rje Dbang-mo Dbang-phyug; জন্ম ১০ জুন ১৯৫৫ ) ভুটানৰ ৰাণী-মাতা (Gyalyum Kude)। তেওঁ ভুটানৰ প্ৰাক্তন ৰজা জিগ্মে সিংগে ৱাংচুকৰ প্ৰথম পত্নী আছিল। জিগ্মে সিংগে ৱাংচুকে তেওঁৰ তিনিজনী ভগ্নীকো বিবাহ কৰিছিল; এই চাৰিওজনী ভগ্নীয়েই ৰাণী হিচাপে অভিহিত হোৱাৰ অধিকাৰ লাভ কৰিছিল।[1][2]

তেওঁৰ পিতৃ ইয়াব দাশো উগেন দর্জি (১৯২৯–২০১৬) উগেন একাডেমী (UA)-ৰ প্ৰতিষ্ঠাপক আৰু স্বত্বাধিকাৰী আছিল, আৰু এইখন ২০০২ চনৰ ৩ এপ্ৰিলত স্থাপিত হৈছিল।[3] তেওঁৰ মাতৃ হৈছে য়ুম থুইজি জাম (জন্ম ১৯৩২)। থিম্ফু জিলাত অৱস্থিত য়ুম থুইজি জাম চেৰিটি স্কুলখন তেওঁৰ মাতৃৰ নামত নামকৰণ কৰা হৈছে।[4]

আশি দর্জি ৱাংমো ৱাংচুক ভুটানৰ চতুৰ্থ ৰজা জিগ্মে সিংগে ৱাংচুকৰ প্ৰথমা পত্নী।

তেওঁ ভাৰতৰ কুৰ্সেয়ংস্থিত ছেইণ্ট হেলেনছ স্কুলত শিক্ষা গ্ৰহণ কৰিছিল।

তেওঁ প্ৰিন্সেছ আশি সোণাম দেচেন ৱাংচুক আৰু প্ৰিন্স দাশো জিগ্যেল উগেন ৱাংচুকৰ মাতৃ।

কৰ্মৰাজী

[সম্পাদনা কৰক]

ৰাণী-মাতাই কবিতা আৰু ৰাষ্ট্ৰীয় বিষয়সমূহৰ ওপৰত ৰচিত ৰচনা-নিবন্ধৰ কেইবাখনো গ্ৰন্থ প্ৰায়োজনা আৰু সম্পাদনা কৰিছে। তেওঁ Of Rainbows and Clouds: a Story of Dasho Yab Ugyen Dorji নামৰ গ্ৰন্থখনৰ লেখিকা; এই গ্ৰন্থখনত ৰাণীৰ পিতৃ দাশো ইয়াব উগেন দর্জিৰ জীৱনৰ কাহিনী বৰ্ণিত হৈছে।[5] তেওঁৰ দ্বিতীয় গ্ৰন্থ Treasures of the Thunder Dragon: A Portrait of Bhutan ব্যক্তিগত স্মৃতিচাৰণ, ইতিহাস, লোককথা আৰু ভ্ৰমণবৃত্তান্তৰ এক সংমিশ্ৰণ।[6] তৃতীয় গ্ৰন্থ Dochula: A Spiritual Abode in Bhutan ভুটানৰ ড্ৰুক ৱাংগ্যেল কমপ্লেক্সৰ এক নথিভুক্তি, য’ত লুংচুত্সে লাখাং, ১০৮টা ড্ৰুক ৱাংগ্যেল স্তূপ, ড্ৰুক ৱাংগ্যেল লাখাং আৰু ড্ৰুক ৱাংগ্যেল ছে’ছু অন্তৰ্ভুক্ত।[7]

তেওঁৰ নেতৃত্বত তাৰায়ানা ফাউণ্ডেশ্যনৰ জৰিয়তে কৰা সমাজকল্যাণমূলক কামৰ স্বীকৃতি স্বৰূপে, তেওঁক এটা আনুষ্ঠানিক সমাৰোহত পোপ ফ্ৰান্সিছ চেৰিটি এণ্ড লিডাৰশ্বিপ এৱাৰ্ড প্ৰদান কৰা হৈছিল।[8]

ৰাণী মাতা আৰু প্ৰাক্তন ৰজাৰ যুগ্ম জীৱনৰ সাক্ষী দুগৰাকী সন্তান ক্ৰমে প্ৰিন্সেছ আশি সোণাম দেচেন ৱাংচুক (জন্ম: ৫ আগষ্ট ১৯৮১) আৰু প্ৰিন্স দাশো জিগ্যেল উগেন ৱাংচুক (জন্ম: ৬ জুলাই ১৯৮৪) আছে।

পৃষ্ঠপোষকতা

[সম্পাদনা কৰক]

১৯৯৯ চনৰ পৰা কৃষি আৰু পশুপালন মন্ত্ৰালয়ৰ মুখ্য পৃষ্ঠপোষক ।

“ভুটান ইক’চ: ড্ৰুকিউলৰ কলা আৰু সাহিত্য উৎসৱ”-ৰ মুখ্য পৃষ্ঠপোষক।

২০০০ চনৰ পৰা শেৰুবৎসে কলেজৰ সন্মানীয় সভাপতি ।

২০০৩ চনৰ পৰা তাৰায়ানা ফাউণ্ডেশ্যন (TF)-ৰ প্ৰতিষ্ঠাপক আৰু সভাপতি।[9]

২০০১ চনৰ পৰা লোক ঐতিহ্য সংগ্ৰহালয় (ফেলচেই টোৱেনখিম)-ৰ পৃষ্ঠপোষক।

সংযুক্ত ৰাজ্যঃ ইটালি কাৰিটাছ ইন ভেৰিতাটে ইণ্টাৰনেছনেলঃ দানশীলতা আৰু নেতৃত্বৰ বাবে পোপ ফ্ৰানচিছ বঁটা (২২ অক্টোবৰ ২০১৬)।[10]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. "Monarchy and Royal family of Bhutan". Bhutan News Online. http://www.bhutannewsonline.com/monarchy.html। আহৰণ কৰা হৈছে: 2 July 2010. 
  2. "Bhutan crowns the new King". The Hindu (Chennai, India). 6 November 2008. Archived from the original on 5 October 2010. https://web.archive.org/web/20101005040346/http://www.hindu.com/thehindu/holnus/000200811061031.htm। আহৰণ কৰা হৈছে: 2 July 2010. 
  3. "Ugyen Academy". Archived from the original on 2019-03-28. https://web.archive.org/web/20190328120753/http://ugyenacademy.edu.bt/main/page.php?id=1। আহৰণ কৰা হৈছে: 2017-06-13. 
  4. Fee Structure of Private Schools in Bhutan
  5. Dorji, Yab Ugyen; Bhutan), Queen Ashi Dorji Wangmo Wangchuck (Consort of Jigme Singye Wangchuck, King of (1999) (en ভাষাত). Of Rainbows and Clouds: The Life of Yab Ugyen Dorji as Told to His Daughter. Serindia Publications, Inc.. ISBN 978-0-906026-49-6. https://books.google.com/books?id=QKiNspaeno8C&q=grandfather. 
  6. Bhutan), Queen Ashi Dorji Wangmo Wangchuck (Consort of Jigme Singye Wangchuck, King of (2006) (en ভাষাত). Treasures of the Thunder Dragon: A Portrait of Bhutan. Penguin Books India. ISBN 978-0-670-99901-9. https://books.google.com/books?id=T4BoEodH3JAC&dq=Treasures+of+the+Thunder+Dragon+%E2%80%93+A+Portrait+of+Bhutan&pg=PA22. 
  7. Dochula: A Spiritual Abode in Bhutan
  8. "Queen Mother of Bhutan receives international award for charitable accomplishments". Archived from the original on 2019-05-31. https://web.archive.org/web/20190531054918/http://royalcentral.co.uk/international/queen-mother-of-bhutan-receives-international-award-for-charitable-accomplishments-70082। আহৰণ কৰা হৈছে: 2017-12-10. 
  9. "Tarayana Foundation". Archived from the original on 2019-02-26. https://web.archive.org/web/20190226030149/http://www.tarayanafoundation.org/25th-board-meeting-2nd-august/। আহৰণ কৰা হৈছে: 2016-08-22. 
  10. "Tarayana Foundation". Archived from the original on 2018-05-05. https://web.archive.org/web/20180505065648/http://www.tarayanafoundation.org/the-queen-mother-ashi-dorji-wangmo-wangchuck-honoured-with-the-pope-francis-charity-and-leadership-award-by-caritas-in-veritate-internationalnew-york-city/। আহৰণ কৰা হৈছে: 2018-05-04. 


উদ্ধৃতি ত্ৰুটি: <ref> টেগ্‌সমূহ "fn" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="fn"/> টেগ্‌ পোৱা নগ'ল