ঢাক

| দুৰ্গা পূজাৰ ঢাকৰ নমুনা শব্দ | |
|
|
|
| দুৰ্গা পূজাৰ সময়ত ঢাক বজোৱাৰ (১:৩৮ মিনিটৰ) এটি নমুনা। | |
| এই ফাইলটো শুনাত অসুবিধা পাইছে? মিডিয়া সাহায্য চাওক | |
ঢাক (ইংৰাজী: Dhak) হʼল বংগ আৰু অসমৰ এটি বিশাল মেম্ব্ৰেনোফোন বাদ্যযন্ত্ৰ।[1] ঢাকৰ আকৃতিসমূহ প্ৰায় নলাকাৰৰ নিচিনাই কিন্তু বেৰেলতকৈ পৃথক। মুখৰ ওপৰৰ ছালখন টানি লগোৱা আৰু পটি লগোৱাৰ ধৰণো ভিন্ন হয়। ইয়াক কেতিয়াবা গলত ওলমাই ৰখা হয় নাইবা কঁকালৰ সৈতে বান্ধি কোঁচত বা মাটিতো ৰখা হয়। সাধাৰণতে কাঠ, বাঁহ আদিৰ কাঠিৰে বজোৱা হয়। ইয়াৰ বাঁওফালে প্ৰলেপ লগোৱা থাকে যাতে ই আৰু অধিক গধুৰকৈ শব্দ কৰিব পাৰে।[2]
মধ্যযুগত, ইয়াৰ উৎপত্তি হৈছিল।[3] এই অঞ্চলৰ হিন্দু ধৰ্মীয় উৎসৱসমূহত, বিশেষকৈ দুৰ্গা পূজা, কালী পূজা আৰু চৰক পূজাকে ধৰি শাক্ত আৰু শৈৱ পৰম্পৰাসমূহত এই বাদ্যযন্ত্ৰবিধ ব্যৱহাৰ কৰা হয়।[1][4]
আৰতি (আহ্বান নৃত্য) সহ বাঙালী হিন্দু সম্প্ৰদায়ৰদ্বাৰা পৰিৱেশিত ঢোলৰ বাদন বংগৰ অনন্য দুৰ্গা পূজাৰ এক অবিচ্ছেদ্য অংশ।[3][4][5] অসমৰ চাহ-জনজাতিৰ লোকসকলে নাগাৰাৰ লগতে ঢাকো বজায়।[1]
ঢাকৰ বিষয়ে, দ্য ষ্টেটচ্মেনে লিখিছিল, "ঢাকৰ উন্মাদনাকৰ সুৰ অবিহনে দুৰ্গা পূজাই উৎসৱৰ আভা ধাৰণ নকৰে, যি বৃহৎ ঢোলটো মানুহে গলত ওলোমাই দুটা পাতল লাঠিৰে বজায় সেইটোৱে শ্ৰোতাসকলৰ মাজত উন্মত্ত ছন্দৰ সঞ্চাৰ কৰে। দুৰ্গা পূজাৰ দৃশ্য আৰু গোন্ধক জাদুকৰী কৰি তুলিবলৈ সেই মন্ত্ৰমুগ্ধকৰ সুৰেই যথেষ্ট।" [6]
বংগত, মুহৰৰমৰ দৰে ইছলাম ধৰ্মাৱলম্বী উৎসৱতো ঢাক বজোৱা হয়।[7]
-
পশ্চিমবংগৰ বীৰভূমত মনসা পূজাৰ সময়ত বাঙালী ঢোলবাদক
-
বংগৰ এজন ঢোলবাদক
-
দক্ষিণ কলকাতাৰ দুৰ্গা পূজা পেণ্ডেলত এটা প্ৰকাণ্ড ঢাক লৈ এগৰাকী ঢাকী, ২০১০।
-
ঢাক বাদক, শিয়ালদহ, কলকাতা
লগতে চাওক
[সম্পাদনা কৰক]তথ্য উৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 Barthakur, Dilip Ranjan (2003). The Music and Musical Instruments of North Eastern India. Mittal Publications. পৃষ্ঠা. 97. ISBN 978-81-7099-881-5. https://books.google.com/books?id=oP4vH-4oSEcC&dq=dhak+instrument&pg=PA97.
- ↑ "Instruments". Percussions. beatofindia.com. http://www.beatofindia.com/mainpages/instruments.htm। আহৰণ কৰা হৈছে: 13 January 2008.
- ↑ 3.0 3.1 Kuppuswamy, Gowri; Hariharan, Muthuswamy (1980). Indian Music: A Perspective. Sundeep Prakashan. পৃষ্ঠা. 152. ISBN 978-0-8364-0629-0. https://books.google.com/books?id=c3oHAQAAMAAJ&q=dhak+instrument+origin.
- ↑ 4.0 4.1 Folk-lore. Indian Publications. 1975. পৃষ্ঠা. 429, 430. https://books.google.com/books?id=IMvjAAAAMAAJ&q=dhak+instrument+origin.
- ↑ "Traditions of Durga Puja". Society for confluence of festivals in India. http://www.durga-puja.org/tradition.html। আহৰণ কৰা হৈছে: 13 January 2008.
- ↑ Bhattachatya, Kajari (26 September 2006). "Beats of changing time". The Statesman (Kolkata).
- ↑ Dutta, Koushik (2 October 2017). "In this Bengal village Hindu dhakis beat drums for Muharram procession". Hindustan Times. https://www.hindustantimes.com/kolkata/in-this-bengal-village-hindu-dhakis-beat-drums-for-muharram-procession/story-OS1JP2lMDV049JTX7NrzoN.html.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ঢাক সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
| |||||||||||||||||||||||
