ঢাকানে
অৱয়ব
ঢাকানে (নেপালী: ढकने), এক প্ৰকাৰৰ মিঠা পোলাও, নেপালত উৎপত্তি হোৱা চাউলৰ পৰা তৈয়াৰী খাদ্য। নেপালৰ সকলো ঠাইতে ইয়াৰ জনপ্ৰিয়তা, পূব নেপালত যথেষ্ট বেছি আৰু ঠাই অনুসৰি ইয়াক বিভিন্ন নামেৰে জনা যায়। যদিও ই মিঠা খাদ্য, তথাপিও ইয়াক ডেজাৰ্ট হিচাপে পৰিৱেশন কৰিব নোৱাৰি, কাৰণ ই এক গধুৰ খাদ্য। সাধাৰণতে উৎসৱ বা বিশেষ অনুষ্ঠানৰ সময়ত ইয়াক ৰাতিৰ আহাৰ বা দুপৰীয়াৰ আহাৰ হিচাপে পৰিৱেশন কৰা হয়।.[1] ইয়াক প্ৰায়ে ক্ষীৰৰ সৈতে বা নোহোৱাকৈয়ো পৰিৱেশন কৰা হয়।[2]
ইয়াৰ উৎপত্তি পূব নেপালত আৰু ইয়াৰ উৎপত্তি নেপালৰ ঢাকাল জাতিৰ পৰা হোৱা বুলি দাবী কৰা হয়। এতিয়াও নেপালৰ ঢাকালৰ মাজত ই বহুলভাৱে জনপ্ৰিয়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Rice Dhakani – Boss Nepal". Archived from the original on 2022-02-13. https://web.archive.org/web/20220213120410/http://bossnepal.com/rice-dhakani/। আহৰণ কৰা হৈছে: 2025-11-15.
- ↑ "Traditional foods in Nepal - We All Nepali". https://sites.google.com/a/weallnepali.com/we-all-nepali-main/about-nepal/travel-nepal/celebration-festivals/traditional-foods-in-nepal। আহৰণ কৰা হৈছে: 2020-10-18.