সমললৈ যাওক

ঢাকেশ্বৰী জাতীয় মন্দিৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ঢাকেশ্বৰী জাতীয় মন্দিৰ

Dhakeshwari Temple
স্থান
দেশ বাংলাদেশ
ৰাজ্য ঢাকা মণ্ডল
জিলা ঢাকা জিলা
এলেকা বক্সি বজাৰ, ঢাকেশ্বৰী পথ, ঢাকা
স্থানাংক 23°43′21.38″N 90°23′24.08″E / 23.7226056°N 90.3900222°E / 23.7226056; 90.3900222স্থানাংক: 23°43′21.38″N 90°23′24.08″E / 23.7226056°N 90.3900222°E / 23.7226056; 90.3900222
স্থাপত্য আৰু সংস্কৃতি
স্থাপত্য শৈলী সেন
ইতিহাস
প্ৰতিস্থাপক বল্লাল সেন

ঢাকেশ্বৰী ৰাষ্ট্ৰীয় মন্দিৰ (ঢাকেশ্বৰী জাতীয় মন্দিৰ) বাংলাদেশৰ পুৰণি ঢাকাত অৱস্থিত এটা হিন্দু মন্দিৰ। ই ৰাজ্যিক মালিকানাধীন, যাৰ ফলত ই বাংলাদেশৰ 'ৰাষ্ট্ৰীয় মন্দিৰৰ স্বীকৃতি লাভ কৰিছে। "ঢাকেশ্বৰী" নামটোৰ অৰ্থে "ঢাকাৰ দেৱী।" ৰাষ্ট্ৰীয় হিন্দু মন্দিৰ থকা বাংলাদেশ বিশ্বৰ একমাত্ৰ মুছলমান সংখ্যাগৰিষ্ঠ দেশ। ই এক পৱিত্ৰ শক্তি পীঠ য'ত দেৱী সতীৰ মুকুটৰ ৰত্ন পৰিছিল কিন্তু ৰত্নটো বহু আগতেই হেৰাই গৈছে। ভাৰতৰ বিভাজনৰ বিভাজনৰ সময়ত বাংলাদেশৰ হিন্দু মন্দিৰৰ ওপৰত আক্ৰমণ বৃদ্ধি পোৱাৰ বাবে মূল প্ৰাচীন বিগ্ৰহ বা শিলৰ মূৰ্তিটো মুখ্য পুৰোহিতৰদ্বাৰা পশ্চিম বংগৰ কুমৰতলীলৈ স্থানান্তৰিত কৰা হয়।

১৯৭১ চনত বাংলাদেশৰ মুক্তি যুদ্ধৰ সময়ত পাকিস্তানী সেনাই ৰামনা কালী মন্দিৰ ধ্বংস কৰাৰ পাছত ঢাকেশ্বৰী মন্দিৰে বাংলাদেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ হিন্দু উপাসনাস্থলীৰ মৰ্যাদা লাভ কৰিছে।[1] ই বাংলাদেশৰ সৰ্ববৃহৎ হিন্দু মন্দিৰো।[2] ই ভাৰতীয় উপমহাদেশৰ দেৱী-কেন্দ্ৰিক শক্তি পীঠসমূহৰ ভিতৰত অন্যতম।

১২শ শতিকা, ১১০০ খ্ৰীষ্টাব্দত সেন বংশৰ ৰজা বল্লাল সেনে ঢাকেশ্বৰী (দুৰ্গা) মন্দিৰ নিৰ্মাণ কৰিছিল আৰু কোৱা হয় যে দেৱীৰ নামেৰে ঢাকা চহৰৰ নামকৰণ কৰা হৈছিল।[3][4][বিসংগতিপূৰ্ণ উৎস] মন্দিৰৰ বৰ্তমানৰ স্থাপত্য শৈলী সেই সময়ৰ বুলি ক'ব নোৱাৰি কাৰণ সময়ৰ লগে লগে অসংখ্য মেৰামতি আৰু পুনৰ্নিৰ্মাণৰ কাম হৈছে। ইয়াক ঢাকাৰ সাংস্কৃতিক ঐতিহ্যৰ এক অপৰিহাৰ্য অংশ বুলি গণ্য কৰা হয়। ই এক অন্যতম শাক্ত পিঠা য'ত সতী দেৱীৰ মুকুটৰপৰা মণিটো পৰি গৈছিল। যুগ যুগ ধৰি এই মন্দিৰক অতশয় গুৰুত্ব প্ৰদান কৰি আহিছে। ভাৰতৰ বিভাজনৰ সময়ত পাকিস্তানৰ পূব বংগ (বৰ্তমান বাংলাদেশ)ৰপৰা মূল ৯০০বছৰীয়া মূৰ্তিটো ভাৰতৰ পশ্চিম বংগৰ কলকাতাৰ কুমৰতলীলৈ লৈ যোৱা হৈছিল। ১৯৪৭ চনৰ বংগ বিভাজন ভাৰত বিভাজনৰে অংশ আছিল। ১৯৪৭ চনত বংগ বিধানসভাই পৃথক পূব বংগ (১৯৪৭ চনত পাকিস্তানত যোগদান) আৰু পশ্চিম বংগ (১৯৪৭ চনত ভাৰতত যোগদান)ক ক্ৰমে বঙালী মুছলমান আৰু বঙালী হিন্দুৰ গৃহ ৰাজ্য হিচাপে দাবী কৰে। ১৯৭১ চনত পূব পাকিস্তান (পূব বংগ) প্ৰাদেশিক পৰিষদে বঙালী মুছলমানসকলৰ বাবে পৃথক বাংলাদেশ (বেংগলীনেচন)ক গৃহ দেশ হিচাপে দাবী কৰে আৰু তাৰ পাছত পূব পাকিস্তান (পূব বংগ) বাংলাদেশত পৰিণত হয়।

১৯৫০ চনৰ ভিতৰত ব্যৱসায়ী দেবেন্দ্ৰনাথ চৌধৰীয়ে কুমৰতলী অঞ্চলত দেৱীৰ মন্দিৰ নিৰ্মাণ কৰি দৈনন্দিন সেৱাৰ বাবে দেৱীৰ কিছু সম্পত্তি প্ৰতিষ্ঠা কৰে। মূৰ্তিটো ১.৫ ফুট ওখ, দহখন হাত আছে আৰু কাত্যয়িনী মহিষাসুৰমৰ্দিনী ‘দুৰ্গা’ৰ ৰূপত সিংহৰ ওপৰত বিৰাজমান। দুকাষে আছে লক্ষ্মী, সৰস্বতী, কাৰ্তিক আৰু গণেশ। আজমগড়ৰ এটা তিৱাৰী পৰিয়ালক ৰাজ পৰিয়ালে নিতৌ দেৱতাৰ পূজাৰ বাবে নিযুক্তি দিছিল। ১৯৪৬ চনত সেই পৰিয়ালৰ বংশধৰসকল কলিকতালৈ আহি পুনৰ নিযুক্তি লাভ কৰে আৰু তেওঁলোকে আজিও অবিৰতভাৱে দেৱীৰ সেৱা কৰে।

ঢাকেশ্বৰী মন্দিৰত বৰ্তমান অধিষ্ঠাত্ৰী দেৱী মূল মূৰ্তিৰ প্ৰতিলিপি।

Original
মূল: কলকাতাৰ ঢাকেশ্বৰী মাতা মন্দিৰৰ দেৱী
Replica
প্ৰতিলিপি: ঢাকাৰ ঢাকেশ্বৰী মন্দিৰৰ দেৱী
কলকাতা আৰু ঢাকাৰ ঢাকেশ্বৰী মাৰ প্ৰতিমূৰ্তি।

বিশ্বাস কৰা হয় যে ৰজা বিজয় সেনৰ পত্নী ৰাণীয়ে গা ধুবলৈ লেংগলবণ্ডলৈ গৈছিল। উভতি অহাৰ পথত তেওঁ এটা পুত্ৰৰ জন্ম দিয়ে যাক ইতিহাসবিদসকলে বল্লাল সেন বুলি কয়।[5] সিংহাসনত আৰোহণ কৰাৰ পাছত বল্লাল সেনে নিজৰ জন্মস্থানক গৌৰৱান্বিত কৰিবলৈ এই মন্দিৰটো নিৰ্মাণ কৰিছিল। কিংবদন্তি অনুসৰি বল্লাল সেনে এবাৰ অৰণ্যৰ তলত আবৃত দেৱীৰ সপোন দেখিছিল। বল্লাল সেনে তাৰপৰা দেৱীক উন্মোচন কৰিছিল আৰু ঢাকেশ্বৰীৰ নামেৰে এটা মন্দিৰ নিৰ্মাণ কৰিছিল। হিন্দুসকল ঢাকেশ্বৰীকে ঢাকাৰ অধিষ্ঠাত্ৰী দেৱী বুলি বিবেচনা কৰে যি আদি শক্তি দেৱী দুৰ্গাৰ অৱতাৰ বা ৰূপ।


তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]