ঢেপা-ঢুলীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা

দৰং জিলাত পৰম্পৰাগতভাৱে চলি অহা এক দলীয় নৃত্যৰ অনুষ্ঠান হৈছে ঢেপা ঢুলীয়া। এই লোক সংস্কৃতি গীত, বাদ্য বা বাদক আৰু নৃত্যৰ সুসমন্বয়ত পৰিবেশন কৰা হয়। এই নৃত্য অনুষ্ঠানত ঢোল(২টা) আৰু তাল(৪/৫ জোৰা) থাকে। ইয়াত তালবোৰ ডাঙৰ, দুই-আঢ়ৈ কেজি ওজনৰ (এইবোৰক ভোৰতাল বুলিব পাৰি)। ঢোল বোৰ জয়ঢোল, বিহুত বজোৱা ঢোলতকৈ এই ঢোল দীঘল। [1]

সাজপাৰ আৰু অয়-অলংকাৰ[সম্পাদনা কৰক]

ঢেপা-ঢুলীয়া অনুষ্ঠানত ছয় আঠজনমান শিল্পী থাকে আৰু শিল্পীসকলে সুকীয়া সুকীয়া সাজপাৰ পৰিধান কৰে। তেওঁলোকে গাত চুটি কামিজ বা গেঞ্জি পিন্ধে, মূৰত পাগুৰি মাৰে, কঁকালত গামোচা বান্ধে,ছূটিকৈ আঁঠুমুৰীয়া ধুতি পিন্ধে।[1]। মুখ্য ঢুলীয়াজনে হাতত খাৰু আৰু কাণত কেৰু বা কাণফুলি পিন্ধাৰ নিয়ম আছিল [1]

পৰিৱেশন[সম্পাদনা কৰক]

দৰং জিলাৰ ডাঙৰ ডাঙৰ সভা-সমিতি, দেউল উৎসৱ, ৰাজহুৱা সভা, ব্যক্তিগত অনুষ্ঠান(বিয়াৰ পানী তোলা, নুৱনী-ধুৱনী কাৰ্যত, দৰাই কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ লগত গৈ কইনা ঘৰত গোটে নিশা কৃষ্টি প্ৰদৰ্শন কৰা) আদিত শিল্পীসকলে ঢেপা ঢুলীয়া অনুষ্ঠান পৰিবেশন কৰে। ঢুলীয়া সকলে ঢোল কৃষ্টি প্ৰদৰ্শন কৰিবলৈ তিনি বা চাৰিটা শাৰীত থিয় হয়। প্ৰথম শাৰীত থকা দুজনে ঢোল লয় আৰু পাছৰ শাৰীত থকাকেইজনে তাল লয় আৰু ঢোল আৰু তালৰ ছেৱে ছেৱে বিভিন্ন ভঙ্গীমাৰে তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰে। এই নৃত্যত কাপোৰ বোৱা বা বাঁহ-বেতৰ কাম কৰা আদিৰ চানেকি দাঙি ধৰা হয়।

পৰিবেশিত নাচ আৰু ঢোলবাদকসকলৰ নামকৰণ[সম্পাদনা কৰক]

ঢোল বাদক শিল্পী সকলক 'বাদী' বুলি কোৱা হয়। বাদীবিলাকৰ নাম বেলেগ বেলেগ থাকে; যেনে:গোৰাবাদী, দেওবাদী, চেলেনিবাদী, পাতালবাদী, খৰবাদী, খেদাবাদী, নিন্দাবাদী, খিজাবাদী, চান্দেনিবাদী, গলেমচৰবাদী ইত্যাদি।[1]সেইদৰে নাচৰো ভালেমান নাম আছে; যেনে:গড়িয়া নাচ, সৰকি নাচ, ভেকুলি জাপ নাচ, উঘাঘূৰণ নাচ, নেউল বুলন নাচ ইত্যাদি।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 উমেশ চেতিয়া. পৃষ্ঠা. ২২২.