সমললৈ যাওক

তক্ষক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তক্ষক

তক্ষেশ্বৰ মন্দিৰৰ তক্ষকৰ মূৰ্তি
দেৱনাগৰী तक्षक
সংস্কৃত লিপ্যন্তৰ Takṣaka
সম্পৰ্ক নাগ
নিবাস ইন্দ্ৰপুৰী
সঙ্গী অনামী নাগিনী
সন্তান অশ্বসেন

তক্ষক হিন্দু আৰু বৌদ্ধ ধৰ্মৰ এজন নাগৰজা। হিন্দু মহাকাব্য মহাভাৰতৰ লগতে ভাগৱত পুৰাণতো তেওঁৰ উল্লেখ আছে। তেওঁক নাগসকলৰ ৰজা বুলি বৰ্ণনা কৰা হৈছে।

চীন আৰু জাপানৰ পৌৰাণিক কাহিনীত তক্ষকক "আঠজন শ্ৰেষ্ঠ অজগৰ ৰজা"ৰ[1] ভিতৰত অন্যতম বুলিও জনা যায়। ইহঁতেই একমাত্ৰ সাপ, যিয়ে উৰিব পাৰে আৰু নন্দ (নাগৰাজ), উপানন্দ, সাগৰ (শকৰ), বাসুকী, বালাবন, অনৱতপ্ত আৰু উৎপলৰ ভিতৰত আটাইতকৈ বিষাক্ত সাপ হিচাপেও উল্লেখ কৰা হৈছে।

হিন্দু ধৰ্মত

[সম্পাদনা কৰক]
আস্তিকে জনমেজয়ৰ সৰ্পযজ্ঞ ৰোধ কৰিবলৈ চেষ্টা কৰে
কাশ্যপ জীয়াই থকা গছ কি তক্ষকে জ্বলাই (পুখুৰীৰ ওচৰত) আৰু পৰীক্ষিত তক্ষকে কামোৰা, বিৰলা ৰাজমনামাৰ চিত্ৰ

নাগসকলৰ ৰজা

[সম্পাদনা কৰক]

তক্ষকক (১,৩) নগাসকলৰ ৰজা বুলি উল্লেখ কৰা হৈছে।

তক্ষকক (১-২২৫,২২৭,২৩০) দেৱৰ ৰজা ইন্দ্ৰৰ বন্ধু বুলি উল্লেখ কৰা হৈছে। তক্ষক, পূৰ্বে কুৰুক্ষেত্ৰ আৰু খাণ্ডৱ (বৰ্তমান দিল্লী) অৰণ্যত বাস কৰিছিল (১,৩)। তক্ষক আৰু অশ্বসেন ইক্ষুমতিৰ পাৰৰ কুৰুক্ষেত্ৰত বাস কৰাৰ সময়ত নিত্যসংগী আছিল (১,৩)। তক্ষকৰ কনিষ্ঠ ভাতৃ শ্ৰুতসেনে নাগৰ প্ৰধান পদ লাভৰ উদ্দেশ্যে মহাদ্যুম্ন নামৰ পবিত্ৰ স্থানত বাস কৰিছিল (১,৩)। তেওঁ কাম্যকৰ চতুৰ্থ ৰজা আছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

কিংবদন্তি

[সম্পাদনা কৰক]

শ্ৰীমদ্ভাগৱতৰ মতে তক্ষক ইক্ষ্বাকু বংশৰ আছিল। তেওঁ আছিল ৰামৰ বংশধৰ। তক্ষকৰ পুত্ৰৰ নাম আছিল বৃহদ্বলা, যিজনক অৰ্জুনৰ পুত্ৰ অভিমন্যই যুদ্ধত নিহত কৰিছিল।

তক্ষকে খাণ্ডৱ বনত (১,২২৫) বাস কৰিছিল। তাত নাগসকলে আন গোষ্ঠী যেনে পিশাচ, ৰাক্ষস আৰু দৈত্য আৰু দানৱ (অসুৰৰ বংশ) (১,২২৭)ৰ সৈতে বাস কৰিছিল। অগ্নিৰ নিৰ্দেশত অৰ্জুনে সেই অৰণ্য জ্বলাই দিছিল। সেই সময়ত নাগ প্ৰধান তক্ষক কুৰুক্ষেত্ৰলৈ যোৱাৰ বাবে তাত নাছিল। কিন্তু তক্ষকৰ পৰাক্ৰমী পুত্ৰ অশ্বসেন তাত আছিল। অৰ্জুনে অশ্বসেনৰ মাতৃ তক্ষকৰ পত্নীক বধ কৰিলে। কিন্তু অশ্বসেন সাৰি গ’ল (১-২২৯,২৩০) (৪,২)। মাতৃহত্যাৰ প্ৰতিশোধ ল’বলৈ অশ্বসেনে কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত অৰ্জুনক কৰ্ণৰ সৈতে যুঁজি থকাৰ সময়ত আক্ৰমণ কৰে (৮,৯০) (৯,৬১)। ইয়াত অশ্বসেনক ঐৰাৱত (৮,৯০) জাতিত জন্ম হোৱা বুলি উল্লেখ কৰা হৈছে। শিৱই ত্ৰিপুৰাৰ পতনৰ বিষয়ে সতৰ্ক কৰি দিয়াৰ পিছত তালৈ অহা অসুৰ স্থপতি মায়াসুৰ খাণ্ডৱ বনাঞ্চল জ্বলাই দিয়াৰ সময়ত তক্ষকৰ বাসস্থানৰ পৰা পলায়ন কৰা বুলি উল্লেখ কৰা হৈছে (১২৩০) যদিও কিছুমান কাহিনীত তেওঁক কৃষ্ণৰ আগত প্ৰণাম কৰিবলৈ ওলাই অহা আৰু তাৰ পিছত পাণ্ডৱসকলক এটা গুহালৈ লৈ যোৱা বুলি চিত্ৰিত কৰা হৈছে, য’ত এটা প্ৰাচীন ধনুৰ গোট যিটোত গাণ্ডীৱ ধনুও আছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

পাণ্ডৱৰ ওপৰত প্ৰতিশোধ

[সম্পাদনা কৰক]

যেতিয়া পৰীক্ষিতক পিতৃক অপমান কৰাৰ বাবে ঋষিৰ পুত্ৰই সাপৰ দংশনত মৰিবলৈ অভিশাপ দিছিল, তেতিয়া তক্ষকে সেই অভিশাপ পূৰণ কৰিবলৈ আগবাঢ়িছিল। তক্ষকে ছদ্মৱেশত কাষ চাপি (১,৫০) অৰ্জুনৰ নাতি পৰীক্ষিতক কামোৰ মাৰি এইদৰে বধ কৰি ভগৱান বিষ্ণুৰ ধ্যান কৰি এই কাম কৰিলে। তেওঁ কাশ্যপ বংশৰ এজন পুৰোহিতক, যিজন মানুহক সাপৰ বিষক্ৰিয়াৰ পৰা নিৰাময় কৰাত বিশেষজ্ঞ আছিল, উৎকোচ দি ৰজাৰ পৰা কোনো ধৰণৰ চিকিৎসা সাহায্য পোৱাৰ সম্ভাৱনাও ৰোধ কৰিছিল। (১,৪৩)।

পিছলৈ পৰীক্ষিতৰ পুত্ৰ ৰজা জন্মেজয়ে তক্ষশিলাত (১,৩) যুদ্ধ কৰি তাৰ পৰাও তক্ষকৰ নেতৃত্বৰ নাগসকলক বহিষ্কাৰ কৰে।

তক্ষকৰ ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈ থাকোঁতে আন এক চৰিত্ৰ উতংক তক্ষকৰ বলি হৈ পৰিছিল। জন্মেজয়ক সাক্ষাৎ কৰি উতংকই পূৰ্ণ শক্তিৰে নিৰ্দেশিত সেই কুৰু ৰজাৰ ক্ৰোধক তক্ষক আৰু নাগ জাতিৰ প্ৰতি ব্যৱহাৰ কৰিবলৈ আমন্ত্ৰণ জনাইছিল। জন্মেজয়ে তক্ষশিলাত অভিযান আৰম্ভ কৰিছিল য’ত তেওঁ নাগ জাতিটোক নিঃশেষ কৰাৰ উদ্দেশ্যেৰে নাগসকলক হত্যা কৰিছিল(১,৫২)। তক্ষকে নিজৰ ভূখণ্ড এৰি দেৱ ভূখণ্ডলৈ পলায়ন কৰে আৰু তাতে তেওঁ দেৱ ৰজা ইন্দ্ৰৰ পৰা সুৰক্ষা বিচাৰিছিল (১,৫৩)। কিন্তু জন্মেজয়ৰ লোকসকলে তেওঁক বিচাৰি আন নাগ মুখীয়ালসকলৰ সৈতে ফাঁচী দিয়াৰ উদ্দেশ্যে তেওঁক বন্দী হিচাপে লৈ আহিছিল (১,৫৬)। সেই সময়ত ল’ৰা বয়সৰ আস্তিক নামৰ এজন বিদ্বান ঋষিয়ে আহি হস্তক্ষেপ কৰিলে। মাতৃ মনসা নাগ আৰু পিতৃ ব্ৰাহ্মণ। জন্মেজয়ে বিদ্বান আস্তিকৰ কথা শুনি তক্ষকক মুক্ত কৰিব লগা হ’ল। তেওঁ নাগসকলৰ হত্যাকাণ্ডও বন্ধ কৰি দিলে আৰু তেওঁলোকৰ লগত থকা সকলো শত্ৰুতাৰ অন্ত পেলালে (১,৫৬)। তেতিয়াৰ পৰা নগা আৰু কুৰুসকলে শান্তিৰে বাস কৰিছিল। জন্মেজয়ো শান্তিপ্ৰিয় ৰজা হৈ পৰিল।[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Eight great dragon kings - Tibetan Buddhist Encyclopedia". http://www.chinabuddhismencyclopedia.com/en/index.php/Eight_great_dragon_kings.