তছনীম জেহৰা হুছেইন
| তছনীম জেহৰা হুছেইন | |
|---|---|
| জন্ম | লাহোৰ, পাকিস্তান |
| নাগৰিকত্ব | পাকিস্তানী |
| জাতীয়তা | পাকিস্তানী |
| ক্ষেত্ৰ | তাত্ত্বিক পদাৰ্থ বিজ্ঞান |
| কৰ্মস্থান | লাহোৰ ইউনিৰ্ভাছিটিতঅৱ মেনেজমেণ্ট চায়েঞ্চ (LUMS), ইণ্টাৰনেচনেল চেণ্টাৰ ফৰ থিয়ৰেটিকেল ফিজিক্ম(ICTP) , দীলৱাৰে ইউনিৰ্ভাছিটি (DU), নেচনেল চেণ্টাৰ ফৰ ফিজিক্ম (NCP) |
| শিক্ষানুষ্ঠান | কিনাইৰ্ড কলেজ কোৱাইদ-ই-আজম বিশ্ববিদ্যালয় আন্তৰ্জাতিক তাত্ত্বিক পদাৰ্থ বিজ্ঞান কেন্দ্ৰ ষ্টকহম বিশ্ববিদ্যালয় |
| ডক্তৰেল পৰামৰ্শদাতা | আনছাৰ ফয়াজুদ্দিন |
| উল্লেখনীয় বঁটা | উপাচাৰ্যৰ স্বৰ্ণ পদক |
তছনীম জেহৰা হুছেইন (ইংৰাজী: Tasneem Zehra Husain) এজন পাকিস্তানী তাত্ত্বিক পদাৰ্থবিজ্ঞানী। পদাৰ্থ বিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰা কেইজনমান পাকিস্তানী মহিলাৰ ভিতৰত তেওঁ অন্যতম আৰু প্ৰথম পাকিস্তানী মহিলা ষ্ট্ৰিং তত্ত্ববিদ। [1] এগৰাকী প্ৰখ্যাত বিজ্ঞানী হিচাপে তেওঁ পাকিস্তানৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰসাৰৰ বাবে অসংখ্য বিদ্যালয় আৰু মহাবিদ্যালয়ত অতিথি বক্তা হিচাপে ভাষণ দিছে।
জাৰ্মানীৰ লিণ্ডাউত অনুষ্ঠিত হোৱা নোবেল বঁটা বিজয়ী বৈঠকত হুছেইনে পাকিস্তানক প্ৰতিনিধিত্ব কৰিছিল আৰু পেৰিছত অনুষ্ঠিত হোৱা বিশ্ব পদাৰ্থ বিজ্ঞান বৰ্ষৰ (WYP) আৰম্ভণি সন্মিলনত পাকিস্তানী দলৰ নেতৃত্ব দিছিল। [2] ২০১৩ চনত কেম্ব্ৰিজ বিজ্ঞান উৎসৱে হুছেইনক বিখ্যাত বিজ্ঞানীসকলৰ এটা পেনেলৰ মডাৰেটৰ হিচাপে আমন্ত্ৰণ জনায়।[3]
২০১৪ চনৰ নৱেম্বৰ মাহত হুছেইনে তেওঁৰ প্ৰথম উপন্যাস "কেৱল দীঘলীয়া সূতা" মুকলি কৰে।[4] কিৰ্কাছ ৰিভিউজে উপন্যাসখনৰ বিষয়ে কয়, "এইখন পদাৰ্থ বিজ্ঞানৰ এক কাল্পনিক পদ্ধতি যিয়ে তত্ত্বৰ সাৰমৰ্ম আৰু ইয়াৰ অনুশীলন কৰাসকলৰ আৱেগ দুয়োটাকে ধৰি ৰাখে।" [5]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]হুছেইনে প্ৰাথমিক শিক্ষা লাভ কৰিছিল লাহোৰত। এঘাৰ বছৰ বয়সত তেওঁ নিয়মীয়া স্কুল এৰি ঘৰতে পঢ়া-শুনা কৰে।[6] হুছেইনে ১৩ বছৰ বয়সত অ’ লেভেল (ব্যক্তিগতভাৱে, ব্ৰিটিছ কাউন্সিলৰ জৰিয়তে) আৰু ১৫ বছৰ বয়সত এ লেভেল লৈছিল। এই বছৰবোৰত হুছেইনে বহু পৰিমাণে লিখিছিল। ১৯৮৮ চনত আমেৰিকাৰ কেলিফৰ্ণিয়াত অৱস্থিত চিলড্ৰেন এছ পিচমেকাৰছ ফাউণ্ডেশ্যনৰ উদ্যোগত আয়োজিত আন্তঃৰাষ্ট্ৰীয় ৰচনা প্ৰতিযোগিতাত জয়ী হয়। [3] ডন নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত হুছেইনে মিছা উদ্ধৃতিৰে কয় যে এই ‘নিঃসংগতাই’ তেওঁৰ কিনাইৰ্ড কলেজত সমস্যাৰ সৃষ্টি কৰিছিল, যেতিয়া তেওঁ স্নাতক অধ্যয়নৰ বাবে তালৈ গৈছিল। [6]
শিক্ষা
[সম্পাদনা কৰক]হুছেইনে লাহোৰৰ কিনাইৰ্ড কলেজত অধ্যয়ন কৰি গণিত আৰু পদাৰ্থ বিজ্ঞানত বিজ্ঞান স্নাতক (বি এছ চি) ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত ইছলামবাগৰ কোৱাইদ-ই-আজম বিশ্ববিদ্যালয়ৰপৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। [6] তাৰ পিছত তেওঁ আব্দুছ চালাম আন্তৰ্জাতিক তাত্ত্বিক পদাৰ্থ বিজ্ঞান কেন্দ্ৰৰ (ICTP) বৃত্তিত এবছৰীয়া স্নাতকোত্তৰ ডিগ্ৰী পাঠ্যক্ৰমৰ বাবে ইটালীৰ ট্ৰাইষ্টলৈ যায়, য'ত তেওঁ উচ্চ শক্তিৰ পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰত অধ্যয়ন কৰে।[7] হুছেইনে ২০০৩ চনত ষ্টকহ’ম বিশ্ববিদ্যালয়ৰপৰা তাত্ত্বিক পদাৰ্থ বিজ্ঞানত পি এইচ ডি লাভ কৰে, য’ত তেওঁৰ থিছিছ উপদেষ্টা আছিল আনছাৰ ফায়াজুদ্দিন। ছয়কুৰি বছৰ বয়সত তেওঁ তাত্ত্বিক পদাৰ্থ বিজ্ঞানত পি এইচ ডি সম্পূৰ্ণ কৰি প্ৰথমগৰাকী পাকিস্তানী মহিলা ষ্ট্ৰিং তত্ত্ববিদ হিচাপে পৰিগণিত হয়। [8] ইয়াৰ পিছত দুবছৰীয়া পোষ্ট ডক্টৰেট গৱেষণাৰ পদত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়লৈ যায়। [9]
পদাৰ্থ বিজ্ঞানৰ কৰ্মজীৱন
[সম্পাদনা কৰক]হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত পোষ্ট ডক্টৰেট ডিগ্ৰীৰ কাম কৰাৰ পাছত হুছেইনে পাকিস্তানলৈ উভতি যায় আৰু তাৰপৰাই তেওঁ লাহোৰ ইউনিভাৰ্চিটি অৱ মেনেজমেণ্ট চাইন্সেছৰ স্কুল অৱ চাইন্স এণ্ড ইঞ্জিনিয়াৰিংত যোগদান কৰে।[10]
পদাৰ্থ বিজ্ঞানৰ সহকাৰী অধ্যাপিকা হৈ পৰে। হুছেইনৰ শৈক্ষিক গৱেষণাই এঘাৰ-মাত্ৰিক অতিমাধ্যাকৰ্ষণ শক্তি ব্যৱহাৰ কৰি এম-ব্ৰেনসমূহে অতি প্ৰতিসম চক্ৰৰ চাৰিওফালে মেৰিয়াই লোৱাৰ সময়ত উদ্ভৱ হোৱা ফ্লাক্স পটভূমিৰ শ্ৰেণীবিভাজনৰ ওপৰত গুৰুত্ব আৰোপ কৰে।[11]
তছনীম এগৰাকী লেখিকাও, তেওঁৰ উপন্যাস "অনলি দ্য লংগেষ্ট থ্ৰেদ"(Only the Longest Threads) ৰ বাবেই বেছিকৈ পৰিচিত। 3quarksdaily.com ৰ বাবেও স্তম্ভ লিখিছে আৰু CERN ত লিখাৰ ক্লাছ শিকায়। [9]
পাকিস্তানত বিজ্ঞানৰ প্ৰসাৰতা
[সম্পাদনা কৰক]হুছেইন পাকিস্তানত বিজ্ঞানৰ এজন কণ্ঠ আৰু প্ৰবল সমৰ্থক হৈ পৰিছে। [3][12][13] শিক্ষাৰ প্ৰতি গভীৰ আগ্ৰহী আৰু নিজৰ দেশত বিজ্ঞানক জনপ্ৰিয় কৰাৰ বাবে তেওঁ বিশ্ব পদাৰ্থ বিজ্ঞানৰ (WYP) পাকিস্তানৰ ল'গ' ডিজাইন কৰিছিল আৰু আমেৰিকাৰ আৰ্গন নেচনেল লেবৰেটৰীৰ নেতৃত্বত WYP পদাৰ্থ বিজ্ঞান গল্প প্ৰকল্পত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। হুছেইনে লাহোৰ ইউনিভাৰ্চিটি অৱ মেনেজমেণ্ট ছায়েন্সক এখন স্কুল অৱ চাইন্স এণ্ড ইঞ্জিনিয়াৰিং স্থাপন কৰাত সহায় কৰিছিল যাতে ছাত্ৰ-ছাত্ৰীসকলে পাকিস্তানত থাকি বিজ্ঞান অধ্যয়ন কৰিব পাৰে।[14]
হুছেইনে হাইস্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মৌলিক তাত্ত্বিক পদাৰ্থ বিজ্ঞানক সুলভ কৰি তোলাৰ উদ্ভাৱনী প্ৰচেষ্টাৰ নেতৃত্ব দিছে, বিভিন্ন হাইস্কুল আৰু কলেজীয়া ছাত্ৰ-ছাত্ৰীক দেখুওৱা এনিমেটেড উপস্থাপনৰ শৃংখলা প্ৰস্তুত কৰিছে। হুছেইনে তেওঁৰ আলমা মেটাৰ কিনাইৰ্ড কলেজত গণিত আৰু পদাৰ্থ বিজ্ঞান দুয়োটা বিষয়তে অধ্যাপনা কৰিছে। তেওঁ আন্তঃৰাষ্ট্ৰীয় পদাৰ্থ বিজ্ঞান অলিম্পিয়াডৰ বাবে পাকিস্তান পদাৰ্থ বিজ্ঞান দলটোক প্ৰশিক্ষণ দিয়াতো সহায় কৰিছিল।[3] হুছেইন মূলতঃ অভাৱগ্ৰস্ত শিশুসকলক শিক্ষা প্ৰদান কৰা অলাভজনক শিক্ষামূলক সংস্থা আলিফ লাইলা বুক বাছ ছ’চাইটিৰ ট্ৰাষ্টী আৰু পৰিচালনা সমিতিৰ সদস্য।
তথ্যৰ উৎস
[সম্পাদনা কৰক]- ↑ Staff (9 May 2019). "Meet Dr Tasneem Husain – Pakistan's first woman string theorist". Web Desk. SAMAA. https://www.samaa.tv/news/2019/05/meet-dr-tasneem-husain-pakistans-first-woman-string-theorist/। আহৰণ কৰা হৈছে: 3 March 2021.
- ↑ Imtiaz, Wajiha (8 February 2022). "The Future Is Female: Recognising Pakistani Women In STEM". The Friday Times. https://thefridaytimes.com/08-Feb-2022/the-future-is-female-recognising-pakistani-women-in-stem.
- ↑ 3.0 3.1 3.2 3.3 "TASNEEM ZEHRA HUSAIN: Pakistan's Foremost Female theoretical physicist" (en ভাষাত). Amazons Watch Magazine. 21 July 2017. https://www.amazonswatchmagazine.com/arts-academia/tasneem-zehra-husain-pakistans-foremost-female-theoretical-physicist/। আহৰণ কৰা হৈছে: 26 March 2024.
- ↑ Only the Longest Threads. প্ৰকাশক Philadelphia, PA: Paul Dry Books. 11 November 2014. ISBN 978-1589880887.
- ↑ "ONLY THE LONGEST THREADS". kirkusreviews.com. https://www.kirkusreviews.com/book-reviews/tasneem-zehra-husain/only-longest-threads/। আহৰণ কৰা হৈছে: 21 July 2017. "A fictional approach to physics that captures both the substance of the theory and the passion of its practitioners."
- ↑ 6.0 6.1 6.2 Mahrukh, Sarwar (2 December 2016). "Inside the life of Pakistan's first female string theorist". The Reviews:DAWN. Dawn News. https://www.dawn.com/news/1300054। আহৰণ কৰা হৈছে: 21 July 2017.
- ↑ ICTP, International Centre for Theoretical Physics (2004). "Tasneem Zehra HUSAIN". https://diploma.ictp.it/courses/hep/students/Tasneem-Zehra-Husain/?searchterm=None। আহৰণ কৰা হৈছে: 27 April 2010.
- ↑ "Pakistan's First Female String Theorist Publishes Novel On Scientific Discovery". Webur. 5 December 2014. https://www.wbur.org/radioboston/2014/12/03/longest-threads। আহৰণ কৰা হৈছে: 3 March 2021.
- ↑ 9.0 9.1 "Tasneem Zehra Husain PD" (en-US ভাষাত). Institute for Cross Disciplinary Engagement at Dartmouth. https://www.ice.dartmouth.edu/tasneem-zehra-husain-pd। আহৰণ কৰা হৈছে: 6 May 2024.
- ↑ Laiba (10 December 2020). "Meet Dr. Tasneem Zehra Husain, Pakistan's First Female String Theorist" (en-US ভাষাত). WOW 360. https://wow360.pk/meet-dr-tasneem-zehra-husain-pakistans-first-female-string-theorist/। আহৰণ কৰা হৈছে: 26 March 2024.
- ↑ Husain, Tasneem Zehra (8 August 2003). "A brane teaser". Journal of High Energy Physics খণ্ড 2003 (8): 014. doi:10.1088/1126-6708/2003/08/014. ISSN 1029-8479. https://iopscience.iop.org/article/10.1088/1126-6708/2003/08/014.
- ↑ Adeela, Akmal (15 February 2022). "Here's to the brilliant minds!". The news International. https://www.thenews.com.pk/magazine/you/933525-heres-to-the-brilliant-minds.
- ↑ "Tasneem Zehra Husain". Institute for Cross Disciplinary Engagement. https://www.ice.dartmouth.edu/tasneem-zehra-husain-pd। আহৰণ কৰা হৈছে: 19 November 2024.
- ↑ Agency, Anadolu (12 February 2022). "Sky is limit for girls in science, says Pakistan's first string theorist". The express Tribune. https://tribune.com.pk/story/2343184/sky-is-limit-for-girls-in-science-says-pakistans-first-string-theorist.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Cambridge Science Fair. "Cambridge Science Fair 2013". Science and Engineering Innovation. Archived from the original on 21 October 2020. https://web.archive.org/web/20201021222054/http://tumblehomelearning.com/workshops/bookfair/। আহৰণ কৰা হৈছে: 3 October 2020.
- "Tasneem Zehra Husain's research while affiliated with Harvard University and other places". ResearchGate. https://www.researchgate.net/scientific-contributions/Tasneem-Zehra-Husain-8856395/publications/1#articles। আহৰণ কৰা হৈছে: 6 May 2024.[সংযোগবিহীন উৎস]
- "Tasneem Zehra Husain". INSPIRE High-Energy Physics. https://inspirehep.net/authors/1020652। আহৰণ কৰা হৈছে: 19 November 2024.
- Husain, Tasneem-Zehra (8 August 2003). "A brane teaser". Journal of High Energy Physics খণ্ড 2003 (8): 014. doi:10.1088/1126-6708/2003/08/014.