তথ্য
Jump to navigation
Jump to search
তথ্য বা ইনফৰমেশ্যন হৈছে বিশেষ সজ্জাত সজ্জিত চিহ্নৰ (ইংৰাজী: symbol) দ্বাৰা প্ৰকাশিত বাৰ্তা ইংৰাজী: message)। বিভিন্ন চিহ্ন আৰু পদ্ধতি ব্যৱহাৰ কৰি ইয়াক সংৰক্ষিত বা এঠাইৰ পৰা আনঠাইলৈ কোনো যোগাযোগ ব্যৱস্থা ব্যৱহাৰ কৰি সৰবৰাহ কৰিব পৰা যায়। যিকোনো গতিশীল (ইংৰাজী: ডাইনামিক) নিকায়ত (ইংৰাজী: চিষ্টেম) সংঘটিত ঘটনাৰাজী (ইভেন্ট) তথ্য বুলিব পৰা যায়।[1] ভিন ভিন প্ৰসংগত তথ্যক ভিন ভিন ৰূপত প্ৰকাশ আৰু ব্যৱহাৰ কৰা যায়। তদুপৰি ইনফৰ্মেশ্যন চিষ্টেমত "কনস্ট্ৰেইন্ট", শিক্ষাত "ইন্ষ্ট্ৰাকশ্যন", জ্ঞান (নলেজ), ভাষাতত্বত "অৰ্থ", এন্ট্ৰপী আদি বিভিন্ন ধাৰণাৰ লগতো তথ্যৰ ধাৰণা ওতঃপ্ৰোত ভাৱে জড়িত।
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ L. Floridi, Information - A Very Short Introduction (Oxford University Press) provides a short overview.