সমললৈ যাওক

তনুশ্ৰী চক্ৰৱৰ্তী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তনুশ্ৰী চক্ৰৱৰ্তী

তনুশ্ৰী চক্ৰৱৰ্তী
জন্ম ৬ আগষ্ট ১৯৮৪ (বয়স ৪০)
হাইদৰাবাদ, অন্ধ্ৰপ্ৰদেশ (বৰ্তমান তেলংগানা), ভাৰত
অন্য নাম প্ৰিয়দৰ্শিনী
শিক্ষানুষ্ঠান কমলা গাৰ্লছ হাইস্কুল
বাসন্তী দেৱী মহাবিদ্যালয়
পেচা অভিনেত্ৰী, মডেল
সক্ৰিয় হৈ থকা সময় ২০১০–বৰ্তমান

তনুশ্ৰী চক্ৰৱৰ্তী (ইংৰাজী: Tanusree Chakraborty; জন্ম: ৬ আগষ্ট ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে প্ৰধানকৈ বঙালী ভাষাৰ চলচ্চিত্ৰত কাম কৰে।[1][2][3]

চলচ্চিত্ৰৰ সমান্তৰালকৈ তেওঁ বিভিন্ন টেলিভিছন শ্ব’তো কাম কৰি আহিছে। শেহতীয়াকৈ তেওঁ জি বাংলা চেনেলত সম্পূৰ্ণা নামৰ এটা সৌন্দৰ্য্য আৰু জীৱনশৈলী সম্পৰ্কীয় অনুষ্ঠানৰ আয়োজক হিচাপে কাম কৰিছে। তনুশ্ৰী চক্ৰৱৰ্তীয়ে ২০২১ চনত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে,[4][5] আৰু ২০২১ চনৰ পশ্চিম বংগ বিধানসভাৰ নিৰ্বাচনত শ্যামপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে যদিও পৰাজিত হয়।[6] কলকাতাত তেওঁৰ দুখন ৰেষ্টুৰেণ্ট আছে।[7]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৮৪ চনৰ ৬ আগষ্টত হায়দৰাবাদৰ বঙালী পৰিয়াল এটিত জন্মগ্ৰহণ কৰা চক্ৰৱৰ্তী কলকাতাৰ কমলা গাৰ্লছ হাইস্কুলৰ ছাত্ৰী আছিল। পিছলৈ তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বাসন্তী দেৱী মহাবিদ্যালয়ত ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰে।[8]

কৰ্মজীৱন

[সম্পাদনা কৰক]

স্কুলীয়া শিক্ষা সাং কৰি চক্ৰৱৰ্তীয়ে মডেল হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। সেই সময়ত মডেলিং কিহৰ দ্বাৰা গঠিত সেই বিষয়েও তেওঁৰ সম্পূৰ্ণ ধাৰণা নাছিল। স্বল্পসময়ৰ বাবে মডেল হিচাপে কাম কৰাৰ লগতে তেওঁ অনেক বিজ্ঞাপনতো অভিনয় কৰিছিল। যাৰ ভিতৰত এটি আছিল প্ৰাণ পাউডাৰ স্পাইচৰ বাংলাদেশী বিজ্ঞাপন যিটো দুয়োখন বংগতে অতি জনপ্ৰিয় আছিল। ২০১১ চনত, উড়ো চিঠি নামৰ ছবিখনত অভিনয়েৰে তেওঁ অভিনেত্ৰী ৰূপে নজৰলৈ আহে।[8] বেডৰুম (২০১২), অভিশপ্ত নাইটি (২০১৪), উইণ্ডো কানেকচনছ (২০১৪), বুনো হাঁস (২০১৪) আদি বঙালী চলচ্চিত্ৰসমূহত অভিনয়েৰে তেওঁ জনপ্ৰিয়তা লাভ কৰে।

চলচ্চিত্ৰপুঞ্জী

[সম্পাদনা কৰক]
বৰ্ষচলচ্চিত্ৰপৰিচালকসহশিল্পী
২০২৩ মায়া ৰাজৰ্ষি দে ৰাফিয়াথ ৰশিদ মিথিলা, ৰিচা শৰ্মা, গৌৰৱ চক্ৰবৰ্তী, ৰাহুল বন্দ্যোপাধ্যায়
২০১৫ক্ৰছ কানেকচন ২অভিজিত গুহ, সুদেষ্ণা ৰায়শায়ান মুন্সি
২০১৫ইচ্ছেমতিৰ গপ্পঅতনু হাজৰাশাশ্বত চট্টোপাধ্যায়
২০১৪খাদকৌশিক গঙ্গোপাধ্যায়মিমি চক্ৰৱৰ্তী
২০১৪বুনো হাঁসঅনিন্দ্য ৰায় চৌধুৰীদেব, শ্ৰাবন্তী
২০১৪উইণ্ডো কানেকচনছ আৰ.কে. গুপ্তআৰিয়ান ভৌমিক
২০১৪অভিশপ্ত নাইটিবিৰছা দাশগুপ্তৰাহুল বন্দ্যোপাধ্যায়, ভাস্বৰ চট্টোপাধ্যায়, পৰমব্ৰত চট্টোপাধ্যায়, লকেট চট্টোপাধ্যায়
২০১৩বসন্ত উৎসবঋতুব্ৰত ভট্টাচাৰ্যপৰমব্ৰত চট্টোপাধ্যায়, পীযূষ গঙ্গোপাধ্যায়, পাওলি দাম, স্বস্তিকা মুখোপাধ্যায়
২০১২ছোয়ান
২০১২কয়েকটি মেয়েৰ গল্পসন্দীপন ৰায়পাৰ্ণো মিত্ৰ, ৰাইমা সেন
২০১২ভালবাসা অফ ৰুটঅৰুনবা খাসনবীসৰাহুল বন্দ্যোপাধ্যায়, ৰুদ্ৰনীল ঘোষ, শাশ্বত চট্টোপাধ্যায়
২০১২বেডৰুমমৈনাক ভৌমিকইন্দ্ৰনীল ঘোষ, আবীৰ চট্টোপাধ্যায়, পাওলী দাম
২০১১উড়ো চিঠিকমলেশ্বৰ মুখোপাধ্যায়ইন্দ্ৰনীল সেনগুপ্ত, শ্ৰীলেখা মিত্ৰ
২০১০বন্ধু এসো তুমিপাৰ্থসৰ্থী জয়াৰধৰসুজয় ঘোষ

ৰিয়েলিটি শ্ব'

[সম্পাদনা কৰক]
  • দিদি নং ১ (২০১০) জি বাংলা
  • এবাৰ জলছা ৰান্নাঘৰে (২০১৫) ষ্টাৰ জলছা

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 2013 Times of India article—A fragrant autumn for Tanusree Chakraborty
  2. 2014 Times of India article—Men are moderately mad about me: Tanusree Chakraborty
  3. 2014 Times of India article—I was inspired by Shah Rukh Khan in Happy New Year: Tanusree Chakraborty
  4. "Bengali actor Tanusree Chakraborty joins BJP". https://www.indiatoday.in/elections/west-bengal-assembly-polls-2021/story/bengali-actor-tanushree-chakraborty-joins-bjp-1777089-2021-03-09.
  5. "TMC candidate Madan Mitra celebrates Holi with BJP nominees on Hooghly river". 28 March 2021. https://www.newindianexpress.com/nation/2021/mar/28/tmc-candidate-madan-mitra-celebrates-holi-with-bjp-nominees-on-hooghly-river-2282775.html.
  6. . 5 April 2021. https://www.news18.com/news/politics/west-bengal-elections-2021-bjp-candidate-tanushree-chakraborty-campaigns-in-shyampur-seat-3609437.html.
  7. . https://www.telegraphindia.com/west-bengal/hungry-souls-draw-a-swiggy-blank/cid/1503533.
  8. 1 2 Sanyal, Supratim (12 August 2011). "Interview: Actress Tanusree Chakraborty On Bengali Films Uro Chithi, Bhalobasha Off Route E, Bedroom & her Tollywood Experience". WBRi. Archived from the original on 14 June 2012. https://web.archive.org/web/20120614114316/http://www.washingtonbanglaradio.com/content/83108311-interview-actress-tanusree-chakraborty-bengali-films-uro-chithi-bhalobasha-route-e- আহৰণ কৰা হৈছে: 28 October 2021. উদ্ধৃতি ত্ৰুটি: Invalid <ref> tag; name "WBRi Supratim 20110812" defined multiple times with different content.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]