সমললৈ যাওক

তনুশ্ৰী শংকৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তনুশ্ৰী শংকৰ

ইনভেষ্টিউৰ চেৰেমনিৰ সময়ত ৰাষ্ট্ৰপতি ভৱনত তনুশ্ৰী শংকৰ
জন্ম ১৬ মাৰ্চ, ১৯৫৬ (৬৯ বছৰ)
পেচা নৃত্যশিল্পী আৰু কৰিঅ’গ্ৰাফাৰ


তনুশ্ৰী শংকৰ (ইংৰাজী: Tanusree Shankar ; জন্ম: ১৬ মাৰ্চ ১৯৫৬) এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু কৰিঅ’গ্ৰাফাৰ। তেওঁৰ ঘৰ ভাৰতৰ কলকাতাত ঘৰ। ১৯৭০ আৰু ১৯৮০ দশকত আনন্দ শংকৰ চেণ্টাৰ ফৰ পাৰফৰ্মিং আৰ্টছৰ এগৰাকী আগশাৰীৰ নৃত্যশিল্পী আছিল। ইয়াৰ উপৰিও তেওঁ দ্য নেমছেক আদি বিভিন্ন ছবিত অভিনয় কৰিছিল।[1]

তনুশ্ৰী শংকৰে এতিয়া তনুশ্ৰী শংকৰ নৃত্য কোম্পানীৰ নেতৃত্ব দিয়ে। পৰম্পৰাগত ভাৰতীয় নৃত্যক আধুনিক পশ্চিমীয়া বেলে অভিব্যক্তিৰ সৈতে সংপৃক্ত কৰি তেওঁ আধুনিক ৰূপ এটা বিকশিত কৰিছে। ভাৰতৰ লোক আৰু আঞ্চলিক নৃত্যৰ পৰাও তেওঁ অনুপ্ৰাণিত হৈছে। "থাং-তা"ৰ (মণিপুৰী তৰোৱাল নৃত্য) দৰে চহকী স্থানীয় ভাৰতীয় পৰম্পৰাৰ পৰা তেওঁ বহুলভাৱে সমল আহৰণ কৰিছে।[2]

তেওঁৰ দলটোৰ সৈতে তেওঁ বিশ্বৰ বিভিন্ন ঠাইলৈ সঘনাই ভ্ৰমণ কৰে। তেওঁৰ শেহতীয়া উল্লেখযোগ্য প্ৰযোজনাৰ ভিতৰত উত্তৰণ আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ সংগীতৰ আধাৰত নিৰ্মিত চিৰন্তন অন্যতম।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

তনুশ্ৰী শংকৰৰ জন্ম হৈছিল কলিকতাত, তেওঁৰ পিতৃ ভাৰতীয় সেনাবাহিনীৰ চিকিৎসক আছিল।[3] তেওঁৰ স্বামী প্ৰয়াত আনন্দ শংকৰ আছিল এজন সংগীত সুৰকাৰ, যিয়ে ফিউজন সংগীতৰ পৰীক্ষা-নিৰীক্ষা কৰিছিল। নৃত্যশিল্পী পণ্ডিত উদয় শংকৰ আৰু অমলা শংকৰৰ পুত্ৰ আৰু চেতাৰ বাদক ৰবি শংকৰৰ ভতিজী। তেওঁৰ শ্ৰীনন্দা শংকৰ নামেৰে এগৰাকী কন্যা আছে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]