তন্বী আজমী
তন্বী আজমী | |
---|---|
![]() ২০১১ চনত আজমী | |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ১৯৮৫- বৰ্তমান |
দাম্পত্যসঙ্গী | বাবা আজমী |
তন্বী আজমী (ইংৰাজী: Baljinder Kaur) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী।[1] “অকেলে হম অকেলে তুম” (১৯৯৫), “বাজীৰাও মস্তানী” (২০১৫), “থাপ্পড়” (২০২০) আৰু “ত্ৰিভংগা” (২০২১) ছবিৰ বাবে তেওঁ পৰিচিত। “বাজীৰাও মস্তানী”ত অভিনয় কৰি তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৬৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (২০১৬) লাভ কৰিবলৈ সক্ষম হয়।[2]
কৰ্মজীৱন
[সম্পাদনা কৰক]মাৰাঠী-হিন্দী অভিনেত্ৰী উষা কিৰণ আৰু মনোহৰ খেৰৰ সন্তান ৰূপে তেওঁ জন্মগ্ৰহণ কৰিছিল।[3]
আজমীয়ে টেলি-ছিৰিজ জীৱনৰেখাত এগৰাকী অশান্ত চিকিৎসক আৰু বিজয়া মেহতাৰ পৰিচালনাত নিৰ্মিত টেলিফিল্ম ৰাও চাহেব (১৯৮৬)ত এগৰাকী যুৱতী বিধৱাৰ চৰিত্ৰত অভিনয় কৰিছিল।[4] অদুৰ গোপালকৃষ্ণনৰ পৰিচালনাত নিৰ্মিত মালয়ালম ভাষাৰ চলচ্চিত্ৰ “বিধেয়ন“তো (১৯৯৩) তেওঁ অভিনয় কৰিছিল।[5]
“প্যাৰী বেহনা“ (১৯৮৫) ছবিত অভিনয় কৰি শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ বাবে প্ৰথম মনোনয়ন লাভ কৰে।
আমিৰ খান আৰু মনীষা কৈৰালা অভিনীত ৰোমান্টিক নাট্যধৰ্মী ছবি “অকেলে হম অকেলে তুম“ত (১৯৯৫) তেওঁৰ সহযোগী চৰিত্ৰটোৱে সমালোচকৰ প্ৰশংসা লাভ কৰে আৰু শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ বাবে দ্বিতীয়বাৰৰ বাবে মনোনয়ন লাভ কৰে।[6]
কাজল আৰু সঞ্জয় দত্ত অভিনীত চাইক’লজীকেল থ্ৰিলাৰ “দুস্মন“ত (১৯৯৮) তেওঁৰ মনোবিজ্ঞানী ড° পুৰ্ণিমা ছেহগালৰ চৰিত্ৰত অভিনয় কৰি শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ বাবে তৃতীয় মনোনয়ন লাভ কৰে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Tanvi Azmi: I'm blessed to be liberated - Times of India". 7 August 2014. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Tanvi-Azmi-Im-blessed-to-be-liberated/articleshow/39825912.cms.
- ↑ Hungama, Bollywood (9 May 2016). "Tanvi Azmi brings in a record-shattering 18th National Award into the Azmi-Akhtar Family : Bollywood News - Bollywood Hungama" (en ভাষাত). Bollywood Hungama. https://www.bollywoodhungama.com/news/bollywood/tanvi-azmi-brings-in-a-record-shattering-18th-national-award-into-the-azmi-akhtar-family/। আহৰণ কৰা হৈছে: 21 June 2023.
- ↑ "Festive rise - Raghuvir Yadav and Tanvi Azmi: New-comers on the firmament of Indian stars". India Today. 15 February 1987. http://indiatoday.intoday.in/story/raghuvir-yadav-and-tanvi-azmi-new-comers-on-the-firmament-of-indian-stars/1/336693.html। আহৰণ কৰা হৈছে: 24 January 2014.
- ↑ "Vidheyan". Press Information Bureau. http://pib.nic.in/prs/iffi2007/birth.pdf। আহৰণ কৰা হৈছে: 24 January 2014..
- ↑ "Tanvi Azmi goes bald for Bajirao Mastani". The Indian Express. http://indianexpress.com/article/entertainment/screen/tanvi-azmi-goes-bald-for-bajirao-mastani/.
- ↑ "Vani Rani-a tale of estranged twins". The Times of India. 7 August 2017. https://timesofindia.indiatimes.com/tv/news/hindi/vani-rani-a-tale-of-estranged-twins/articleshow/59941553.cms.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]![]() |
ৱিকিমিডিয়া কমন্সত তন্বী আজমী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- তন্বী আজমী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।